Bản dịch ý nghĩa nội dung Qur'an - 阿萨姆语翻译 - 拉菲格·伊斯兰·哈比布·拉合曼

আল-মু'মিনূন

external-link copy
1 : 23

قَدْ اَفْلَحَ الْمُؤْمِنُوْنَ ۟ۙ

নিশ্চয় মুমিনসকল সফল হৈছে, info
التفاسير:

external-link copy
2 : 23

الَّذِیْنَ هُمْ فِیْ صَلَاتِهِمْ خٰشِعُوْنَ ۟ۙ

যিসকল নিজৰ চালাতৰ ক্ষেত্ৰত ভীতি-অৱনত, info
التفاسير:

external-link copy
3 : 23

وَالَّذِیْنَ هُمْ عَنِ اللَّغْوِ مُعْرِضُوْنَ ۟ۙ

আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ, info
التفاسير:

external-link copy
4 : 23

وَالَّذِیْنَ هُمْ لِلزَّكٰوةِ فٰعِلُوْنَ ۟ۙ

আৰু যিসকল যাকাতৰ ক্ষেত্ৰত সক্ৰিয়, info
التفاسير:

external-link copy
5 : 23

وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ۟ۙ

আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী, info
التفاسير:

external-link copy
6 : 23

اِلَّا عَلٰۤی اَزْوَاجِهِمْ اَوْ مَا مَلَكَتْ اَیْمَانُهُمْ فَاِنَّهُمْ غَیْرُ مَلُوْمِیْنَ ۟ۚ

কিন্তু তেওঁলোকৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত তেওঁলোক নিন্দনীয় নহ’ব-- info
التفاسير:

external-link copy
7 : 23

فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ۟ۚ

কিন্তু যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই হৈছে সীমালঙ্ঘনকাৰী। info
التفاسير:

external-link copy
8 : 23

وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ۟ۙ

আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে, info
التفاسير:

external-link copy
9 : 23

وَالَّذِیْنَ هُمْ عَلٰی صَلَوٰتِهِمْ یُحَافِظُوْنَ ۟ۘ

আৰু যিসকলে নিজৰ চালাতত থাকে যত্নৱান, info
التفاسير:

external-link copy
10 : 23

اُولٰٓىِٕكَ هُمُ الْوٰرِثُوْنَ ۟ۙ

তেওঁলোকেই হ’ব উত্তৰাধিকাৰী-- info
التفاسير:

external-link copy
11 : 23

الَّذِیْنَ یَرِثُوْنَ الْفِرْدَوْسَ ؕ— هُمْ فِیْهَا خٰلِدُوْنَ ۟

তেওঁলোকে উত্তৰাধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব। info
التفاسير:

external-link copy
12 : 23

وَلَقَدْ خَلَقْنَا الْاِنْسَانَ مِنْ سُلٰلَةٍ مِّنْ طِیْنٍ ۟ۚ

নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা, info
التفاسير:

external-link copy
13 : 23

ثُمَّ جَعَلْنٰهُ نُطْفَةً فِیْ قَرَارٍ مَّكِیْنٍ ۪۟

তাৰ পিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত (জৰায়ুত); info
التفاسير:

external-link copy
14 : 23

ثُمَّ خَلَقْنَا النُّطْفَةَ عَلَقَةً فَخَلَقْنَا الْعَلَقَةَ مُضْغَةً فَخَلَقْنَا الْمُضْغَةَ عِظٰمًا فَكَسَوْنَا الْعِظٰمَ لَحْمًا ۗ— ثُمَّ اَنْشَاْنٰهُ خَلْقًا اٰخَرَ ؕ— فَتَبٰرَكَ اللّٰهُ اَحْسَنُ الْخٰلِقِیْنَ ۟ؕ

তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়! info
التفاسير:

external-link copy
15 : 23

ثُمَّ اِنَّكُمْ بَعْدَ ذٰلِكَ لَمَیِّتُوْنَ ۟ؕ

ইয়াৰ পিছত নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা, info
التفاسير:

external-link copy
16 : 23

ثُمَّ اِنَّكُمْ یَوْمَ الْقِیٰمَةِ تُبْعَثُوْنَ ۟

তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব। info
التفاسير:

external-link copy
17 : 23

وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَآىِٕقَ ۖۗ— وَمَا كُنَّا عَنِ الْخَلْقِ غٰفِلِیْنَ ۟

আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছোঁ সাতখন আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়, info
التفاسير: