Qurani Kərimin mənaca tərcüməsi - Əsami dilinə tərcümə - Rəfiqulislam Həbiburrahmən.

আন-নাজম

external-link copy
1 : 53

وَالنَّجْمِ اِذَا هَوٰی ۟ۙ

শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়, info
التفاسير:

external-link copy
2 : 53

مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوٰی ۟ۚ

তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও হোৱা নাই, info
التفاسير:

external-link copy
3 : 53

وَمَا یَنْطِقُ عَنِ الْهَوٰی ۟ؕۚ

আৰু তেওঁ মনে সজা কথা নকয়। info
التفاسير:

external-link copy
4 : 53

اِنْ هُوَ اِلَّا وَحْیٌ یُّوْحٰی ۟ۙ

এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়, info
التفاسير:

external-link copy
5 : 53

عَلَّمَهٗ شَدِیْدُ الْقُوٰی ۟ۙ

তেওঁক শিক্ষা দান কৰে, প্ৰবল শক্তিধৰ (ফিৰিস্তা জিব্ৰীলে), info
التفاسير:

external-link copy
6 : 53

ذُوْ مِرَّةٍ ؕ— فَاسْتَوٰی ۟ۙ

সৌন্দৰ্যপূৰ্ণ সত্ত্বা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল, info
التفاسير:

external-link copy
7 : 53

وَهُوَ بِالْاُفُقِ الْاَعْلٰی ۟ؕ

আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত, info
التفاسير:

external-link copy
8 : 53

ثُمَّ دَنَا فَتَدَلّٰی ۟ۙ

তাৰ পিছত তেওঁ (ৰাছুলৰ) নিকটৱৰ্তী হ’ল, অতি নিকটৱৰ্তী, info
التفاسير:

external-link copy
9 : 53

فَكَانَ قَابَ قَوْسَیْنِ اَوْ اَدْنٰی ۟ۚ

ফলত উভয়ৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম। info
التفاسير:

external-link copy
10 : 53

فَاَوْحٰۤی اِلٰی عَبْدِهٖ مَاۤ اَوْحٰی ۟ؕ

তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া আছিল সেয়া অহী কৰিলে। info
التفاسير:

external-link copy
11 : 53

مَا كَذَبَ الْفُؤَادُ مَا رَاٰی ۟

তেওঁ যি দেখিছে, তেওঁৰ অন্তৰে সেইবোৰক অস্বীকাৰ কৰা নাই; info
التفاسير:

external-link copy
12 : 53

اَفَتُمٰرُوْنَهٗ عَلٰی مَا یَرٰی ۟

তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি? info
التفاسير:

external-link copy
13 : 53

وَلَقَدْ رَاٰهُ نَزْلَةً اُخْرٰی ۟ۙ

আৰু নিশ্চয় তেওঁক তেওঁ আৰু এবাৰ দেখিছিল। info
التفاسير:

external-link copy
14 : 53

عِنْدَ سِدْرَةِ الْمُنْتَهٰی ۟

ছিদৰাতুল মুনতাহাৰ ওচৰত, info
التفاسير:

external-link copy
15 : 53

عِنْدَهَا جَنَّةُ الْمَاْوٰی ۟ؕ

যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত। info
التفاسير:

external-link copy
16 : 53

اِذْ یَغْشَی السِّدْرَةَ مَا یَغْشٰی ۟ۙ

যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল, info
التفاسير:

external-link copy
17 : 53

مَا زَاغَ الْبَصَرُ وَمَا طَغٰی ۟

তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই। info
التفاسير:

external-link copy
18 : 53

لَقَدْ رَاٰی مِنْ اٰیٰتِ رَبِّهِ الْكُبْرٰی ۟

নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ কিছুমান মহান নিদৰ্শনাৱলী দেখিছিল; info
التفاسير:

external-link copy
19 : 53

اَفَرَءَیْتُمُ اللّٰتَ وَالْعُزّٰی ۟ۙ

এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা? info
التفاسير:

external-link copy
20 : 53

وَمَنٰوةَ الثَّالِثَةَ الْاُخْرٰی ۟

আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে? info
التفاسير:

external-link copy
21 : 53

اَلَكُمُ الذَّكَرُ وَلَهُ الْاُ ۟

এইটো কেনে ধৰণৰ কথা, তোমালোকৰ বাবে পুত্ৰ সন্তান আৰু আল্লাহৰ বাবে কন্যা সন্তান? info
التفاسير:

external-link copy
22 : 53

تِلْكَ اِذًا قِسْمَةٌ ضِیْزٰی ۟

তেনেহ’লে এয়া দেখোন এটা অসঙ্গত বণ্টন। info
التفاسير:

external-link copy
23 : 53

اِنْ هِیَ اِلَّاۤ اَسْمَآءٌ سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّاۤ اَنْزَلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ— اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَمَا تَهْوَی الْاَنْفُسُ ۚ— وَلَقَدْ جَآءَهُمْ مِّنْ رَّبِّهِمُ الْهُدٰی ۟ؕ

দৰাচলতে এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নিজেই ৰাখিছা, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰহে অনুসৰণ কৰে, অথচ নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে। info
التفاسير:

external-link copy
24 : 53

اَمْ لِلْاِنْسَانِ مَا تَمَنّٰی ۟ؗۖ

মানুহে যি বিচাৰে সেইটোৱে সি পায়নে? info
التفاسير:

external-link copy
25 : 53

فَلِلّٰهِ الْاٰخِرَةُ وَالْاُوْلٰی ۟۠

প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই। info
التفاسير:

external-link copy
26 : 53

وَكَمْ مِّنْ مَّلَكٍ فِی السَّمٰوٰتِ لَا تُغْنِیْ شَفَاعَتُهُمْ شَیْـًٔا اِلَّا مِنْ بَعْدِ اَنْ یَّاْذَنَ اللّٰهُ لِمَنْ یَّشَآءُ وَیَرْضٰی ۟

আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, যিসকলৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাক অনুমতি দিলে (তাৰ বিষয়টো সুকীয়া)। info
التفاسير: