แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
9 : 17

اِنَّ هٰذَا الْقُرْاٰنَ یَهْدِیْ لِلَّتِیْ هِیَ اَقْوَمُ وَیُبَشِّرُ الْمُؤْمِنِیْنَ الَّذِیْنَ یَعْمَلُوْنَ الصّٰلِحٰتِ اَنَّ لَهُمْ اَجْرًا كَبِیْرًا ۟ۙ

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআন নিশ্চয় উত্তম পথ অৰ্থাৎ ইছলামৰ পথ দেখুৱায়। সৎকৰ্মত নিয়োজিত আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা ব্যক্তিসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• من اهتدى بهدي القرآن كان أكمل الناس وأقومهم وأهداهم في جميع أموره.
যিয়ে কোৰআনৰ হিদায়ত অৱলম্বন কৰিছে, তেওঁ সকলো ক্ষেত্ৰতে আটাইতকৈ পৰিপক্ক, সঠিক তথা হিদায়তপ্ৰাপ্ত। info

• التحذير من الدعوة على النفس والأولاد بالشر.
নিজৰ প্ৰতি তথা সন্তান-সন্ততিৰ প্ৰতি বদ্দুআৰ পৰা সতৰ্ক কৰা হৈছে। info

• اختلاف الليل والنهار بالزيادة والنقص وتعاقبهما، وضوء النهار وظلمة الليل، كل ذلك دليل على وحدانية الله ووجوده وكمال علمه وقدرته.
দিন-ৰাতি সৰু ডাঙৰ হোৱা, এটাই আনটোৰ পিছত অহা, দিন আলোকময় আৰু ৰাতি অন্ধকাৰ, এই সকলোবোৰ আল্লাহৰ একত্ববাদৰ প্ৰমাণ তথা তেওঁৰ অস্তিত্ব আৰু পৰিপূৰ্ণ জ্ঞান আৰু ক্ষমতাৰ প্ৰতীক। info

• تقرر الآيات مبدأ المسؤولية الشخصية، عدلًا من الله ورحمة بعباده.
এইটো আল্লাহৰ ন্যায় আৰু তেওঁৰ বান্দাসকলৰ প্ৰতি কৃপা যে, তেওঁ এই আয়াতবোৰৰ জৰিয়তে ব্যক্তিগত দায়িত্বৰ সুত্ৰ স্থাপন কৰিছে। info