Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an

external-link copy
8 : 25

اَوْ یُلْقٰۤی اِلَیْهِ كَنْزٌ اَوْ تَكُوْنُ لَهٗ جَنَّةٌ یَّاْكُلُ مِنْهَا ؕ— وَقَالَ الظّٰلِمُوْنَ اِنْ تَتَّبِعُوْنَ اِلَّا رَجُلًا مَّسْحُوْرًا ۟

অথবা আকাশৰ পৰা তেওঁৰ ওচৰত কোনো ধন-ভাণ্ডাৰ অৱতীৰ্ণ কৰা নহ'ল কিয়, নাইবা তেওঁৰ ওচৰত এখন বাগান থাকিব লাগিছিল, যাৰ ফল-মূল তেওঁ ভক্ষণ কৰিলেহেঁতেন। ফলত তেওঁ বজাৰত চলাফুৰাৰ পৰা আৰু জীৱিকাৰ সন্ধানৰ পৰা ৰক্ষা পালেহেঁতেন। সেই যালিমসকলে এই কথাও কৈছিল যে, হে মুমিনসকল! তোমালোকে কোনো ৰাছুলৰ অনুসৰণ কৰা নাই, বৰং এনেকুৱা এজন ব্যক্তিৰ অনুসৰণ কৰি আছা, যাদুৰ প্ৰভাৱত যিয়ে বিবেকহীন হৈ পৰিছে। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• اتصاف الإله الحق بالخلق والنفع والإماتة والإحياء، وعجز الأصنام عن كل ذلك.
প্ৰকৃত উপাস্যই হৈছে সৃষ্টিকৰ্তা, উপকাৰকাৰী, মৃত্যু প্ৰদানকাৰী, জীৱনদাতা। আনহাতে প্ৰতিমা মূৰ্তি আদি এইবোৰ কৰ্মৰ পৰা বিৱশ। info

• إثبات صفتي المغفرة والرحمة لله.
ক্ষমাশীল আৰু কৃপাৱান, এই দুটাও আল্লাহৰ অন্যতম গুণ। info

• الرسالة لا تستلزم انتفاء البشرية عن الرسول.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যে মানৱ, এইটো তেওঁৰ ৰাছুল হোৱাত কোনো ধৰণৰ বাধা নহয়। (অৰ্থাৎ মানৱ ৰাছুল হ'ব নোৱাৰে বুলি কোনো যুক্তি নাই)। info

• تواضع النبي صلى الله عليه وسلم حيث يعيش كما يعيش الناس.
এইটো মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৰলতা যে, তেওঁ সাধাৰণ মানুহৰ দৰেই জীৱন-যাপন কৰিছিল। info