വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
20 : 26

قَالَ فَعَلْتُهَاۤ اِذًا وَّاَنَا مِنَ الضَّآلِّیْنَ ۟ؕ

মুছাই ক’লে, ‘সেইটো মই তেতিয়াহে কৰিছিলোঁ, যেতিয়া মই পথ ভ্ৰান্ত আছিলোঁ’। info
التفاسير:

external-link copy
21 : 26

فَفَرَرْتُ مِنْكُمْ لَمَّا خِفْتُكُمْ فَوَهَبَ لِیْ رَبِّیْ حُكْمًا وَّجَعَلَنِیْ مِنَ الْمُرْسَلِیْنَ ۟

‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে। info
التفاسير:

external-link copy
22 : 26

وَتِلْكَ نِعْمَةٌ تَمُنُّهَا عَلَیَّ اَنْ عَبَّدْتَّ بَنِیْۤ اِسْرَآءِیْلَ ۟ؕ

‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’। info
التفاسير:

external-link copy
23 : 26

قَالَ فِرْعَوْنُ وَمَا رَبُّ الْعٰلَمِیْنَ ۟

ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ প্ৰতিপালক আকৌ কি’? info
التفاسير:

external-link copy
24 : 26

قَالَ رَبُّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ؕ— اِنْ كُنْتُمْ مُّوْقِنِیْنَ ۟

মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’। info
التفاسير:

external-link copy
25 : 26

قَالَ لِمَنْ حَوْلَهٗۤ اَلَا تَسْتَمِعُوْنَ ۟

ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’? info
التفاسير:

external-link copy
26 : 26

قَالَ رَبُّكُمْ وَرَبُّ اٰبَآىِٕكُمُ الْاَوَّلِیْنَ ۟

মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো প্ৰতিপালক’। info
التفاسير:

external-link copy
27 : 26

قَالَ اِنَّ رَسُوْلَكُمُ الَّذِیْۤ اُرْسِلَ اِلَیْكُمْ لَمَجْنُوْنٌ ۟

ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’। info
التفاسير:

external-link copy
28 : 26

قَالَ رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ وَمَا بَیْنَهُمَا ؕ— اِنْ كُنْتُمْ تَعْقِلُوْنَ ۟

মুছাই ক’লে, ‘তেৱেঁই পূৱ আৰু পশ্চিমৰ, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে বুজি পোৱা’। info
التفاسير:

external-link copy
29 : 26

قَالَ لَىِٕنِ اتَّخَذْتَ اِلٰهًا غَیْرِیْ لَاَجْعَلَنَّكَ مِنَ الْمَسْجُوْنِیْنَ ۟

ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক নিশ্চয় কাৰাৰুদ্ধ কৰিম’। info
التفاسير:

external-link copy
30 : 26

قَالَ اَوَلَوْ جِئْتُكَ بِشَیْءٍ مُّبِیْنٍ ۟ۚ

মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰলৈ স্পষ্ট কোনো (নিদৰ্শন) লৈ আহোঁ, তথাপিও (তুমি মোক কাৰৰুদ্ধ কৰিবানে)’? info
التفاسير:

external-link copy
31 : 26

قَالَ فَاْتِ بِهٖۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟

ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’। info
التفاسير:

external-link copy
32 : 26

فَاَلْقٰی عَصَاهُ فَاِذَا هِیَ ثُعْبَانٌ مُّبِیْنٌ ۟ۚۖ

তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল। info
التفاسير:

external-link copy
33 : 26

وَّنَزَعَ یَدَهٗ فَاِذَا هِیَ بَیْضَآءُ لِلنّٰظِرِیْنَ ۟۠

আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল। info
التفاسير:

external-link copy
34 : 26

قَالَ لِلْمَلَاِ حَوْلَهٗۤ اِنَّ هٰذَا لَسٰحِرٌ عَلِیْمٌ ۟ۙ

ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’। info
التفاسير:

external-link copy
35 : 26

یُّرِیْدُ اَنْ یُّخْرِجَكُمْ مِّنْ اَرْضِكُمْ بِسِحْرِهٖ ۖۗ— فَمَاذَا تَاْمُرُوْنَ ۟

‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কাৰ কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’? info
التفاسير:

external-link copy
36 : 26

قَالُوْۤا اَرْجِهْ وَاَخَاهُ وَابْعَثْ فِی الْمَدَآىِٕنِ حٰشِرِیْنَ ۟ۙ

সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক, info
التفاسير:

external-link copy
37 : 26

یَاْتُوْكَ بِكُلِّ سَحَّارٍ عَلِیْمٍ ۟

‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’। info
التفاسير:

external-link copy
38 : 26

فَجُمِعَ السَّحَرَةُ لِمِیْقَاتِ یَوْمٍ مَّعْلُوْمٍ ۟ۙ

তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল, info
التفاسير:

external-link copy
39 : 26

وَّقِیْلَ لِلنَّاسِ هَلْ اَنْتُمْ مُّجْتَمِعُوْنَ ۟ۙ

আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’? info
التفاسير: