Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
47 : 3

قَالَتْ رَبِّ اَنّٰی یَكُوْنُ لِیْ وَلَدٌ وَّلَمْ یَمْسَسْنِیْ بَشَرٌ ؕ— قَالَ كَذٰلِكِ اللّٰهُ یَخْلُقُ مَا یَشَآءُ ؕ— اِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟

স্বামী নোহোৱাকৈ সন্তান লাভ কৰিব বুলি শুনি মাৰইয়ামে আচৰিত হৈ ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, অথচ কোনো পুৰুষে বৈধ অথবা অবৈধ কোনো ভাৱেই মোৰ ওচৰলৈ অহা নাই, ফিৰিস্তাই ক'লেঃ যিদৰে আল্লাহে তোমাৰ সন্তান পিতৃ নোহোৱাকৈ সৃষ্টি কৰিব, ঠিক সেইদৰে তেওঁ যি ইচ্ছা কৰে সেইটোকে প্ৰাকৃতিক নিয়মৰ বিপৰীতে সৃষ্টি কৰে। যেতিয়া তেওঁ কোনো কাম কৰাৰ ইচ্ছা পোষণ কৰে তেতিয়া কেৱল কয় “কূন” (হোৱা) ফলত সেয়া হৈ যায়। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।
info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• شرف الكتابة والخط وعلو منزلتهما، حيث بدأ الله تعالى بذكرهما قبل غيرهما.
লিখন-কলা আৰু লিপিৰ মহত্ব আৰু ইয়াৰ শ্ৰেষ্ঠতা। কিয়নো আল্লাহে প্ৰথমে এই দুটাৰ কথাই উল্লেখ কৰিছে। info

• من سنن الله تعالى أن يؤيد رسله بالآيات الدالة على صدقهم، مما لا يقدر عليه البشر.
আল্লাহৰ এইটো নিয়ম যে, তেওঁ নিজ ৰাছুলৰ সমৰ্থন এনেকুৱা নিদৰ্শনৰ দ্বাৰা কৰে যিবোৰে ৰাছুলৰ সত্যতা প্ৰমাণ কৰে আৰু এই কাম আন কোনো মানুহৰ ক্ষমতাৰ বাহিৰত। info

• جاء عيسى بالتخفيف على بني إسرائيل فيما شُدِّد عليهم في بعض شرائع التوراة، وفي هذا دلالة على وقوع النسخ بين الشرائع.
ঈছা আলাইহিচ্ছালাম বনী ইছৰাঈলৰ বাবে তাওৰাতৰ কিছুমান কঠিন আদেশ সহজ আৰু সুবিধাজনক বনাবলৈ প্ৰেৰিত হৈছিল। ইয়াৰ দ্বাৰা এইটো বুজা গ'ল যে, বিভিন্ন চৰীয়তৰ মাজত নছখ (পৰবৰ্তী আদেশৰ দ্বাৰা পূৰ্বৱৰ্তী আদেশক ৰহিত কৰাৰ) প্ৰক্ৰিয়া জাৰি আছিল। info