വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
184 : 26

وَاتَّقُوا الَّذِیْ خَلَقَكُمْ وَالْجِبِلَّةَ الْاَوَّلِیْنَ ۟ؕ

‘আৰু সেই সত্ত্বাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’। info
التفاسير:

external-link copy
185 : 26

قَالُوْۤا اِنَّمَاۤ اَنْتَ مِنَ الْمُسَحَّرِیْنَ ۟ۙ

সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তসকলৰ অন্যতম। info
التفاسير:

external-link copy
186 : 26

وَمَاۤ اَنْتَ اِلَّا بَشَرٌ مِّثْلُنَا وَاِنْ نَّظُنُّكَ لَمِنَ الْكٰذِبِیْنَ ۟ۚ

‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাবোঁ। info
التفاسير:

external-link copy
187 : 26

فَاَسْقِطْ عَلَیْنَا كِسَفًا مِّنَ السَّمَآءِ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟ؕ

‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়াচোন’। info
التفاسير:

external-link copy
188 : 26

قَالَ رَبِّیْۤ اَعْلَمُ بِمَا تَعْمَلُوْنَ ۟

তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’। info
التفاسير:

external-link copy
189 : 26

فَكَذَّبُوْهُ فَاَخَذَهُمْ عَذَابُ یَوْمِ الظُّلَّةِ ؕ— اِنَّهٗ كَانَ عَذَابَ یَوْمٍ عَظِیْمٍ ۟

এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি। info
التفاسير:

external-link copy
190 : 26

اِنَّ فِیْ ذٰلِكَ لَاٰیَةً ؕ— وَمَا كَانَ اَكْثَرُهُمْ مُّؤْمِنِیْنَ ۟

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। info
التفاسير:

external-link copy
191 : 26

وَاِنَّ رَبَّكَ لَهُوَ الْعَزِیْزُ الرَّحِیْمُ ۟۠

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। info
التفاسير:

external-link copy
192 : 26

وَاِنَّهٗ لَتَنْزِیْلُ رَبِّ الْعٰلَمِیْنَ ۟ؕ

নিশ্চয় এইখন (কোৰআন) বিশ্বজগতৰ প্ৰতিপালক (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ। info
التفاسير:

external-link copy
193 : 26

نَزَلَ بِهِ الرُّوْحُ الْاَمِیْنُ ۟ۙ

বিশ্বস্ত ৰূহে (জীব্ৰীলে) এইখন লৈ অৱতৰণ কৰিছে। info
التفاسير:

external-link copy
194 : 26

عَلٰی قَلْبِكَ لِتَكُوْنَ مِنَ الْمُنْذِرِیْنَ ۟ۙ

তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা। info
التفاسير:

external-link copy
195 : 26

بِلِسَانٍ عَرَبِیٍّ مُّبِیْنٍ ۟ؕ

সুস্পষ্ট আৰবী ভাষাত (অৱতীৰ্ণ কৰা হৈছে)। info
التفاسير:

external-link copy
196 : 26

وَاِنَّهٗ لَفِیْ زُبُرِ الْاَوَّلِیْنَ ۟

আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহতো ইয়াৰ বিষয়ে উল্লেখ আছে। info
التفاسير:

external-link copy
197 : 26

اَوَلَمْ یَكُنْ لَّهُمْ اٰیَةً اَنْ یَّعْلَمَهٗ عُلَمٰٓؤُا بَنِیْۤ اِسْرَآءِیْلَ ۟ؕ

এইখন সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলেও এই বিষয়ে জানে? info
التفاسير:

external-link copy
198 : 26

وَلَوْ نَزَّلْنٰهُ عَلٰی بَعْضِ الْاَعْجَمِیْنَ ۟ۙ

আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোঁহেঁতেন; info
التفاسير:

external-link copy
199 : 26

فَقَرَاَهٗ عَلَیْهِمْ مَّا كَانُوْا بِهٖ مُؤْمِنِیْنَ ۟ؕ

আৰু সেইখনক তেওঁ সিহঁতৰ সন্মুখত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন। info
التفاسير:

external-link copy
200 : 26

كَذٰلِكَ سَلَكْنٰهُ فِیْ قُلُوْبِ الْمُجْرِمِیْنَ ۟ؕ

এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছোঁ। info
التفاسير:

external-link copy
201 : 26

لَا یُؤْمِنُوْنَ بِهٖ حَتّٰی یَرَوُا الْعَذَابَ الْاَلِیْمَ ۟ۙ

সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব। info
التفاسير:

external-link copy
202 : 26

فَیَاْتِیَهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟ۙ

এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব। info
التفاسير:

external-link copy
203 : 26

فَیَقُوْلُوْا هَلْ نَحْنُ مُنْظَرُوْنَ ۟ؕ

তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’? info
التفاسير:

external-link copy
204 : 26

اَفَبِعَذَابِنَا یَسْتَعْجِلُوْنَ ۟

তথাপিও সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি? info
التفاسير:

external-link copy
205 : 26

اَفَرَءَیْتَ اِنْ مَّتَّعْنٰهُمْ سِنِیْنَ ۟ۙ

তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ, info
التفاسير:

external-link copy
206 : 26

ثُمَّ جَآءَهُمْ مَّا كَانُوْا یُوْعَدُوْنَ ۟ۙ

তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল, সেই শাস্তিটো সিহঁতৰ ওচৰলৈ আহি পৰে, info
التفاسير: