വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
207 : 26

مَاۤ اَغْنٰی عَنْهُمْ مَّا كَانُوْا یُمَتَّعُوْنَ ۟ؕ

সিহঁতক যিবোৰ ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল, সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে? info
التفاسير:

external-link copy
208 : 26

وَمَاۤ اَهْلَكْنَا مِنْ قَرْیَةٍ اِلَّا لَهَا مُنْذِرُوْنَ ۟

আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই, যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল, info
التفاسير:

external-link copy
209 : 26

ذِكْرٰی ۛ۫— وَمَا كُنَّا ظٰلِمِیْنَ ۟

(সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়। info
التفاسير:

external-link copy
210 : 26

وَمَا تَنَزَّلَتْ بِهِ الشَّیٰطِیْنُ ۟ۚ

আৰু চয়তানবিলাকে এইখন লৈ অৱতৰণ কৰা নাই। info
التفاسير:

external-link copy
211 : 26

وَمَا یَنْۢبَغِیْ لَهُمْ وَمَا یَسْتَطِیْعُوْنَ ۟ؕ

আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে এই কামৰ সামৰ্থও সিহঁতৰ নাই। info
التفاسير:

external-link copy
212 : 26

اِنَّهُمْ عَنِ السَّمْعِ لَمَعْزُوْلُوْنَ ۟ؕ

নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে। info
التفاسير:

external-link copy
213 : 26

فَلَا تَدْعُ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتَكُوْنَ مِنَ الْمُعَذَّبِیْنَ ۟ۚ

এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা। info
التفاسير:

external-link copy
214 : 26

وَاَنْذِرْ عَشِیْرَتَكَ الْاَقْرَبِیْنَ ۟ۙ

আৰু তুমি তোমাৰ নিকটাত্মীয়সকলক সতৰ্ক কৰা। info
التفاسير:

external-link copy
215 : 26

وَاخْفِضْ جَنَاحَكَ لِمَنِ اتَّبَعَكَ مِنَ الْمُؤْمِنِیْنَ ۟ۚ

আৰু মুমিনসকলৰ মাজৰ যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা। info
التفاسير:

external-link copy
216 : 26

فَاِنْ عَصَوْكَ فَقُلْ اِنِّیْ بَرِیْٓءٌ مِّمَّا تَعْمَلُوْنَ ۟ۚ

এতেকে তেওঁলোকে যদি তোমাৰ অবাধ্যতা কৰে, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় তাৰ বাবে মই দায়ী নহয়’। info
التفاسير:

external-link copy
217 : 26

وَتَوَكَّلْ عَلَی الْعَزِیْزِ الرَّحِیْمِ ۟ۙ

আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত, info
التفاسير:

external-link copy
218 : 26

الَّذِیْ یَرٰىكَ حِیْنَ تَقُوْمُ ۟ۙ

যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা, info
التفاسير:

external-link copy
219 : 26

وَتَقَلُّبَكَ فِی السّٰجِدِیْنَ ۟

আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)। info
التفاسير:

external-link copy
220 : 26

اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟

নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। info
التفاسير:

external-link copy
221 : 26

هَلْ اُنَبِّئُكُمْ عَلٰی مَنْ تَنَزَّلُ الشَّیٰطِیْنُ ۟ؕ

মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়? info
التفاسير:

external-link copy
222 : 26

تَنَزَّلُ عَلٰی كُلِّ اَفَّاكٍ اَثِیْمٍ ۟ۙ

সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত। info
التفاسير:

external-link copy
223 : 26

یُّلْقُوْنَ السَّمْعَ وَاَكْثَرُهُمْ كٰذِبُوْنَ ۟ؕ

সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই হৈছে মিছলীয়া। info
التفاسير:

external-link copy
224 : 26

وَالشُّعَرَآءُ یَتَّبِعُهُمُ الْغَاوٗنَ ۟ؕ

আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে। info
التفاسير:

external-link copy
225 : 26

اَلَمْ تَرَ اَنَّهُمْ فِیْ كُلِّ وَادٍ یَّهِیْمُوْنَ ۟ۙ

তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে? info
التفاسير:

external-link copy
226 : 26

وَاَنَّهُمْ یَقُوْلُوْنَ مَا لَا یَفْعَلُوْنَ ۟ۙ

আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে। info
التفاسير:

external-link copy
227 : 26

اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَذَكَرُوا اللّٰهَ كَثِیْرًا وَّانْتَصَرُوْا مِنْ بَعْدِ مَا ظُلِمُوْا ؕ— وَسَیَعْلَمُ الَّذِیْنَ ظَلَمُوْۤا اَیَّ مُنْقَلَبٍ یَّنْقَلِبُوْنَ ۟۠

কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। যালিমসকলে শীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব। info
التفاسير: