Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
97 : 37

قَالُوا ابْنُوْا لَهٗ بُنْیَانًا فَاَلْقُوْهُ فِی الْجَحِیْمِ ۟

এতেকে যেতিয়া সিহঁতে দলিল প্ৰমাণেৰে তেওঁৰ মোকাবিলা কৰিব নোৱাৰিলে, তেতিয়া সিহঁতে শক্তি প্ৰয়োগ কৰিবলৈ ধৰিলে। তেতিয়া সিহঁতে পৰস্পৰৰ মাজত পৰামৰ্শ কৰিবলৈ ধৰিলে যে, ইব্ৰাহীমৰ লগত কি কৰা উচিত। অৱশেষত সিহঁত এই সিদ্ধান্তত উপনীত হ’ল যে, তেওঁৰ বাবে এটা অগ্নিশালা নিৰ্মাণ কৰা হওক। আৰু তাত কাঠৰ টুকুৰা, খৰি আদিৰে জুই প্ৰজ্বলিত কৰি তাত তেওঁক নিক্ষেপ কৰা হওক। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• من مظاهر الإنعام على نوح: نجاة نوح ومن آمن معه، وجعل ذريته أصول البشر والأعراق والأجناس، وإبقاء الذكر الجميل والثناء الحسن.
নূহ আলাইহিচ্ছালামৰ ওপৰত আল্লাহে যিবোৰ উপকাৰ কৰিছিল, সেইবোৰৰ কিছুমান হৈছে এনেধৰণৰঃ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ সৈতে থকা মুমিনসকলক তেওঁ ৰক্ষা কৰিছিল। তেওঁৰ বংশধৰসকলক সকলো বৰ্গৰ মানুহৰ মূল বনাইছিল। লগতে তেওঁলোকৰ ভাল চৰ্চা আৰু প্ৰশংসা পৰৱৰ্তী প্ৰজন্মৰ মাজত যুগমীয়া কৰি ৰাখিছে। info

• أفعال الإنسان يخلقها الله ويفعلها العبد باختياره.
বান্দাৰ কৰ্মৰ সৃষ্টিকৰ্তা হৈছে আল্লাহ তাআলা, কিন্তু বান্দাই নিজ ইচ্ছামতে সেই কৰ্ম সম্পাদন কৰে। info

• الذبيح بحسب دلالة هذه الآيات وترتيبها هو إسماعيل عليه السلام؛ لأنه هو المُبَشَّر به أولًا، وأما إسحاق عليه السلام فبُشِّر به بعد إسماعيل عليه السلام.
এই আয়াতবোৰে আৰু ইয়াৰ শৃঙ্খলাবদ্ধতাই প্ৰমাণ কৰে যে, ইছমাঈল আলাইহিচ্ছালামকহে কুৰবানী কৰাৰ বাবে লৈ যোৱা হৈছিল। কিয়নো প্ৰথম সুসংবাদ তেওঁৰ বিষয়েই দিয়া হৈছিল। আনহাতে ইছহাক্ব আলাইহিচ্ছালামৰ সুসংবাদ ইছমাঈল আলাইহিচ্ছালামৰ পিছত দিয়া হৈছিল। info

• قول إسماعيل: ﴿سَتَجِدُنِي إِن شَآءَ اْللهُ مِنَ اْلصَّابِرِينَ﴾ سبب لتوفيق الله له بالصبر؛ لأنه جعل الأمر لله.
ইছমাঈল আলাইহিচ্ছালামে আল্লাহৰ ফালৰ পৰা ধৈৰ্য্য ধাৰণ কৰাৰ তাওফীক লাভ কৰিছিল। সেইকাৰণেই তেওঁ কৈছিলঃ নিশ্চয় আপুনি মোক ধৈৰ্যশীলসকলৰ অন্তৰ্ভুক্ত পাব। কিয়নো তেওঁ গোটেই বিষয়টোক আল্লাহৰ ওপৰত অৰ্পন কৰিছিল। info