Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
8 : 13

اَللّٰهُ یَعْلَمُ مَا تَحْمِلُ كُلُّ اُ وَمَا تَغِیْضُ الْاَرْحَامُ وَمَا تَزْدَادُ ؕ— وَكُلُّ شَیْءٍ عِنْدَهٗ بِمِقْدَارٍ ۟

প্ৰত্যেক নাৰীয়ে (মাইকী জীৱ-জন্তুও ইয়াৰ অন্তৰ্ভুক্ত) নিজৰ পেটত যি ধাৰণ কৰে, আল্লাহ সেই সম্পৰ্কে অৱগত। এই বিষয়ে তেওঁ সকলো তথ্য জানে। তথা গৰ্ভাশয়ত বৃদ্ধি বা হ্ৰাস আৰু সুস্থতা তথা বেমাৰ-আজাৰ যিয়েই নহওঁক, সেই সকলো তেওঁ জানে। আল্লাহৰ ওচৰত প্ৰত্যেক বস্তুৰ এটা পৰিমাণ নিৰ্ধাৰিত আছে। তাতকৈ বেছিও হ'ব নোৱাৰে, কমো হ'ব নোৱাৰে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• عظيم مغفرة الله وحلمه عن خطايا بني آدم، فهم يستكبرون ويَتَحَدَّوْنَ رسله وأنبياءه، ومع هذا يرزقهم ويعافيهم ويحلم عنهم.
আল্লাহৰ অপৰিসীম ক্ষমা আৰু সহনশীলতাৰ প্ৰমাণ যে, তেওঁ আদম সন্তানক গুনাহৰ পিছতো ক্ষমা কৰে। কিয়নো সিহঁতে অহংকাৰ কৰে তথা নবী আৰু ৰাছুলসকলক প্ৰত্যাহ্বান জনায়। ইয়াৰ পিছতো তেওঁ সিহঁতক জীৱিকা দান কৰে, বিপদৰ পৰা ৰক্ষা কৰে আৰু সিহঁতৰ নাজানি কৰা কৰ্মক ক্ষমা কৰে। info

• سعة علم الله تعالى بما في ظلمة الرحم، فهو يعلم أمر النطفة الواقعة في الرحم، وصَيْرُورتها إلى تخليق ذكر أو أنثى، وصحته واعتلاله، ورزقه وأجله، وشقي أو سعيد، فعلمه بها عام شامل.
আল্লাহৰ অপৰিসীম জ্ঞানৰ বৰ্ণনা যে তেওঁ মাতৃ গৰ্ভৰ অন্ধকাৰত কি আছে সেয়াও জানে। এতেকে তেওঁ গৰ্ভত নিৰ্গত হোৱা বীৰ্যৰ পৰা আদি কৰি, শিশুটো মতা বা মাইকী ৰূপ ধাৰণ কৰা লৈকে, সুস্থ হ'বনে বেমাৰী, জীৱিকা আৰু আয়ু তথা সৌভাগ্যশালী হ'বনে দুৰ্ভগীয়া আদি সকলো বিষয় তেওঁ অৱগত। এই সকলো বিষয়ে তেওঁৰ জ্ঞান ব্যাপক আৰু পৰিপূৰ্ণ। info

• عظيم عناية الله ببني آدم، وإثبات وجود الملائكة التي تحرسه وتصونه وغيرهم مثل الحَفَظَة.
ইয়াৰ দ্বাৰা আৰু এটা কথা প্ৰমাণ হয় যে, আদম সন্তানৰ প্ৰতি আল্লাহৰ বিশেষ মনোযোগ আছে। লগতে ফিৰিস্তাসকলৰ অস্তিত্বৰ প্ৰমাণ পোৱা যায়, মানুহৰ ৰক্ষণাবেক্ষণত নিয়োজিত ফিৰিস্তাই হওঁক অথবা আন কোনো কৰ্মত নিয়োজিত ফিৰিস্তা। info

• أن الله تعالى يغير حال العبد إلى الأفضل متى ما رأى منه اتباعًا لأسباب الهداية، فهداية التوفيق منوطة باتباع هداية البيان.
আল্লাহে যেতিয়া বান্দাক হিদায়তৰ পথ অৱলম্বন কৰা দেখা পায় তেতিয়া তাৰ অৱস্থা আৰু অধিক উৎকৃষ্ট কৰি দিয়ে। এতেকে এই কথা স্পষ্ট যে, তাওফীক সম্পৰ্কীয় হিদায়ত, বৰ্ণনাকৃত হিদায়তৰ অনুসৰণৰ লগত সম্পৃক্ত। info