แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
56 : 4

اِنَّ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِنَا سَوْفَ نُصْلِیْهِمْ نَارًا ؕ— كُلَّمَا نَضِجَتْ جُلُوْدُهُمْ بَدَّلْنٰهُمْ جُلُوْدًا غَیْرَهَا لِیَذُوْقُوا الْعَذَابَ ؕ— اِنَّ اللّٰهَ كَانَ عَزِیْزًا حَكِیْمًا ۟

নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আমি সিহঁতক ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰাম, যিটো সিহঁতক চাৰিও ফালৰ পৰা পৰিবেষ্টন কৰি ৰাখিব। যেতিয়াই সিহঁতৰ ছাল গেলি পচি যাব তেতিয়াই আমি সিহঁতক নতুন ছালেৰে আৱৰণ দিম, যাতে শাস্তি অব্যাহত থাকে। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰাৰ ক্ষমতা নাৰাখে, তেওঁ সিদ্ধান্ত আৰু ফয়চালাত মহা প্ৰজ্ঞাৱান। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• من أعظم أسباب كفر أهل الكتاب حسدهم المؤمنين على ما أنعم الله به عليهم من النبوة والتمكين في الأرض.
আহলে কিতাবে কুফৰী কৰাৰ এটা ডাঙৰ কাৰণ এই যে, সিহঁতে মুমিনসকলৰ লগত এই কাৰণে ঈৰ্ষা পোষণ কৰে যে, আল্লাহে তেওঁলোকক নবুওৱত আৰু পৃথিৱীত ৰাজত্ব প্ৰদান কৰিছে। info

• الأمر بمكارم الأخلاق من المحافظة على الأمانات، والحكم بالعدل.
উত্তম ব্যৱহাৰৰ আদেশ প্ৰদান কৰা হৈছে, যেনে- আমানত ৰক্ষা কৰা আৰু ন্যায়ৰ সৈতে ফয়চালা কৰা। info

• وجوب طاعة ولاة الأمر ما لم يأمروا بمعصية، والرجوع عند التنازع إلى حكم الله ورسوله صلى الله عليه وسلم تحقيقًا لمعنى الإيمان.
গুনাহৰ আদেশ নিদিয়ালৈকে শাসকসকলৰ আদেশ পালন কৰা জৰুৰী। তথা মতানৈক্যৰ সময়ত আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিধানৰ ফালে প্ৰত্যাৱৰ্তন কৰা অনিবাৰ্য, যাতে ঈমানৰ দাবী পূৰণ হয়। info