Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar)

external-link copy
29 : 35

اِنَّ الَّذِیْنَ یَتْلُوْنَ كِتٰبَ اللّٰهِ وَاَقَامُوا الصَّلٰوةَ وَاَنْفَقُوْا مِمَّا رَزَقْنٰهُمْ سِرًّا وَّعَلَانِیَةً یَّرْجُوْنَ تِجَارَةً لَّنْ تَبُوْرَ ۟ۙ

যিসকল লোকে আল্লাহৰ গ্ৰন্থ তিলাৱত কৰে, যিখন আমি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, আৰু তাত থকা বিধান মতে তেওঁলোকে আমল কৰে, লগতে পৰিপূৰ্ণৰূপে আৰু উত্তমভাৱে চালাত আদায় কৰে, তথা আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ, তাৰ পৰা তেওঁলোকে যাকাত প্ৰদান কৰে। লগতে প্ৰকাশ্য আৰু গোপনেও দান খয়ৰাত কৰে। তেওঁলোকে দৰাচলতে এইবোৰ আমলৰ জৰিয়তে আল্লাহৰ সৈতে এনেকুৱা ব্যৱসায় কৰে, যি ব্যৱসায়ত ক্ষতি হোৱাৰ কোনো আশংকা নাই। info
التفاسير:
Dobitë e ajeteve të kësaj faqeje:
• نفي التساوي بين الحق وأهله من جهة، والباطل وأهله من جهة أخرى.
সত্য তথা সত্যবাদী আৰু অসত্য তথা অসত্যবাদী কেতিয়াও সমান হ'ব নোৱাৰে। info

• كثرة عدد الرسل عليهم السلام قبل رسولنا صلى الله عليه وسلم دليل على رحمة الله وعناد الخلق.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বে অসংখ্য ৰাছুল আগমন কৰাটো এই কথা প্ৰমাণ কৰে যে, আল্লাহ হৈছে অতি দয়ালু আৰু মানৱ হৈছে দূৰাচাৰী তথা অনাচাৰী। info

• إهلاك المكذبين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰাটো হৈছে পূৰ্বৰে পৰা চলি অহা আল্লাহৰ এটা ধাৰাবাহিক নীতি। info

• صفات الإيمان تجارة رابحة، وصفات الكفر تجارة خاسرة.
ঈমানৰ গুণাগুণ হৈছে ফলপ্ৰসূ ব্যৱসায়। আনহাতে কুফৰী কৰ্ম হৈছে ক্ষতিকৰ ব্যৱসায়। info