Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
5 : 1

اِیَّاكَ نَعْبُدُ وَاِیَّاكَ نَسْتَعِیْنُ ۟ؕ

আমি সকলো প্ৰকাৰৰ ইবাদত আৰু আনুগত্য কেৱল তোমাৰ বাবেই কৰো। তোমাৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰো আৰু আমি আমাৰ সকলো ক্ষেত্ৰতে কেৱল তোমাৰ ওচৰতেই সহায় বিচাৰো। কিয়নো সকলো প্ৰকাৰৰ কল্যাণ কেৱল তোমাৰ হাততেই আছে আৰু তোমাৰ বাহিৰে আন কোনো সহায়ক নাই। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• افتتح الله تعالى كتابه بالبسملة؛ ليرشد عباده أن يبدؤوا أعمالهم وأقوالهم بها طلبًا لعونه وتوفيقه.
আল্লাহ তাআলাই তেওঁৰ এই কিতাবখন বিছমিল্লাহৰ দ্বাৰা আৰম্ভ কৰিছে। তেওঁৰ বান্দাসকলক এই শিক্ষা দিবলৈ যে, সিহঁতে যেন আল্লাহৰ সহায় আৰু তাওফীক প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে নিজৰ কৰ্ম আৰু কথা ইয়াৰ দ্বাৰাই আৰম্ভ কৰে। info

• من هدي عباد الله الصالحين في الدعاء البدء بتمجيد الله والثناء عليه سبحانه، ثم الشروع في الطلب.
দুআ সম্পৰ্কে আল্লাহৰ পূণ্যৱান ব্যক্তিসকলৰ এইটো পদ্ধতি আছিল যে, তেওঁলোকে পোনপ্ৰথমে আল্লাহৰ গৌৰৱ-গৰিমা ব্যক্ত কৰিছিল, তাৰ পিছত তেওঁৰ প্ৰশংসা কৰিছিল, তাৰ পিছতহে যি বিচাৰিব লগা আছিল সেয়া প্ৰাৰ্থনা কৰিছিল। info

• تحذير المسلمين من التقصير في طلب الحق كالنصارى الضالين، أو عدم العمل بالحق الذي عرفوه كاليهود المغضوب عليهم.
পথভ্ৰষ্ট খৃষ্টানসকলৰ দৰে সত্যৰ সন্ধানত অৱহেলা কৰাৰ পৰা মুছলিমসকলক সতৰ্ক কৰা হৈছে। অথবা সত্য জনাৰ পিছতো তাৰ ওপৰত আমল নকৰাৰ পৰা সতৰ্ক কৰা হৈছে। এইটো আল্লাহৰ ক্ৰোধগ্ৰস্থ হোৱা ইয়াহুদীসকলৰ কাৰ্য। info

• دلَّت السورة على أن كمال الإيمان يكون بإخلاص العبادة لله تعالى وطلب العون منه وحده دون سواه.
এই ছুৰাটোৱে প্ৰমাণ কৰে যে, পূৰ্ণ ঈমান প্ৰাপ্তিৰ বাবে আৱশ্যক হৈছে নিৰ্ভেজালভাৱে কেৱল এক আল্লাহৰ ইবাদত কৰা আৰু কেৱল তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰা, তেওঁৰ বাহিৰে আন কাৰো ওচৰত নহয়। info