የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን

আন-নাবা'

external-link copy
1 : 78

عَمَّ یَتَسَآءَلُوْنَ ۟ۚ

সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে? info
التفاسير:

external-link copy
2 : 78

عَنِ النَّبَاِ الْعَظِیْمِ ۟ۙ

মহা সংবাদটোৰ বিষয়ে (নেকি?), info
التفاسير:

external-link copy
3 : 78

الَّذِیْ هُمْ فِیْهِ مُخْتَلِفُوْنَ ۟ؕ

যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে। info
التفاسير:

external-link copy
4 : 78

كَلَّا سَیَعْلَمُوْنَ ۟ۙ

কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব। info
التفاسير:

external-link copy
5 : 78

ثُمَّ كَلَّا سَیَعْلَمُوْنَ ۟

তাৰ পিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব। info
التفاسير:

external-link copy
6 : 78

اَلَمْ نَجْعَلِ الْاَرْضَ مِهٰدًا ۟ۙ

আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে? info
التفاسير:

external-link copy
7 : 78

وَّالْجِبَالَ اَوْتَادًا ۟ۙ

আৰু পৰ্বতসমূহক পেৰেক? info
التفاسير:

external-link copy
8 : 78

وَّخَلَقْنٰكُمْ اَزْوَاجًا ۟ۙ

আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা। info
التفاسير:

external-link copy
9 : 78

وَّجَعَلْنَا نَوْمَكُمْ سُبَاتًا ۟ۙ

আৰু তোমালোকৰ টোপনিক কৰি দিছোঁ বিশ্ৰাম। info
التفاسير:

external-link copy
10 : 78

وَّجَعَلْنَا الَّیْلَ لِبَاسًا ۟ۙ

আৰু ৰাতিক কৰি দিছোঁ আৱৰণ। info
التفاسير:

external-link copy
11 : 78

وَّجَعَلْنَا النَّهَارَ مَعَاشًا ۟ۚ

আৰু দিনক কৰি দিছোঁ জীৱিকা উপাৰ্জনৰ উপযোগী। info
التفاسير:

external-link copy
12 : 78

وَبَنَیْنَا فَوْقَكُمْ سَبْعًا شِدَادًا ۟ۙ

আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছোঁ সুদৃঢ় সাতখন আকাশ। info
التفاسير:

external-link copy
13 : 78

وَّجَعَلْنَا سِرَاجًا وَّهَّاجًا ۟ۙ

আৰু আমি সৃষ্টি কৰিছোঁ এটি উজ্জল প্ৰদীপ। info
التفاسير:

external-link copy
14 : 78

وَّاَنْزَلْنَا مِنَ الْمُعْصِرٰتِ مَآءً ثَجَّاجًا ۟ۙ

আৰু আমি বৰ্ষণ কৰিছোঁ মেঘমালাৰ পৰা প্ৰচুৰ পানী। info
التفاسير:

external-link copy
15 : 78

لِّنُخْرِجَ بِهٖ حَبًّا وَّنَبَاتًا ۟ۙ

যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰোঁ শস্য আৰু উদ্ভিদ। info
التفاسير:

external-link copy
16 : 78

وَّجَنّٰتٍ اَلْفَافًا ۟ؕ

লগতে ঘন সন্নিবিষ্ট উদ্যান। info
التفاسير:

external-link copy
17 : 78

اِنَّ یَوْمَ الْفَصْلِ كَانَ مِیْقَاتًا ۟ۙ

নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন। info
التفاسير:

external-link copy
18 : 78

یَّوْمَ یُنْفَخُ فِی الصُّوْرِ فَتَاْتُوْنَ اَفْوَاجًا ۟ۙ

সেইদিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা। info
التفاسير:

external-link copy
19 : 78

وَّفُتِحَتِ السَّمَآءُ فَكَانَتْ اَبْوَابًا ۟ۙ

আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট। info
التفاسير:

external-link copy
20 : 78

وَّسُیِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا ۟ؕ

আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে। info
التفاسير:

external-link copy
21 : 78

اِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا ۟ۙ

নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে। info
التفاسير:

external-link copy
22 : 78

لِّلطَّاغِیْنَ مَاٰبًا ۟ۙ

সীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল হিচাপে। info
التفاسير:

external-link copy
23 : 78

لّٰبِثِیْنَ فِیْهَاۤ اَحْقَابًا ۟ۚ

তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব। info
التفاسير:

external-link copy
24 : 78

لَا یَذُوْقُوْنَ فِیْهَا بَرْدًا وَّلَا شَرَابًا ۟ۙ

তাত সিহঁতে শীতল (বস্তুৰ) সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব, লগতে উপযুক্ত পানীও নাপাব। info
التفاسير:

external-link copy
25 : 78

اِلَّا حَمِیْمًا وَّغَسَّاقًا ۟ۙ

উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে। info
التفاسير:

external-link copy
26 : 78

جَزَآءً وِّفَاقًا ۟ؕ

এইটোৱেই (সিহঁতৰ) উপযুক্ত প্ৰতিফল। info
التفاسير:

external-link copy
27 : 78

اِنَّهُمْ كَانُوْا لَا یَرْجُوْنَ حِسَابًا ۟ۙ

নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল। info
التفاسير:

external-link copy
28 : 78

وَّكَذَّبُوْا بِاٰیٰتِنَا كِذَّابًا ۟ؕ

আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল। info
التفاسير:

external-link copy
29 : 78

وَكُلَّ شَیْءٍ اَحْصَیْنٰهُ كِتٰبًا ۟ۙ

আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ। info
التفاسير:

external-link copy
30 : 78

فَذُوْقُوْا فَلَنْ نَّزِیْدَكُمْ اِلَّا عَذَابًا ۟۠

এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰোঁ। info
التفاسير:

external-link copy
31 : 78

اِنَّ لِلْمُتَّقِیْنَ مَفَازًا ۟ۙ

নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা। info
التفاسير:

external-link copy
32 : 78

حَدَآىِٕقَ وَاَعْنَابًا ۟ۙ

উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ। info
التفاسير:

external-link copy
33 : 78

وَّكَوَاعِبَ اَتْرَابًا ۟ۙ

আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী। info
التفاسير:

external-link copy
34 : 78

وَّكَاْسًا دِهَاقًا ۟ؕ

আৰু পৰিপূৰ্ণ পানপাত্ৰ। info
التفاسير:

external-link copy
35 : 78

لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا كِذّٰبًا ۟ۚۖ

তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব। info
التفاسير:

external-link copy
36 : 78

جَزَآءً مِّنْ رَّبِّكَ عَطَآءً حِسَابًا ۟ۙ

(এয়া হ’ব তেওঁলোকৰ বাবে) আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰস্কাৰ, যথোচিত দান। info
التفاسير:

external-link copy
37 : 78

رَّبِّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا الرَّحْمٰنِ لَا یَمْلِكُوْنَ مِنْهُ خِطَابًا ۟ۚ

যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব। info
التفاسير:

external-link copy
38 : 78

یَوْمَ یَقُوْمُ الرُّوْحُ وَالْمَلٰٓىِٕكَةُ صَفًّا ۙۗؕ— لَّا یَتَكَلَّمُوْنَ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَقَالَ صَوَابًا ۟

সেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক’ব নোৱাৰিব, আৰু তেওঁ সঠিক কথাহে ক’ব। info
التفاسير:

external-link copy
39 : 78

ذٰلِكَ الْیَوْمُ الْحَقُّ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ مَاٰبًا ۟

এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক। info
التفاسير:

external-link copy
40 : 78

اِنَّاۤ اَنْذَرْنٰكُمْ عَذَابًا قَرِیْبًا ۖۚ۬— یَّوْمَ یَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ یَدٰهُ وَیَقُوْلُ الْكٰفِرُ یٰلَیْتَنِیْ كُنْتُ تُرٰبًا ۟۠

নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ। যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটিত পৰিণত হ'লোঁহেঁতেন। info
التفاسير: