Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
128 : 7

قَالَ مُوْسٰی لِقَوْمِهِ اسْتَعِیْنُوْا بِاللّٰهِ وَاصْبِرُوْا ۚ— اِنَّ الْاَرْضَ لِلّٰهِ ۙ۫— یُوْرِثُهَا مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ— وَالْعَاقِبَةُ لِلْمُتَّقِیْنَ ۟

মূছা আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক উপদেশ দি ক'লেঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, যাতে তেওঁ তোমালোকৰ বিপদ দূৰ কৰি দিয়ে তথা তোমালোকৰ উপকাৰ কৰে। লগতে যি বিপদ তোমালোকৰ ওচৰত আহিছে তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। কিয়নো এই পৃথিৱী কেৱল এক আল্লাহৰ, ফিৰআউন তথা আন কাৰোবাৰ নহয় যে, সি যি ইচ্ছা কৰিব তাকেই কৰিব। আল্লাহে নিজ ইচ্ছানুসাৰে ইয়াত মানুহক অৱকাশ দিয়ে। কিন্তু পৃথিৱীত উত্তম পৰিণাম কেৱল মুমিনসকলৰ বাবে, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। এই পৃথিৱী তেওঁলোকৰেই, যদিও তেওঁলোকে কিছুমান বিপদ-আপদ আৰু পৰীক্ষাৰ মাজেৰে অতিক্ৰম কৰিব লাগে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• موقف السّحرة وإعلان إيمانهم بجرأة وصراحة يدلّ على أنّ الإنسان إذا تجرّد عن هواه، وأذعن للعقل والفكر السّليم بادر إلى الإيمان عند ظهور الأدلّة عليه.
যাদুকৰসকলৰ সাহসিকতাৰে স্পষ্টৰূপে ঈমান পোষণ কৰাৰ কথা ঘোষণা কৰাটোৱে এই কথা প্ৰমাণ কৰে যে, মানুহে যদি নিজৰ ইচ্ছাৰ বিপৰীতে নিজৰ বিবেক আৰু সঠিক চিন্তা ধাৰাৰে কাম কৰে তেন্তে প্ৰমাণ সন্মুখত অহাৰ পিছত অবিলম্বে ঈমান পোষণ কৰিব। info

• أهل الإيمان بالله واليوم الآخر هم أشدّ الناس حزمًا، وأكثرهم شجاعة وصبرًا في أوقات الأزمات والمحن والحروب.
আল্লাহ তথা আখিৰাতৰ প্ৰতি ঈমান পোষণকাৰী লোক সকলেই আটাইতকৈ বেছি বিবেকৱান তথা বিপদ-আপদ আৰু যুদ্ধৰ সময়ত সৱাতোকৈ বাহাদুৰ আৰু ধৈৰ্যৱান সাব্যস্ত হয়। info

• المنتفعون من السّلطة يُحرِّضون ويُهيِّجون السلطان لمواجهة أهل الإيمان؛ لأن في بقاء السلطان بقاء لمصالحهم.
চৰকাৰৰ পৰা উপকৃত হোৱা ব্যক্তিসকলে সদায় শাসক পক্ষক, মুমিনসকলৰ বিৰুদ্ধে থিয় হ'বলৈ উচটনি দিয়ে। কিয়নো সিহঁতৰ স্বাৰ্থ শাসকৰ অস্তিত্বৰ লগত সম্পৃক্ত। info

• من أسباب حبس الأمطار وغلاء الأسعار: الظلم والفساد.
বৰষুণ নোহোৱা আৰু পণ্যদ্ৰৱ্যৰ দাম বৃদ্ধিৰ এটা অন্যতম কাৰণ হৈছে অন্যায়-অত্যাচাৰ। info