የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን

የገፅ ቁጥር:close

external-link copy
31 : 78

اِنَّ لِلْمُتَّقِیْنَ مَفَازًا ۟ۙ

নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা। info
التفاسير:

external-link copy
32 : 78

حَدَآىِٕقَ وَاَعْنَابًا ۟ۙ

উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ। info
التفاسير:

external-link copy
33 : 78

وَّكَوَاعِبَ اَتْرَابًا ۟ۙ

আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী। info
التفاسير:

external-link copy
34 : 78

وَّكَاْسًا دِهَاقًا ۟ؕ

আৰু পৰিপূৰ্ণ পানপাত্ৰ। info
التفاسير:

external-link copy
35 : 78

لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا كِذّٰبًا ۟ۚۖ

তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব। info
التفاسير:

external-link copy
36 : 78

جَزَآءً مِّنْ رَّبِّكَ عَطَآءً حِسَابًا ۟ۙ

(এয়া হ’ব তেওঁলোকৰ বাবে) আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰস্কাৰ, যথোচিত দান। info
التفاسير:

external-link copy
37 : 78

رَّبِّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا الرَّحْمٰنِ لَا یَمْلِكُوْنَ مِنْهُ خِطَابًا ۟ۚ

যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব। info
التفاسير:

external-link copy
38 : 78

یَوْمَ یَقُوْمُ الرُّوْحُ وَالْمَلٰٓىِٕكَةُ صَفًّا ۙۗؕ— لَّا یَتَكَلَّمُوْنَ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَقَالَ صَوَابًا ۟

সেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক’ব নোৱাৰিব, আৰু তেওঁ সঠিক কথাহে ক’ব। info
التفاسير:

external-link copy
39 : 78

ذٰلِكَ الْیَوْمُ الْحَقُّ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ مَاٰبًا ۟

এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক। info
التفاسير:

external-link copy
40 : 78

اِنَّاۤ اَنْذَرْنٰكُمْ عَذَابًا قَرِیْبًا ۖۚ۬— یَّوْمَ یَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ یَدٰهُ وَیَقُوْلُ الْكٰفِرُ یٰلَیْتَنِیْ كُنْتُ تُرٰبًا ۟۠

নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ। যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটিত পৰিণত হ'লোঁহেঁতেন। info
التفاسير: