Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
91 : 4

سَتَجِدُوْنَ اٰخَرِیْنَ یُرِیْدُوْنَ اَنْ یَّاْمَنُوْكُمْ وَیَاْمَنُوْا قَوْمَهُمْ ؕ— كُلَّ مَا رُدُّوْۤا اِلَی الْفِتْنَةِ اُرْكِسُوْا فِیْهَا ۚ— فَاِنْ لَّمْ یَعْتَزِلُوْكُمْ وَیُلْقُوْۤا اِلَیْكُمُ السَّلَمَ وَیَكُفُّوْۤا اَیْدِیَهُمْ فَخُذُوْهُمْ وَاقْتُلُوْهُمْ حَیْثُ ثَقِفْتُمُوْهُمْ ؕ— وَاُولٰٓىِٕكُمْ جَعَلْنَا لَكُمْ عَلَیْهِمْ سُلْطٰنًا مُّبِیْنًا ۟۠

হে মুমিনসকল! তোমালোকে মুনাফিকসকলৰ আন এটা দল পাবা, যিসকলে তোমালোকৰ ওচৰত প্ৰকাশ কৰে যে, সিহঁত মুমিন; যাতে সিহঁত নিৰাপদে থাকিব পাৰে। কিন্তু যেতিয়া নিজৰ কাফিৰ সম্প্ৰদায়ৰ ওচৰত যায় তেতিয়া কয় যে, আমি কাফিৰ, যাতে সিহঁতৰ পৰাও নিৰাপদে থাকিব পাৰে। সিহঁতক যেতিয়াই আল্লাহৰ লগত কুফুৰী কৰাৰ বাবে আৰু শ্বিৰ্ক কৰাৰ বাবে আহ্বান কৰা হয় তেতিয়াই সিহঁত আন্তৰিকতাৰে সেইটো কৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিসকলে যদি তোমালোকৰ লগত যুদ্ধ কৰা বন্ধ নকৰে আৰু সন্ধিৰ বাবে আগুৱাই নাহে আৰু হাত সামৰি নাথাকে তেন্তে সিহঁতক য’তেই পাবা ত’তেই হত্যা কৰা। এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰাৰ আৰু হত্যা কৰাৰ আমি তোমালোকক স্পষ্ট প্ৰমাণ দিছো। কাৰণ সিহঁতে প্ৰতাৰণা কৰিছে আৰু যড়যন্ত্ৰ কৰিছে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• خفاء حال بعض المنافقين أوقع الخلاف بين المؤمنين في حكم التعامل معهم.
কিছুমান মুনাফিকৰ স্থিতি স্পষ্ট নোহোৱাৰ কাৰণে সিহঁতৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত, এই বিষয়ে মুমিনসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল। info

• بيان كيفية التعامل مع المنافقين بحسب أحوالهم ومقتضى المصلحة معهم.
পৰিস্থিতি আৰু অৱস্থা অনুসাৰে মুনাফিকসকলৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত তাৰ বৰ্ণনা। info

• عدل الإسلام في الكف عمَّن لم تقع منه أذية متعدية من المنافقين.
যিসকল মুনাফিকে মুছলিমসকলক কষ্ট নিদিয়ে সিহঁতৰ ক্ষেত্ৰত ইছলামৰ ন্যায়পূৰ্ণ ব্যৱহাৰৰ বৰ্ণনা। info

• يكشف الجهاد في سبيل الله أهل النفاق بسبب تخلفهم عنه وتكلُّف أعذارهم.
আল্লাহৰ পথৰ জিহাদে মুনাফিকসকলৰ মুখা খুলি দিয়ে। কিয়নো সিহঁতে ইয়াৰ পৰা পিছুৱাই থাকে আৰু বাহানা বনায়। info