Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
10 : 42

وَمَا اخْتَلَفْتُمْ فِیْهِ مِنْ شَیْءٍ فَحُكْمُهٗۤ اِلَی اللّٰهِ ؕ— ذٰلِكُمُ اللّٰهُ رَبِّیْ عَلَیْهِ تَوَكَّلْتُ ۖۗ— وَاِلَیْهِ اُنِیْبُ ۟

হে মানৱজাতি! তোমালোকে ধৰ্মৰ মূল বিধি-বিধান আৰু সৰু-সুৰা যিবোৰ বিষয়ত মতভেদ কৰা, সেইবোৰৰ ফয়চালাৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। গতিকে তেনেকুৱা বিষয়ত তোমালোকে আল্লাহৰ কিতাব আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পিনে প্ৰত্যাৱৰ্তন কৰা। ওপৰত যিবোৰ বৈশিষ্ট্য বৰ্ণনা কৰা হ’ল, সেইবোৰ বিশেষণেৰে বিশেষিত সত্ত্বাই হৈছে মোৰ প্ৰতিপালক। মই মোৰ সকলো কৰ্মতে তেওঁৰ ওপৰতেই ভৰসা কৰোঁ আৰু তাওবা কৰি তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোঁ। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• عظمة الله ظاهرة في كل شيء.
আল্লাহৰ মহানতা প্ৰত্যেক বস্তুৰ দ্বাৰাই স্পষ্ট। info

• دعاء الملائكة لأهل الإيمان بالخير.
ফিৰিস্তাসকলে মুমিনসকলৰ বাবে কল্যাণৰ দুআ কৰে। info

• القرآن والسُنَّة مرجعان للمؤمنين في شؤونهم كلها، وبخاصة عند الاختلاف.
কোৰআন আৰু হাদীছ এই দুখন হৈছে মুমিনসকলৰ বাবে প্ৰত্যেক ক্ষেত্ৰতে মূল গ্ৰন্থ। বিশেষকৈ মতভেদৰ সময়ত। info

• الاقتصار على إنذار أهل مكة ومن حولها؛ لأنهم مقصودون بالرد عليهم لإنكارهم رسالته صلى الله عليه وسلم وهو رسول للناس كافة كما قال تعالى: ﴿وَمَآ أَرسَلنُّكَ إلَّا كافةً لِّلنَّاس...﴾، (سبأ: 28).
মক্কা আৰু তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক সাৱধান কৰাৰ বৰ্ণনা এইকাৰণে আহিছে, কাৰণ সিহতৰ ধাৰণাক খণ্ডন কৰাটোৱে হৈছে ইয়াৰ উদ্দেশ্য। কিয়নো প্ৰথমে সিহঁতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালতক অস্বীকাৰ কৰিছিল। পক্ষান্তৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল। যেনে আল্লাহ তাআলাই কৈছেঃ ﴿وَمَآ أَرۡسَلۡنَٰكَ إِلَّا كَآفَّةً لِّلنَّاسِ...﴾ অৰ্থাৎ আমি আপোনাক গোটেই মানৱজাতিৰ বাবে ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ। (ছুৰা ছাবা) info