Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an

Số trang:close

external-link copy
6 : 100

اِنَّ الْاِنْسَانَ لِرَبِّهٖ لَكَنُوْدٌ ۟ۚ

বাস্তৱত মানুহে সেই পূণ্য কৰ্মৰ পৰা বহু দূৰত অৱস্থান কৰে যিটো তাৰ প্ৰতিপালকে তাৰ পৰা বিচাৰে। info
التفاسير:

external-link copy
7 : 100

وَاِنَّهٗ عَلٰی ذٰلِكَ لَشَهِیْدٌ ۟ۚ

আৰু সি পূণ্যৰ কামৰ পৰা পিছুৱাই থকাৰ বাবে সি নিজেই তাৰ সাক্ষী। আৰু এয়া ইমান স্পষ্ট কথা যে ইয়াৰ অস্বীকাৰ কৰিব নোৱাৰি। info
التفاسير:

external-link copy
8 : 100

وَاِنَّهٗ لِحُبِّ الْخَیْرِ لَشَدِیْدٌ ۟ؕ

আৰু সি ধনৰ প্ৰবল লোভত পৰিছে, এই বিষয়ে সি কৃপণালিও কৰে। info
التفاسير:

external-link copy
9 : 100

اَفَلَا یَعْلَمُ اِذَا بُعْثِرَ مَا فِی الْقُبُوْرِ ۟ۙ

পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত পৰা ব্যক্তিয়ে নাজানে নেকি, যেতিয়া আল্লাহে কবৰত থকা মৃত সকলক জীৱিত কৰিব আৰু তেওঁলোকক হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে ভূমিৰ পৰা উত্থিত কৰিব। ঘটনা তেনে নহয় যিদৰে সিহঁতে ভাবিছে? info
التفاسير:

external-link copy
10 : 100

وَحُصِّلَ مَا فِی الصُّدُوْرِ ۟ۙ

আৰু অন্তৰৰ মাজত যি নিয়ত আৰু আস্থা আছে তাক প্ৰকাশ কৰা হব, info
التفاسير:

external-link copy
11 : 100

اِنَّ رَبَّهُمْ بِهِمْ یَوْمَىِٕذٍ لَّخَبِیْرٌ ۟۠

নিশ্চয় সিহঁতৰ প্ৰতিপালক সিদিনাখন সম্পূৰ্ণ খবৰ ৰাখিব। আল্লাহৰ পৰা বান্দাৰ কোনো কথা লোকাই নাথাকিব আৰু আল্লাহে সিহঁতক তাৰ পৰিণাম দিব। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• خطر التفاخر والتباهي بالأموال والأولاد.
ধন-সম্পদক লৈ এজনে আনজনৰ প্ৰতি গৌৰৱ কৰাৰ ক্ষতি। info

• القبر مكان زيارة سرعان ما ينتقل منه الناس إلى الدار الآخرة.
কবৰ হৈছে কিছু সময় অৱস্থান কৰাৰ ঠাই। অতি সোনকালে মানুহে তাৰ পৰা পৰকালৰ ঘৰলৈ প্ৰস্থান কৰিব। info

• يوم القيامة يُسْأل الناس عن النعيم الذي أنعم به الله عليهم في الدنيا.
ক্বিয়ামতৰ দিনা মানুহক সেই অনুগ্ৰহ বা অৱদানবোৰৰ বিষয়ে প্ৰশ্ন কৰা হব যিবোৰ তাক আল্লাহ তাআলাই প্ৰদান কৰিছিল। info

• الإنسان مجبول على حب المال.
ধনৰ লোভ প্ৰাকৃতিকভাৱে মানুহৰ মাজত নিহিত আছে। info