Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
48 : 42

فَاِنْ اَعْرَضُوْا فَمَاۤ اَرْسَلْنٰكَ عَلَیْهِمْ حَفِیْظًا ؕ— اِنْ عَلَیْكَ اِلَّا الْبَلٰغُ ؕ— وَاِنَّاۤ اِذَاۤ اَذَقْنَا الْاِنْسَانَ مِنَّا رَحْمَةً فَرِحَ بِهَا ۚ— وَاِنْ تُصِبْهُمْ سَیِّئَةٌ بِمَا قَدَّمَتْ اَیْدِیْهِمْ فَاِنَّ الْاِنْسَانَ كَفُوْرٌ ۟

এতেকে হে ৰাছুল! যদি সিহঁতে আপোনাৰ আদেশৰ পৰা বিমুখ হয়, তেন্তে জানি থওক আপোনাক আমি সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই যে, আপুনি সিহঁতৰ কৰ্মবোৰ হিচাপ কৰি ৰাখিব। বৰং আপোনাৰ দায়িত্ব হৈছে কেৱল সেই বাৰ্তা পৌঁচাই দিয়া, যিটোক পৌঁচাই দিয়াৰ আদেশ আপোনাক দিয়া হৈছে, আৰু সিহঁতৰ হিচাপ-নিকাচৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। নিশ্চয় আমি আমাৰ ফালৰ পৰা যেতিয়া মানুহক আমাৰ কোনো ৰহমত উপভোগ কৰিবলৈ দিওঁ, ধন-সম্পদ হওক অথবা সুস্বাস্থ্য, তেতিয়া সিহঁত উৎফুল্লিত হয়। আনহাতে যদি সিহঁতৰ গুনাহৰ ফলত কোনো অপ্ৰিয় বিষয়ৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰা হয় তেন্তে সিহঁতে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিবলৈ ধৰে আৰু কৃতজ্ঞতা নকৰে তথা অসন্তুষ্টি ব্যক্ত কৰে। অথচ আল্লাহেই এইটো তেওঁৰ হিকমত অনুযায়ী নিৰ্ধাৰণ কৰিছে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• وجوب المسارعة إلى امتثال أوامر الله واجتناب نواهيه.
আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা আদি বিধান পালনত ততাতৈয়া কৰা আৱশ্যক। info

• مهمة الرسول البلاغ، والنتائج بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে বাৰ্তা পৌঁচাই দিয়া, আৰু ফলাফলৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। info

• هبة الذكور أو الإناث أو جمعهما معًا هو على مقتضى علم الله بما يصلح لعباده، ليس فيها مزية للذكور دون الإناث.
আল্লাহৰ জ্ঞান অনুসাৰে বান্দাৰ কল্যাণ আগত ৰাখি তাক পুত্ৰ অথবা কন্যা সন্তান দান কৰা হয়, নাইবা উভয় সন্তানেই প্ৰদান কৰা হয়। কিন্তু এইটোৱে প্ৰমাণ নকৰে যে, পুত্ৰ সন্তান কন্যা সন্তানতকৈ উত্তম। info

• يوحي الله تعالى إلى أنبيائه بطرق شتى؛ لِحِكَمٍ يعلمها سبحانه.
আল্লাহে তেওঁৰ নবীসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে অহী প্ৰেৰণ কৰে, ইয়াৰ ৰহস্য সম্পৰ্কে কেৱল আল্লাহেই অৱগত। info