Vertaling van de betekenissen Edele Qur'an - Assamese vertaling - Rafiq Al islam Habib Rahman

Pagina nummer:close

external-link copy
77 : 19

اَفَرَءَیْتَ الَّذِیْ كَفَرَ بِاٰیٰتِنَا وَقَالَ لَاُوْتَیَنَّ مَالًا وَّوَلَدًا ۟ؕ

তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আৰু কয়, ‘নিশ্চয় মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’। info
التفاسير:

external-link copy
78 : 19

اَطَّلَعَ الْغَیْبَ اَمِ اتَّخَذَ عِنْدَ الرَّحْمٰنِ عَهْدًا ۟ۙ

সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে? info
التفاسير:

external-link copy
79 : 19

كَلَّا ؕ— سَنَكْتُبُ مَا یَقُوْلُ وَنَمُدُّ لَهٗ مِنَ الْعَذَابِ مَدًّا ۟ۙ

কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তিহে বৃদ্ধি কৰি থাকিম। info
التفاسير:

external-link copy
80 : 19

وَّنَرِثُهٗ مَا یَقُوْلُ وَیَاْتِیْنَا فَرْدًا ۟

আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰতেই উপস্থিত হ'বহি। info
التفاسير:

external-link copy
81 : 19

وَاتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ اٰلِهَةً لِّیَكُوْنُوْا لَهُمْ عِزًّا ۟ۙ

আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ বাবে সন্মানৰ কাৰণ হয় (আৰু সহায়ক হয়); info
التفاسير:

external-link copy
82 : 19

كَلَّا ؕ— سَیَكْفُرُوْنَ بِعِبَادَتِهِمْ وَیَكُوْنُوْنَ عَلَیْهِمْ ضِدًّا ۟۠

কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদতক অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব। info
التفاسير:

external-link copy
83 : 19

اَلَمْ تَرَ اَنَّاۤ اَرْسَلْنَا الشَّیٰطِیْنَ عَلَی الْكٰفِرِیْنَ تَؤُزُّهُمْ اَزًّا ۟ۙ

তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছোঁ, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে? info
التفاسير:

external-link copy
84 : 19

فَلَا تَعْجَلْ عَلَیْهِمْ ؕ— اِنَّمَا نَعُدُّ لَهُمْ عَدًّا ۟ۚ

এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। নিশ্চয় আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰিছোঁ, info
التفاسير:

external-link copy
85 : 19

یَوْمَ نَحْشُرُ الْمُتَّقِیْنَ اِلَی الرَّحْمٰنِ وَفْدًا ۟ۙ

(স্মৰণ কৰা) যিদিনা আমি ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে সমবেত কৰিম, info
التفاسير:

external-link copy
86 : 19

وَّنَسُوْقُ الْمُجْرِمِیْنَ اِلٰی جَهَنَّمَ وِرْدًا ۟ۘ

আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম। info
التفاسير:

external-link copy
87 : 19

لَا یَمْلِكُوْنَ الشَّفَاعَةَ اِلَّا مَنِ اتَّخَذَ عِنْدَ الرَّحْمٰنِ عَهْدًا ۟ۘ

যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও চুপাৰিছ কৰিব নোৱাৰিব। info
التفاسير:

external-link copy
88 : 19

وَقَالُوا اتَّخَذَ الرَّحْمٰنُ وَلَدًا ۟ؕ

আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’। info
التفاسير:

external-link copy
89 : 19

لَقَدْ جِئْتُمْ شَیْـًٔا اِدًّا ۟ۙ

নিশ্চয় তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা; info
التفاسير:

external-link copy
90 : 19

تَكَادُ السَّمٰوٰتُ یَتَفَطَّرْنَ مِنْهُ وَتَنْشَقُّ الْاَرْضُ وَتَخِرُّ الْجِبَالُ هَدًّا ۟ۙ

(এনেকুৱা বিষয়) যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, লগতে পৃথিৱী খণ্ড-বিখণ্ড আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, info
التفاسير:

external-link copy
91 : 19

اَنْ دَعَوْا لِلرَّحْمٰنِ وَلَدًا ۟ۚ

এইকাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে। info
التفاسير:

external-link copy
92 : 19

وَمَا یَنْۢبَغِیْ لِلرَّحْمٰنِ اَنْ یَّتَّخِذَ وَلَدًا ۟ؕ

অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়। info
التفاسير:

external-link copy
93 : 19

اِنْ كُلُّ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ اِلَّاۤ اٰتِی الرَّحْمٰنِ عَبْدًا ۟ؕ

আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব। info
التفاسير:

external-link copy
94 : 19

لَقَدْ اَحْصٰىهُمْ وَعَدَّهُمْ عَدًّا ۟ؕ

তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে, info
التفاسير:

external-link copy
95 : 19

وَكُلُّهُمْ اٰتِیْهِ یَوْمَ الْقِیٰمَةِ فَرْدًا ۟

আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰলৈ অকলশৰীয়া হৈ আহিব। info
التفاسير: