Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

আল-মুৰছালাত

daga cikin abunda Surar ta kunsa:
الوعيد للمكذبين بالويل يوم القيامة.
অস্বীকাৰকাৰীসকলৰ বাবে কিয়ামতৰ দিনা অইল (জাহান্নামৰ এটা বিশেষ স্থান) আছে বুলি সাৱধান কৰা হৈছে। info

external-link copy
1 : 77

وَالْمُرْسَلٰتِ عُرْفًا ۟ۙ

ঘোঁৰাৰ দৰে প্ৰচণ্ড বেগত চলা বতাহৰ আল্লাহে শপত কৰিছে। info
التفاسير:

external-link copy
2 : 77

فَالْعٰصِفٰتِ عَصْفًا ۟ۙ

আৰু প্ৰচণ্ড বেগত চলা ধুমুহাৰো শপত কৰিছে। info
التفاسير:

external-link copy
3 : 77

وَّالنّٰشِرٰتِ نَشْرًا ۟ۙ

আৰু সেই বতাহৰ শপত কৰিছে যিয়ে মেঘক সঞ্চালন বা প্ৰসাৰ কৰে। info
التفاسير:

external-link copy
4 : 77

فَالْفٰرِقٰتِ فَرْقًا ۟ۙ

আৰু সেই ফিৰিস্তাসকলৰ শপত কৰিছে যিসকলে সত্য আৰু অসত্যৰ মাজত সুস্পষ্টৰূপে পাৰ্থক্যকাৰী বস্তুৰ সৈতে অৱতৰণ হয়। info
التفاسير:

external-link copy
5 : 77

فَالْمُلْقِیٰتِ ذِكْرًا ۟ۙ

আৰু সেই ফিৰিস্তাসকলৰ শপত কৰিছে, যিসকলে অহীৰ সৈতে অৱতৰণ কৰে। info
التفاسير:

external-link copy
6 : 77

عُذْرًا اَوْ نُذْرًا ۟ۙ

যিয়ে অহী লৈ অৱতৰণ কৰে। আল্লাহৰ তৰফৰ পৰা মানুহৰ ওজৰ-আপত্তি সমাপ্ত কৰাৰ কাৰণে আৰু মানুহক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ। info
التفاسير:

external-link copy
7 : 77

اِنَّمَا تُوْعَدُوْنَ لَوَاقِعٌ ۟ؕ

নিশ্চয় তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যেনে- পুনৰুত্থান, হিচাপ- নিকাচ আৰু পৰিণাম বা প্ৰতিফল সেয়া বাস্তৱায়িত হ'বই। info
التفاسير:

external-link copy
8 : 77

فَاِذَا النُّجُوْمُ طُمِسَتْ ۟ۙ

এতেকে যেতিয়া নক্ষত্ৰসমূহৰ পোহৰ সমাপ্ত হব আৰু জ্যোতিহীন হ'ব। info
التفاسير:

external-link copy
9 : 77

وَاِذَا السَّمَآءُ فُرِجَتْ ۟ۙ

যেতিয়া আকাশখন ফাঁটি যাব, যাতে তাৰ পৰা ফিৰিস্তাসকল নামি আহে। info
التفاسير:

external-link copy
10 : 77

وَاِذَا الْجِبَالُ نُسِفَتْ ۟ۙ

আৰু যেতিয়া পৰ্বতসমূহক স্থানচ্যূত কৰা হব আৰু চুৰ্ণ- বিচুৰ্ণ হৈ ধূলিত পৰিণিত হ'ব। info
التفاسير:

external-link copy
11 : 77

وَاِذَا الرُّسُلُ اُقِّتَتْ ۟ؕ

আৰু ৰাছুলসকলক এটা নিৰ্ধাৰিত সময়ৰ বাবে একত্ৰিত কৰা হ'ব। info
التفاسير:

external-link copy
12 : 77

لِاَیِّ یَوْمٍ اُجِّلَتْ ۟ؕ

এক ভীষণ দিনৰ বাবে ইহঁতক স্থগিত ৰখা হৈছে। যাতে নিজ সম্প্ৰদায়ৰ বিৰুদ্ধে সাক্ষী দিয়ে। info
التفاسير:

external-link copy
13 : 77

لِیَوْمِ الْفَصْلِ ۟ۚ

বান্দাসকলৰ মাজত ফয়চালাৰ দিনৰ বাবে। সেই দিনা স্পষ্ট হৈ যাব যে, কোন সত্যবাদী আৰু কোন অসত্যবাদী তথা কোন সৌভাগ্যশালী আৰু কোন দূৰ্ভাগ্যশালী। info
التفاسير:

external-link copy
14 : 77

وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الْفَصْلِ ۟ؕ

হে ৰাছুল ! আপোনাক কিহে জনাব যে বিচাৰ দিৱস কি? info
التفاسير:

external-link copy
15 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সিদিনা অস্বীকাৰকাৰী বিলাকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি। যিবিলাকে ৰাছুলসকলে আল্লাহৰ তৰফৰ পৰা অনা সংবাদসমূহক অস্বীকাৰ কৰে। info
التفاسير:

external-link copy
16 : 77

اَلَمْ نُهْلِكِ الْاَوَّلِیْنَ ۟ؕ

আমি বিগত জাতিবোৰক ধ্বংস কৰা নাইনে, যেতিয়া সিহঁতে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল? info
التفاسير:

external-link copy
17 : 77

ثُمَّ نُتْبِعُهُمُ الْاٰخِرِیْنَ ۟

তাৰ পিছত পৰৱৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম আৰু সিহঁতৰ দৰেই ইহঁতকো ধ্বংস কৰিম। info
التفاسير:

external-link copy
18 : 77

كَذٰلِكَ نَفْعَلُ بِالْمُجْرِمِیْنَ ۟

সেই সম্প্ৰদায়ৰ দৰে আমি এই অপৰাধী অস্বীকাৰকাৰী বিলাককো ধ্বংস কৰিম যিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰ কৰে। info
التفاسير:

external-link copy
19 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেই দিনা সেইসকলৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে অন্যায়কাৰী সকলৰ শাস্তিক অস্বীকাৰ কৰে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• خطر التعلق بالدنيا ونسيان الآخرة.
পৃথিৱীৰ মায়া-মোহত আৱদ্ধ হৈ আখিৰাতক পাহৰি যোৱাৰ ক্ষতি। info

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ। info

• إهلاك الأمم المكذبة سُنَّة إلهية.
অস্বীকাৰকাৰী জাতিক ধ্বংস কৰা আল্লাহৰ বিধি সন্মত। info