Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - Rafikul-Islam Habibu-Rrahman

আল-মুতাফ্ফিফীন

external-link copy
1 : 83

وَیْلٌ لِّلْمُطَفِّفِیْنَ ۟ۙ

ধ্বংস সিহঁতৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে, info
التفاسير:

external-link copy
2 : 83

الَّذِیْنَ اِذَا اكْتَالُوْا عَلَی النَّاسِ یَسْتَوْفُوْنَ ۟ؗۖ

যিসকলে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে, info
التفاسير:

external-link copy
3 : 83

وَاِذَا كَالُوْهُمْ اَوْ وَّزَنُوْهُمْ یُخْسِرُوْنَ ۟ؕ

আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে। info
التفاسير:

external-link copy
4 : 83

اَلَا یَظُنُّ اُولٰٓىِٕكَ اَنَّهُمْ مَّبْعُوْثُوْنَ ۟ۙ

সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব? info
التفاسير:

external-link copy
5 : 83

لِیَوْمٍ عَظِیْمٍ ۟ۙ

মহাদিৱসৰ দিনা। info
التفاسير:

external-link copy
6 : 83

یَّوْمَ یَقُوْمُ النَّاسُ لِرَبِّ الْعٰلَمِیْنَ ۟ؕ

যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব। info
التفاسير:

external-link copy
7 : 83

كَلَّاۤ اِنَّ كِتٰبَ الْفُجَّارِ لَفِیْ سِجِّیْنٍ ۟ؕ

কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা থাকিব ছিজ্জিনত। info
التفاسير:

external-link copy
8 : 83

وَمَاۤ اَدْرٰىكَ مَا سِجِّیْنٌ ۟ؕ

আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি? info
التفاسير:

external-link copy
9 : 83

كِتٰبٌ مَّرْقُوْمٌ ۟ؕ

চিহ্নিত আমলনামা। info
التفاسير:

external-link copy
10 : 83

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟ۙ

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
11 : 83

الَّذِیْنَ یُكَذِّبُوْنَ بِیَوْمِ الدِّیْنِ ۟ؕ

যিসকলে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে। info
التفاسير:

external-link copy
12 : 83

وَمَا یُكَذِّبُ بِهٖۤ اِلَّا كُلُّ مُعْتَدٍ اَثِیْمٍ ۟ۙ

আৰু প্ৰত্যেক পাপিষ্ঠ সীমালংঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে। info
التفاسير:

external-link copy
13 : 83

اِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا قَالَ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟ؕ

আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’। info
التفاسير:

external-link copy
14 : 83

كَلَّا بَلْ ٚ— رَانَ عَلٰی قُلُوْبِهِمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟

কেতিয়াও নহয়, বৰং সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰে ধৰিছে। info
التفاسير:

external-link copy
15 : 83

كَلَّاۤ اِنَّهُمْ عَنْ رَّبِّهِمْ یَوْمَىِٕذٍ لَّمَحْجُوْبُوْنَ ۟ؕ

কেতিয়াও নহয়, নিশ্চয় সিহঁতে সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব। info
التفاسير:

external-link copy
16 : 83

ثُمَّ اِنَّهُمْ لَصَالُوا الْجَحِیْمِ ۟ؕ

তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব; info
التفاسير:

external-link copy
17 : 83

ثُمَّ یُقَالُ هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟ؕ

তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে হৈছে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’। info
التفاسير:

external-link copy
18 : 83

كَلَّاۤ اِنَّ كِتٰبَ الْاَبْرَارِ لَفِیْ عِلِّیِّیْنَ ۟ؕ

কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত। info
التفاسير:

external-link copy
19 : 83

وَمَاۤ اَدْرٰىكَ مَا عِلِّیُّوْنَ ۟ؕ

আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি? info
التفاسير:

external-link copy
20 : 83

كِتٰبٌ مَّرْقُوْمٌ ۟ۙ

চিহ্নিত আমলনামা। info
التفاسير:

external-link copy
21 : 83

یَّشْهَدُهُ الْمُقَرَّبُوْنَ ۟ؕ

সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াক অবলোকন কৰে। info
التفاسير:

external-link copy
22 : 83

اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ۟ۙ

নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত। info
التفاسير:

external-link copy
23 : 83

عَلَی الْاَرَآىِٕكِ یَنْظُرُوْنَ ۟ۙ

সুসজ্জিত আসনত বহি দৰ্শন কৰিব। info
التفاسير:

external-link copy
24 : 83

تَعْرِفُ فِیْ وُجُوْهِهِمْ نَضْرَةَ النَّعِیْمِ ۟ۚ

তুমি সিহঁতৰ মুখমণ্ডলত সুখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা, info
التفاسير:

external-link copy
25 : 83

یُسْقَوْنَ مِنْ رَّحِیْقٍ مَّخْتُوْمٍ ۟ۙ

সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব; info
التفاسير:

external-link copy
26 : 83

خِتٰمُهٗ مِسْكٌ ؕ— وَفِیْ ذٰلِكَ فَلْیَتَنَافَسِ الْمُتَنٰفِسُوْنَ ۟ؕ

আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত। info
التفاسير:

external-link copy
27 : 83

وَمِزَاجُهٗ مِنْ تَسْنِیْمٍ ۟ۙ

আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা, info
التفاسير:

external-link copy
28 : 83

عَیْنًا یَّشْرَبُ بِهَا الْمُقَرَّبُوْنَ ۟ؕ

(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে সেৱন কৰিব। info
التفاسير:

external-link copy
29 : 83

اِنَّ الَّذِیْنَ اَجْرَمُوْا كَانُوْا مِنَ الَّذِیْنَ اٰمَنُوْا یَضْحَكُوْنَ ۟ؗۖ

নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল, info
التفاسير:

external-link copy
30 : 83

وَاِذَا مَرُّوْا بِهِمْ یَتَغَامَزُوْنَ ۟ؗۖ

আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল। info
التفاسير:

external-link copy
31 : 83

وَاِذَا انْقَلَبُوْۤا اِلٰۤی اَهْلِهِمُ انْقَلَبُوْا فَكِهِیْنَ ۟ؗۖ

আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উৎফুল্লিত হৈ উভতিছিল, info
التفاسير:

external-link copy
32 : 83

وَاِذَا رَاَوْهُمْ قَالُوْۤا اِنَّ هٰۤؤُلَآءِ لَضَآلُّوْنَ ۟ۙ

আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’। info
التفاسير:

external-link copy
33 : 83

وَمَاۤ اُرْسِلُوْا عَلَیْهِمْ حٰفِظِیْنَ ۟ؕ

অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক হিচাপে পঠোৱা হোৱা নাছিল। info
التفاسير:

external-link copy
34 : 83

فَالْیَوْمَ الَّذِیْنَ اٰمَنُوْا مِنَ الْكُفَّارِ یَضْحَكُوْنَ ۟ۙ

এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক। info
التفاسير:

external-link copy
35 : 83

عَلَی الْاَرَآىِٕكِ ۙ— یَنْظُرُوْنَ ۟ؕ

সুসজ্জিত আসনত বহি দৰ্শন কৰিব। info
التفاسير:

external-link copy
36 : 83

هَلْ ثُوِّبَ الْكُفَّارُ مَا كَانُوْا یَفْعَلُوْنَ ۟۠

কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে? info
التفاسير: