Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
163 : 4

اِنَّاۤ اَوْحَیْنَاۤ اِلَیْكَ كَمَاۤ اَوْحَیْنَاۤ اِلٰی نُوْحٍ وَّالنَّبِیّٖنَ مِنْ بَعْدِهٖ ۚ— وَاَوْحَیْنَاۤ اِلٰۤی اِبْرٰهِیْمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَعِیْسٰی وَاَیُّوْبَ وَیُوْنُسَ وَهٰرُوْنَ وَسُلَیْمٰنَ ۚ— وَاٰتَیْنَا دَاوٗدَ زَبُوْرًا ۟ۚ

হে ৰাছুল! আমি আপোনাৰ প্ৰতি সেইদৰেই অহী প্ৰেৰণ কৰিছোঁ যিদৰে আমি আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি প্ৰেৰণ কৰিছিলোঁ। আপুনি কোনো নতুন ৰাছুল নহয়। আমি নূহ তথা তেওঁৰ পিছত অহা নবীসকলৰ প্ৰতিও অহী প্ৰেৰণ কৰিছিলোঁ। এইদৰে অহী প্ৰেৰণ কৰিছিলোঁ ইব্ৰাহীমৰ প্ৰতি লগতে তেওঁৰ পুত্ৰদ্বয় ইছমাঈল আৰু ইছহাক্বৰ প্ৰতি, লগতে ইয়াকূব ইবনে ইছহাক্ব আৰু আছবাতৰ প্ৰতি, আছবাত হৈছে সেইসকল নবী যিসকলক ইয়াকূব আলাহিচ্ছালামৰ বংশধৰৰ পৰা বনী ইছৰাঈলৰ ১২ টা গোত্ৰলৈ প্ৰেৰণ কৰা হৈছিল। লগতে আমি অহী প্ৰেৰণ কৰিছিলোঁ ঈছা, আইয়্যুব, ইউনুছ, হাৰূন আৰু ছুলাইমানৰ প্ৰতি; আৰু দাউদ আলাইহিচ্ছালামক প্ৰদান কৰিছিলোঁ গ্ৰন্থ, সেইখন হৈছে যাবূৰ।
info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• إثبات النبوة والرسالة في شأن نوح وإبراهيم وغيرِهما مِن ذرياتهما ممن ذكرهم الله وممن لم يذكر أخبارهم لحكمة يعلمها سبحانه.
নূহ, ইব্ৰাহীম তথা তেওঁলোকৰ বংশধৰ সকলক নবুওৱত আৰু ৰিছালত প্ৰদানৰ প্ৰমাণ। তেওঁলোকৰ মাজৰ কিছুমানৰ বৰ্ণনা আল্লাহে কৰিছে, কিন্তু আন কিছুমানৰ বিষয়ে আল্লাহে কিবা বিশেষ কাৰণত বৰ্ণনা কৰা নাই, যিটো কেৱল তেৱেঁই জানে। info

• إثبات صفة الكلام لله تعالى على وجه يليق بذاته وجلاله، فقد كلّم الله تعالى نبيه موسى عليه السلام.
আল্লাহে কথা কোৱাৰ প্ৰমাণ, কিন্তু তেওঁ তেনেকৈয়ে কথা কয় যিটো তেওঁৰ উচ্চ আৰু পৱিত্ৰ সত্ত্বাৰ অনুকূল। কিয়নো নিশ্চয় আল্লাহে তেওঁৰ নবী মূছাৰ লগত প্ৰত্যক্ষভাৱে কথা কৈছে। info

• تسلية النبي محمد عليه الصلاة والسلام ببيان أن الله تعالى يشهد على صدق دعواه في كونه نبيًّا، وكذلك تشهد الملائكة.
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এই কথাৰ দ্বাৰা সান্তনা প্ৰদান কৰিছে যে, স্বয়ং আল্লাহে নিজেই তেওঁৰ নবুওৱতৰ সত্যতা প্ৰদান কৰি সাক্ষ্য দিছে। এইদৰে ফিৰিস্তাসকলেও সাক্ষ্য প্ৰদান কৰিছে। info