വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
61 : 26

فَلَمَّا تَرَآءَ الْجَمْعٰنِ قَالَ اَصْحٰبُ مُوْسٰۤی اِنَّا لَمُدْرَكُوْنَ ۟ۚ

এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’ info
التفاسير:

external-link copy
62 : 26

قَالَ كَلَّا ۚ— اِنَّ مَعِیَ رَبِّیْ سَیَهْدِیْنِ ۟

মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’। info
التفاسير:

external-link copy
63 : 26

فَاَوْحَیْنَاۤ اِلٰی مُوْسٰۤی اَنِ اضْرِبْ بِّعَصَاكَ الْبَحْرَ ؕ— فَانْفَلَقَ فَكَانَ كُلُّ فِرْقٍ كَالطَّوْدِ الْعَظِیْمِ ۟ۚ

তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল; info
التفاسير:

external-link copy
64 : 26

وَاَزْلَفْنَا ثَمَّ الْاٰخَرِیْنَ ۟ۚ

আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ, info
التفاسير:

external-link copy
65 : 26

وَاَنْجَیْنَا مُوْسٰی وَمَنْ مَّعَهٗۤ اَجْمَعِیْنَ ۟ۚ

আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকলক, info
التفاسير:

external-link copy
66 : 26

ثُمَّ اَغْرَقْنَا الْاٰخَرِیْنَ ۟ؕ

তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক। info
التفاسير:

external-link copy
67 : 26

اِنَّ فِیْ ذٰلِكَ لَاٰیَةً ؕ— وَمَا كَانَ اَكْثَرُهُمْ مُّؤْمِنِیْنَ ۟

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। info
التفاسير:

external-link copy
68 : 26

وَاِنَّ رَبَّكَ لَهُوَ الْعَزِیْزُ الرَّحِیْمُ ۟۠

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। info
التفاسير:

external-link copy
69 : 26

وَاتْلُ عَلَیْهِمْ نَبَاَ اِبْرٰهِیْمَ ۟ۘ

আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা। info
التفاسير:

external-link copy
70 : 26

اِذْ قَالَ لِاَبِیْهِ وَقَوْمِهٖ مَا تَعْبُدُوْنَ ۟

যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’? info
التفاسير:

external-link copy
71 : 26

قَالُوْا نَعْبُدُ اَصْنَامًا فَنَظَلُّ لَهَا عٰكِفِیْنَ ۟

সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’। info
التفاسير:

external-link copy
72 : 26

قَالَ هَلْ یَسْمَعُوْنَكُمْ اِذْ تَدْعُوْنَ ۟ۙ

তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে শুনা পায়নে? info
التفاسير:

external-link copy
73 : 26

اَوْ یَنْفَعُوْنَكُمْ اَوْ یَضُرُّوْنَ ۟

‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা অপকাৰ কৰিব পাৰেনে’? info
التفاسير:

external-link copy
74 : 26

قَالُوْا بَلْ وَجَدْنَاۤ اٰبَآءَنَا كَذٰلِكَ یَفْعَلُوْنَ ۟

সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’। info
التفاسير:

external-link copy
75 : 26

قَالَ اَفَرَءَیْتُمْ مَّا كُنْتُمْ تَعْبُدُوْنَ ۟ۙ

ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰি আছা, info
التفاسير:

external-link copy
76 : 26

اَنْتُمْ وَاٰبَآؤُكُمُ الْاَقْدَمُوْنَ ۟ؗ

‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল! info
التفاسير:

external-link copy
77 : 26

فَاِنَّهُمْ عَدُوٌّ لِّیْۤ اِلَّا رَبَّ الْعٰلَمِیْنَ ۟ۙ

‘সিহঁত আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে। info
التفاسير:

external-link copy
78 : 26

الَّذِیْ خَلَقَنِیْ فَهُوَ یَهْدِیْنِ ۟ۙ

‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে। info
التفاسير:

external-link copy
79 : 26

وَالَّذِیْ هُوَ یُطْعِمُنِیْ وَیَسْقِیْنِ ۟ۙ

‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়। info
التفاسير:

external-link copy
80 : 26

وَاِذَا مَرِضْتُ فَهُوَ یَشْفِیْنِ ۟

‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে। info
التفاسير:

external-link copy
81 : 26

وَالَّذِیْ یُمِیْتُنِیْ ثُمَّ یُحْیِیْنِ ۟ۙ

‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব। info
التفاسير:

external-link copy
82 : 26

وَالَّذِیْۤ اَطْمَعُ اَنْ یَّغْفِرَ لِیْ خَطِیْٓـَٔتِیْ یَوْمَ الدِّیْنِ ۟ؕ

‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব। info
التفاسير:

external-link copy
83 : 26

رَبِّ هَبْ لِیْ حُكْمًا وَّاَلْحِقْنِیْ بِالصّٰلِحِیْنَ ۟ۙ

‘হে মোৰ প্ৰতিপালক! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা। info
التفاسير: