Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
113 : 4

وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكَ وَرَحْمَتُهٗ لَهَمَّتْ طَّآىِٕفَةٌ مِّنْهُمْ اَنْ یُّضِلُّوْكَ ؕ— وَمَا یُضِلُّوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَضُرُّوْنَكَ مِنْ شَیْءٍ ؕ— وَاَنْزَلَ اللّٰهُ عَلَیْكَ الْكِتٰبَ وَالْحِكْمَةَ وَعَلَّمَكَ مَا لَمْ تَكُنْ تَعْلَمُ ؕ— وَكَانَ فَضْلُ اللّٰهِ عَلَیْكَ عَظِیْمًا ۟

হে ৰাছুল! যদি আল্লাহে আপোনাক নিজ অনুগ্ৰহৰ দ্বাৰা নবচালেহেঁতেন তেন্তে নিজৰ প্ৰতি বিশ্বাসঘাতকতা কৰা এটা দলে আপোনাক সত্যৰ পৰা দূৰ কৰাৰ নিৰ্ণয় কৰিয়ে পেলাইছিল, যাতে আপুনি ফয়চালা কৰাৰ সময়ত ন্যায় ফয়চালা কৰিব নোৱাৰে। প্ৰকৃততে সিহঁতে নিজকে পথভ্ৰষ্ট কৰি আছে। কিয়নো সিহঁতৰ এই পথভ্ৰষ্ট কৰাৰ প্ৰয়াসৰ পৰিণাম সিহঁত নিজেই ভোগ কৰিব লাগিব। যিহেতু আল্লাহে আপোনাক সুৰক্ষা প্ৰদান কৰিছে, গতিকে সিহঁতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আল্লাহে আপোনাৰ ওপৰত কোৰআন আৰু ছুন্নত অৱতীৰ্ণ কৰিছে লগতে হিদায়ত আৰু নুৰৰ এনেকুৱা জ্ঞান প্ৰদান কৰিছে যিটো পূৰ্বে আপোনাৰ ওচৰত নাছিল। দৰাচলতে আল্লাহে নবুওৱত আৰু সংৰক্ষণৰ জৰিয়তে আপোনাৰ প্ৰতি বৰ ডাঙৰ অনুগ্ৰহ কৰিছে।
info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• النهي عن المدافعة والمخاصمة عن المبطلين؛ لأن ذلك من التعاون على الإثم والعدوان.
অসত্যৰ অনুসাৰীসকলৰ পক্ষ লবলৈ তথা সিহঁতৰ হৈ কথা কবলৈ নিষেধ কৰা হৈছে। কিয়নো এইটো গুনাহ তথা অন্যায়ৰ সহায় কৰা হব। info

• ينبغي للمؤمن الحق أن يكون خوفه من الله وتعظيمه والحياء منه فوق كل أحد من الناس.
মুমিনৰ অন্তৰত আল্লাহৰ ভয় আৰু তেওঁৰ সন্মান সকলো মানুহতকৈ অধিক হোৱা উচিত, লগতে সবাতোকৈ বেছি তেওঁকেই লাজ কৰা উচিত। info

• سعة رحمة الله ومغفرته لمن ظلم نفسه، مهما كان ظلمه إذا صدق في توبته، ورجع عن ذنبه.
নিজৰ ওপৰত অন্যায়কাৰীৰ অন্যায় যিমানেই ডাঙৰ নহওঁক কিয়, যদি সৎ মানসেৰে তাওবা কৰে আৰু গুনাহৰ পৰা দূৰৈত থাকে তেন্তে আল্লাহৰ কৃপা আৰু মাগফিৰাত অসীম। info

• التحذير من اتهام البريء وقذفه بما لم يكن منه؛ وأنَّ فاعل ذلك قد وقع في أشد الكذب والإثم.
নিৰ্দোষী ব্যক্তিক অপৰাধী সজোৱা আৰু তাৰ প্ৰতি মিথ্যাৰোপ কৰিবলৈ সাৱধান কৰা হৈছে। এনেকুৱা কৰ্মত লিপ্ত ব্যক্তি কঠিন মিছা আৰু গুনাহত নিমজ্জিত। info