Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - Rafikul-Islam Habibu-Rrahman

আল-মুদ্দাচ্ছিৰ

external-link copy
1 : 74

یٰۤاَیُّهَا الْمُدَّثِّرُ ۟ۙ

হে বস্ত্ৰাবৃত! info
التفاسير:

external-link copy
2 : 74

قُمْ فَاَنْذِرْ ۟ۙ

উঠা, আৰু সতৰ্ক কৰা, info
التفاسير:

external-link copy
3 : 74

وَرَبَّكَ فَكَبِّرْ ۟ۙ

আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা। info
التفاسير:

external-link copy
4 : 74

وَثِیَابَكَ فَطَهِّرْ ۟ۙ

আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা, info
التفاسير:

external-link copy
5 : 74

وَالرُّجْزَ فَاهْجُرْ ۟ۙ

আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা, info
التفاسير:

external-link copy
6 : 74

وَلَا تَمْنُنْ تَسْتَكْثِرُ ۟ۙ

আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা। info
التفاسير:

external-link copy
7 : 74

وَلِرَبِّكَ فَاصْبِرْ ۟ؕ

আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা। info
التفاسير:

external-link copy
8 : 74

فَاِذَا نُقِرَ فِی النَّاقُوْرِ ۟ۙ

এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, info
التفاسير:

external-link copy
9 : 74

فَذٰلِكَ یَوْمَىِٕذٍ یَّوْمٌ عَسِیْرٌ ۟ۙ

সেই দিনটো হ’ব এটা সংকটৰ দিন- info
التفاسير:

external-link copy
10 : 74

عَلَی الْكٰفِرِیْنَ غَیْرُ یَسِیْرٍ ۟

যিটো কাফিৰসকলৰ বাবে সহজ নহয়। info
التفاسير:

external-link copy
11 : 74

ذَرْنِیْ وَمَنْ خَلَقْتُ وَحِیْدًا ۟ۙ

যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ তাক মোলৈ এৰি দিয়া। info
التفاسير:

external-link copy
12 : 74

وَّجَعَلْتُ لَهٗ مَالًا مَّمْدُوْدًا ۟ۙ

আৰু যাক মই প্ৰদান কৰিছোঁ বিপুল ধন-সম্পদ, info
التفاسير:

external-link copy
13 : 74

وَّبَنِیْنَ شُهُوْدًا ۟ۙ

আৰু (প্ৰদান কৰিছোঁ) নিত্যসঙ্গী পুত্ৰসকল। info
التفاسير:

external-link copy
14 : 74

وَّمَهَّدْتُّ لَهٗ تَمْهِیْدًا ۟ۙ

আৰু তাক প্ৰদান কৰিছোঁ স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ- info
التفاسير:

external-link copy
15 : 74

ثُمَّ یَطْمَعُ اَنْ اَزِیْدَ ۟ۙ

তথাপিও সি কামনা কৰে যে, মই যেন তাক আৰু অধিক দিওঁ! info
التفاسير:

external-link copy
16 : 74

كَلَّا ؕ— اِنَّهٗ كَانَ لِاٰیٰتِنَا عَنِیْدًا ۟ؕ

কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী। info
التفاسير:

external-link copy
17 : 74

سَاُرْهِقُهٗ صَعُوْدًا ۟ؕ

অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম। info
التفاسير:

external-link copy
18 : 74

اِنَّهٗ فَكَّرَ وَقَدَّرَ ۟ۙ

নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে। info
التفاسير:

external-link copy
19 : 74

فَقُتِلَ كَیْفَ قَدَّرَ ۟ۙ

এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে? info
التفاسير:

external-link copy
20 : 74

ثُمَّ قُتِلَ كَیْفَ قَدَّرَ ۟ۙ

আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে? info
التفاسير:

external-link copy
21 : 74

ثُمَّ نَظَرَ ۟ۙ

তাৰ পিছত সি লক্ষ্য কৰিলে। info
التفاسير:

external-link copy
22 : 74

ثُمَّ عَبَسَ وَبَسَرَ ۟ۙ

তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে। info
التفاسير:

external-link copy
23 : 74

ثُمَّ اَدْبَرَ وَاسْتَكْبَرَ ۟ۙ

তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে। info
التفاسير:

external-link copy
24 : 74

فَقَالَ اِنْ هٰذَاۤ اِلَّا سِحْرٌ یُّؤْثَرُ ۟ۙ

তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’, info
التفاسير:

external-link copy
25 : 74

اِنْ هٰذَاۤ اِلَّا قَوْلُ الْبَشَرِ ۟ؕ

‘এয়াতো মানুহৰেই কথা’। info
التفاسير:

external-link copy
26 : 74

سَاُصْلِیْهِ سَقَرَ ۟

অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম। info
التفاسير:

external-link copy
27 : 74

وَمَاۤ اَدْرٰىكَ مَا سَقَرُ ۟ؕ

আৰু কিহে তোমাক জনাব ছাক্বাৰ কি? info
التفاسير:

external-link copy
28 : 74

لَا تُبْقِیْ وَلَا تَذَرُ ۟ۚ

ই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব। info
التفاسير:

external-link copy
29 : 74

لَوَّاحَةٌ لِّلْبَشَرِ ۟ۚ

ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব। info
التفاسير:

external-link copy
30 : 74

عَلَیْهَا تِسْعَةَ عَشَرَ ۟ؕ

ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)। info
التفاسير:

external-link copy
31 : 74

وَمَا جَعَلْنَاۤ اَصْحٰبَ النَّارِ اِلَّا مَلٰٓىِٕكَةً ۪— وَّمَا جَعَلْنَا عِدَّتَهُمْ اِلَّا فِتْنَةً لِّلَّذِیْنَ كَفَرُوْا ۙ— لِیَسْتَیْقِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَیَزْدَادَ الَّذِیْنَ اٰمَنُوْۤا اِیْمَانًا وَّلَا یَرْتَابَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْمُؤْمِنُوْنَ ۙ— وَلِیَقُوْلَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْكٰفِرُوْنَ مَاذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ؕ— كَذٰلِكَ یُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ— وَمَا یَعْلَمُ جُنُوْدَ رَبِّكَ اِلَّا هُوَ ؕ— وَمَا هِیَ اِلَّا ذِكْرٰی لِلْبَشَرِ ۟۠

আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ। info
التفاسير:

external-link copy
32 : 74

كَلَّا وَالْقَمَرِ ۟ۙ

কেতিয়াও নহয়, চন্দ্ৰৰ শপত, info
التفاسير:

external-link copy
33 : 74

وَالَّیْلِ اِذْ اَدْبَرَ ۟ۙ

শপত ৰাতিৰ, যেতিয়া ইয়াৰ অৱসান ঘটে, info
التفاسير:

external-link copy
34 : 74

وَالصُّبْحِ اِذَاۤ اَسْفَرَ ۟ۙ

প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়- info
التفاسير:

external-link copy
35 : 74

اِنَّهَا لَاِحْدَی الْكُبَرِ ۟ۙ

নিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম, info
التفاسير:

external-link copy
36 : 74

نَذِیْرًا لِّلْبَشَرِ ۟ۙ

মানুহৰ বাবে সতৰ্ককাৰী- info
التفاسير:

external-link copy
37 : 74

لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّتَقَدَّمَ اَوْ یَتَاَخَّرَ ۟ؕ

তোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে। info
التفاسير:

external-link copy
38 : 74

كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِیْنَةٌ ۟ۙ

প্ৰত্যেক ব্যক্তি নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ, info
التفاسير:

external-link copy
39 : 74

اِلَّاۤ اَصْحٰبَ الْیَمِیْنِ ۟ؕۛ

কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে, info
التفاسير:

external-link copy
40 : 74

فِیْ جَنّٰتٍ ۛ۫— یَتَسَآءَلُوْنَ ۟ۙ

জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব, info
التفاسير:

external-link copy
41 : 74

عَنِ الْمُجْرِمِیْنَ ۟ۙ

অপৰাধীবিলাকৰ বিষয়ে, info
التفاسير:

external-link copy
42 : 74

مَا سَلَكَكُمْ فِیْ سَقَرَ ۟

কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে? info
التفاسير:

external-link copy
43 : 74

قَالُوْا لَمْ نَكُ مِنَ الْمُصَلِّیْنَ ۟ۙ

সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ, info
التفاسير:

external-link copy
44 : 74

وَلَمْ نَكُ نُطْعِمُ الْمِسْكِیْنَ ۟ۙ

‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলোঁ, info
التفاسير:

external-link copy
45 : 74

وَكُنَّا نَخُوْضُ مَعَ الْخَآىِٕضِیْنَ ۟ۙ

লগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলোঁ। info
التفاسير:

external-link copy
46 : 74

وَكُنَّا نُكَذِّبُ بِیَوْمِ الدِّیْنِ ۟ۙ

আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ, info
التفاسير:

external-link copy
47 : 74

حَتّٰۤی اَتٰىنَا الْیَقِیْنُ ۟ؕ

অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’। info
التفاسير:

external-link copy
48 : 74

فَمَا تَنْفَعُهُمْ شَفَاعَةُ الشّٰفِعِیْنَ ۟ؕ

এতেকে চুপাৰিছকাৰীসকলৰ চুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব। info
التفاسير:

external-link copy
49 : 74

فَمَا لَهُمْ عَنِ التَّذْكِرَةِ مُعْرِضِیْنَ ۟ۙ

এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে? info
التفاسير:

external-link copy
50 : 74

كَاَنَّهُمْ حُمُرٌ مُّسْتَنْفِرَةٌ ۟ۙ

সিহঁত যেনিবা ভীত-সন্ত্ৰস্ত পলায়নৰত বনৰীয়া গাধ। info
التفاسير:

external-link copy
51 : 74

فَرَّتْ مِنْ قَسْوَرَةٍ ۟ؕ

যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে। info
التفاسير:

external-link copy
52 : 74

بَلْ یُرِیْدُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّؤْتٰی صُحُفًا مُّنَشَّرَةً ۟ۙ

বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক। info
التفاسير:

external-link copy
53 : 74

كَلَّا ؕ— بَلْ لَّا یَخَافُوْنَ الْاٰخِرَةَ ۟ؕ

কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে। info
التفاسير:

external-link copy
54 : 74

كَلَّاۤ اِنَّهٗ تَذْكِرَةٌ ۟ۚ

কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী। info
التفاسير:

external-link copy
55 : 74

فَمَنْ شَآءَ ذَكَرَهٗ ۟ؕ

গতিকে যিয়ে ইচ্ছা কৰিব সি উপদেশ গ্ৰহণ কৰিব, info
التفاسير:

external-link copy
56 : 74

وَمَا یَذْكُرُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ— هُوَ اَهْلُ التَّقْوٰی وَاَهْلُ الْمَغْفِرَةِ ۟۠

আৰু আল্লাহৰ ইচ্ছা অবিহনে কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে, একমাত্ৰ তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী। info
التفاسير: