Qurani Kərimin mənaca tərcüməsi - Əsami dilinə tərcümə - Rəfiqulislam Həbiburrahmən.

আল-ফজৰ

external-link copy
1 : 89

وَالْفَجْرِ ۟ۙ

ফজৰৰ সময়ৰ শপত, info
التفاسير:

external-link copy
2 : 89

وَلَیَالٍ عَشْرٍ ۟ۙ

শপত দহ ৰাতিৰ, info
التفاسير:

external-link copy
3 : 89

وَّالشَّفْعِ وَالْوَتْرِ ۟ۙ

শপত যোৰ আৰু বিযোৰৰ, info
التفاسير:

external-link copy
4 : 89

وَالَّیْلِ اِذَا یَسْرِ ۟ۚ

আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়, info
التفاسير:

external-link copy
5 : 89

هَلْ فِیْ ذٰلِكَ قَسَمٌ لِّذِیْ حِجْرٍ ۟ؕ

বিবেকৱান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে? info
التفاسير:

external-link copy
6 : 89

اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِعَادٍ ۟

তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল? info
التفاسير:

external-link copy
7 : 89

اِرَمَ ذَاتِ الْعِمَادِ ۟

ইৰাম গোত্ৰৰ লগত, যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী? info
التفاسير:

external-link copy
8 : 89

الَّتِیْ لَمْ یُخْلَقْ مِثْلُهَا فِی الْبِلَادِ ۟

যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই; info
التفاسير:

external-link copy
9 : 89

وَثَمُوْدَ الَّذِیْنَ جَابُوا الصَّخْرَ بِالْوَادِ ۟

আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল; info
التفاسير:

external-link copy
10 : 89

وَفِرْعَوْنَ ذِی الْاَوْتَادِ ۟

আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল) info
التفاسير:

external-link copy
11 : 89

الَّذِیْنَ طَغَوْا فِی الْبِلَادِ ۟

যিসকলে দেশত সীমালংঘন কৰিছিল, info
التفاسير:

external-link copy
12 : 89

فَاَكْثَرُوْا فِیْهَا الْفَسَادَ ۟

তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল। info
التفاسير:

external-link copy
13 : 89

فَصَبَّ عَلَیْهِمْ رَبُّكَ سَوْطَ عَذَابٍ ۟ۚۙ

ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল। info
التفاسير:

external-link copy
14 : 89

اِنَّ رَبَّكَ لَبِالْمِرْصَادِ ۟ؕ

নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে। info
التفاسير:

external-link copy
15 : 89

فَاَمَّا الْاِنْسَانُ اِذَا مَا ابْتَلٰىهُ رَبُّهٗ فَاَكْرَمَهٗ وَنَعَّمَهٗ ۙ۬— فَیَقُوْلُ رَبِّیْۤ اَكْرَمَنِ ۟ؕ

আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’। info
التفاسير:

external-link copy
16 : 89

وَاَمَّاۤ اِذَا مَا ابْتَلٰىهُ فَقَدَرَ عَلَیْهِ رِزْقَهٗ ۙ۬— فَیَقُوْلُ رَبِّیْۤ اَهَانَنِ ۟ۚ

আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’। info
التفاسير:

external-link copy
17 : 89

كَلَّا بَلْ لَّا تُكْرِمُوْنَ الْیَتِیْمَ ۟ۙ

কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা, info
التفاسير:

external-link copy
18 : 89

وَلَا تَحٰٓضُّوْنَ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ۙ

আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা, info
التفاسير:

external-link copy
19 : 89

وَتَاْكُلُوْنَ التُّرَاثَ اَكْلًا لَّمًّا ۟ۙ

আৰু তোমালোকে উত্তৰাধিকাৰীৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা, info
التفاسير:

external-link copy
20 : 89

وَّتُحِبُّوْنَ الْمَالَ حُبًّا جَمًّا ۟ؕ

আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা; info
التفاسير:

external-link copy
21 : 89

كَلَّاۤ اِذَا دُكَّتِ الْاَرْضُ دَكًّا دَكًّا ۟ۙ

কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব, info
التفاسير:

external-link copy
22 : 89

وَّجَآءَ رَبُّكَ وَالْمَلَكُ صَفًّا صَفًّا ۟ۚ

আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ’ব, info
التفاسير:

external-link copy
23 : 89

وَجِایْٓءَ یَوْمَىِٕذٍ بِجَهَنَّمَ ۙ۬— یَوْمَىِٕذٍ یَّتَذَكَّرُ الْاِنْسَانُ وَاَنّٰی لَهُ الذِّكْرٰی ۟ؕ

আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব? info
التفاسير:

external-link copy
24 : 89

یَقُوْلُ یٰلَیْتَنِیْ قَدَّمْتُ لِحَیَاتِیْ ۟ۚ

(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোঁহেঁতেন, info
التفاسير:

external-link copy
25 : 89

فَیَوْمَىِٕذٍ لَّا یُعَذِّبُ عَذَابَهٗۤ اَحَدٌ ۟ۙ

সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব। info
التفاسير:

external-link copy
26 : 89

وَّلَا یُوْثِقُ وَثَاقَهٗۤ اَحَدٌ ۟ؕ

আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব। info
التفاسير:

external-link copy
27 : 89

یٰۤاَیَّتُهَا النَّفْسُ الْمُطْمَىِٕنَّةُ ۟ۗۙ

হে প্ৰশান্ত আত্মা! info
التفاسير:

external-link copy
28 : 89

ارْجِعِیْۤ اِلٰی رَبِّكِ رَاضِیَةً مَّرْضِیَّةً ۟ۚ

তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ, info
التفاسير:

external-link copy
29 : 89

فَادْخُلِیْ فِیْ عِبٰدِیْ ۟ۙ

লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা, info
التفاسير:

external-link copy
30 : 89

وَادْخُلِیْ جَنَّتِیْ ۟۠

আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা। info
التفاسير: