แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

আল-ফাতিহা

วัตถุประสงค์ของสูเราะฮ์:
تحقيق العبودية الخالصة لله تعالى.
নিৰ্ভেজালভাৱে আল্লাহৰ বাবে ইবাদত সাব্যস্ত কৰা info

external-link copy
1 : 1

بِسْمِ اللّٰهِ الرَّحْمٰنِ الرَّحِیْمِ ۟

মই আল্লাহৰ নামেৰে, তেওঁৰ সহায়-সহযোগিতাৰে আৰু তেওঁৰ নাম উল্লেখ কৰি বৰকত লৈ কোৰআন পঢ়া আৰম্ভ কৰিলো। বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীমত আল্লাহৰ তিনিটা নাম উল্লেখ আছে। ১) "আল্লাহ", অৰ্থাৎ সত্য উপাস্য। এইটো আল্লাহৰ বিশেষ নাম। এই নামেৰে তেওঁৰ বাহিৰে আনক মাতিব নোৱাৰি। ২) "আৰ-ৰহমান", অৰ্থাৎ অসীম কৰুণাৰ গৰাকী। এতেকে তেওঁ স্বয়ং কৰুণাৰে পৰিপূৰ্ণ। ৩) "আৰ-ৰাহীম", অৰ্থাৎ দয়াৱান, কৃপাকাৰী। এতেকে তেওঁ মুমিন বান্দাসকলৰ লগতে তেওঁৰ সৃষ্টি জগতৰ যাক ইচ্ছা কৃপা কৰে। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• افتتح الله تعالى كتابه بالبسملة؛ ليرشد عباده أن يبدؤوا أعمالهم وأقوالهم بها طلبًا لعونه وتوفيقه.
আল্লাহ তাআলাই তেওঁৰ এই কিতাবখন বিছমিল্লাহৰ দ্বাৰা আৰম্ভ কৰিছে। তেওঁৰ বান্দাসকলক এই শিক্ষা দিবলৈ যে, সিহঁতে যেন আল্লাহৰ সহায় আৰু তাওফীক প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে নিজৰ কৰ্ম আৰু কথা ইয়াৰ দ্বাৰাই আৰম্ভ কৰে। info

• من هدي عباد الله الصالحين في الدعاء البدء بتمجيد الله والثناء عليه سبحانه، ثم الشروع في الطلب.
দুআ সম্পৰ্কে আল্লাহৰ পূণ্যৱান ব্যক্তিসকলৰ এইটো পদ্ধতি আছিল যে, তেওঁলোকে পোনপ্ৰথমে আল্লাহৰ গৌৰৱ-গৰিমা ব্যক্ত কৰিছিল, তাৰ পিছত তেওঁৰ প্ৰশংসা কৰিছিল, তাৰ পিছতহে যি বিচাৰিব লগা আছিল সেয়া প্ৰাৰ্থনা কৰিছিল। info

• تحذير المسلمين من التقصير في طلب الحق كالنصارى الضالين، أو عدم العمل بالحق الذي عرفوه كاليهود المغضوب عليهم.
পথভ্ৰষ্ট খৃষ্টানসকলৰ দৰে সত্যৰ সন্ধানত অৱহেলা কৰাৰ পৰা মুছলিমসকলক সতৰ্ক কৰা হৈছে। অথবা সত্য জনাৰ পিছতো তাৰ ওপৰত আমল নকৰাৰ পৰা সতৰ্ক কৰা হৈছে। এইটো আল্লাহৰ ক্ৰোধগ্ৰস্থ হোৱা ইয়াহুদীসকলৰ কাৰ্য। info

• دلَّت السورة على أن كمال الإيمان يكون بإخلاص العبادة لله تعالى وطلب العون منه وحده دون سواه.
এই ছুৰাটোৱে প্ৰমাণ কৰে যে, পূৰ্ণ ঈমান প্ৰাপ্তিৰ বাবে আৱশ্যক হৈছে নিৰ্ভেজালভাৱে কেৱল এক আল্লাহৰ ইবাদত কৰা আৰু কেৱল তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰা, তেওঁৰ বাহিৰে আন কাৰো ওচৰত নহয়। info