Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran.

external-link copy
24 : 30

وَمِنْ اٰیٰتِهٖ یُرِیْكُمُ الْبَرْقَ خَوْفًا وَّطَمَعًا وَّیُنَزِّلُ مِنَ السَّمَآءِ مَآءً فَیُحْیٖ بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟

তেওঁৰ ক্ষমতা আৰু তাওহীদৰ অন্যতম আন এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেৱেঁই তোমালোকক আকাশত বিজুলীৰ চমকণি দেখুৱায়। তোমালোকৰ বাবে তাত বৰষুণৰ আশা আৰু বজ্ৰপাতৰ ভয় একত্ৰিত কৰি দিয়ে। তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী অৱতীৰ্ণ কৰে আৰু সেই পানীৰে শুকান ভূমিত উদ্ভিদ উৎপন্ন কৰি সেউজীয়া কৰি তোলে। নিশ্চিতভাৱে উক্ত বিষয়বোৰৰ মাজত স্পষ্ট দলিল-প্ৰমাণ আছে সেইসকল লোকৰ বাবে যিসকলে নিজৰ বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। গতিকে তেওঁলোকেই ইয়াৰ দ্বাৰা মৃত্যুৰ পিছত হ’বলগীয়া আখিৰাতৰ হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰমাণ গ্ৰহণ কৰে। info
التفاسير:
Voordelen van de verzen op deze pagina:
• إعمار العبد أوقاته بالصلاة والتسبيح علامة على حسن العاقبة.
বান্দাই চালাত আৰু তাছবীহৰ জৰিয়তে সময়ৰ সদ্ব্যৱহাৰ কৰাটো উত্তম পৰিণামৰ প্ৰতীক। info

• الاستدلال على البعث بتجدد الحياة، حيث يخلق الله الحي من الميت والميت من الحي.
জীৱনৰ নতুন নতুন পৰ্যায়সমূহে পুনৰুত্থানৰ প্ৰমাণবহন কৰে। যেনে আল্লাহে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে আৰু জীৱৰ পৰা মৃতক উলিয়ায়। info

• آيات الله في الأنفس والآفاق لا يستفيد منها إلا من يُعمِل وسائل إدراكه الحسية والمعنوية التي أنعم الله بها عليه.
স্বয়ং মানুহৰ মাজত থকা নিদৰ্শন আৰু বিশ্বজগতত বিস্তৃত আল্লাহৰ নিদৰ্শনসমূহৰ পৰা কেৱল সেইসকল লোকেই উপকৃত হয়, যিসকলে প্ৰকাশ্য আৰু অপ্ৰকাশ্য বোধশক্তিৰ মাধ্যমত আল্লাহৰ এই নিয়ামতসমূহক সঠিকভাৱে সদ্ব্যৱহাৰ কৰে। info