Fassarar Ma'anonin Alqura'ni - Fassarar Asamiyanci - Rafeequl-Islam Habib al-Rahman

Lambar shafi:close

external-link copy
52 : 20

قَالَ عِلْمُهَا عِنْدَ رَبِّیْ فِیْ كِتٰبٍ ۚ— لَا یَضِلُّ رَبِّیْ وَلَا یَنْسَی ۟ؗ

মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’। info
التفاسير:

external-link copy
53 : 20

الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ مَهْدًا وَّسَلَكَ لَكُمْ فِیْهَا سُبُلًا وَّاَنْزَلَ مِنَ السَّمَآءِ مَآءً ؕ— فَاَخْرَجْنَا بِهٖۤ اَزْوَاجًا مِّنْ نَّبَاتٍ شَتّٰی ۟

‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ। info
التفاسير:

external-link copy
54 : 20

كُلُوْا وَارْعَوْا اَنْعَامَكُمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّاُولِی النُّهٰی ۟۠

তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে। info
التفاسير:

external-link copy
55 : 20

مِنْهَا خَلَقْنٰكُمْ وَفِیْهَا نُعِیْدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً اُخْرٰی ۟

আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম। info
التفاسير:

external-link copy
56 : 20

وَلَقَدْ اَرَیْنٰهُ اٰیٰتِنَا كُلَّهَا فَكَذَّبَ وَاَبٰی ۟

নিশ্চয় আমি তাক আমাৰ প্ৰত্যেকটো নিদৰ্শন দেখুৱাইছিলোঁ; কিন্তু সি অস্বীকাৰ কৰিছে আৰু অমান্য কৰিছে। info
التفاسير:

external-link copy
57 : 20

قَالَ اَجِئْتَنَا لِتُخْرِجَنَا مِنْ اَرْضِنَا بِسِحْرِكَ یٰمُوْسٰی ۟

সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’? info
التفاسير:

external-link copy
58 : 20

فَلَنَاْتِیَنَّكَ بِسِحْرٍ مِّثْلِهٖ فَاجْعَلْ بَیْنَنَا وَبَیْنَكَ مَوْعِدًا لَّا نُخْلِفُهٗ نَحْنُ وَلَاۤ اَنْتَ مَكَانًا سُوًی ۟

‘তেনেহ’লে নিশ্চয় আমিও তোমাৰ ওচৰলৈ অনুৰূপ যাদু উপস্থিত কৰিম, গতিকে আমাৰ আৰু তোমাৰ মাজত তুমি এটা সময় নিৰ্ধাৰণ কৰা, যিটোক আমিও লঙ্ঘন নকৰোঁ আৰু তুমিও লঙ্ঘন নকৰিবা’। info
التفاسير:

external-link copy
59 : 20

قَالَ مَوْعِدُكُمْ یَوْمُ الزِّیْنَةِ وَاَنْ یُّحْشَرَ النَّاسُ ضُحًی ۟

মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু (সেইদিনা) যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’। info
التفاسير:

external-link copy
60 : 20

فَتَوَلّٰی فِرْعَوْنُ فَجَمَعَ كَیْدَهٗ ثُمَّ اَتٰی ۟

লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল। info
التفاسير:

external-link copy
61 : 20

قَالَ لَهُمْ مُّوْسٰی وَیْلَكُمْ لَا تَفْتَرُوْا عَلَی اللّٰهِ كَذِبًا فَیُسْحِتَكُمْ بِعَذَابٍ ۚ— وَقَدْ خَابَ مَنِ افْتَرٰی ۟

মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’। info
التفاسير:

external-link copy
62 : 20

فَتَنَازَعُوْۤا اَمْرَهُمْ بَیْنَهُمْ وَاَسَرُّوا النَّجْوٰی ۟

তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে। info
التفاسير:

external-link copy
63 : 20

قَالُوْۤا اِنْ هٰذٰنِ لَسٰحِرٰنِ یُرِیْدٰنِ اَنْ یُّخْرِجٰكُمْ مِّنْ اَرْضِكُمْ بِسِحْرِهِمَا وَیَذْهَبَا بِطَرِیْقَتِكُمُ الْمُثْلٰی ۟

সিহঁতে ক’লে, ‘ইহঁত দুজন নিশ্চয় যাদুকৰ, ইহঁতে ইহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে। info
التفاسير:

external-link copy
64 : 20

فَاَجْمِعُوْا كَیْدَكُمْ ثُمَّ ائْتُوْا صَفًّا ۚ— وَقَدْ اَفْلَحَ الْیَوْمَ مَنِ اسْتَعْلٰی ۟

‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’। info
التفاسير: