Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi.

আল-হা-ক্বাহ

Surənin məqsədlərindən:
إثبات أن وقوع القيامة والجزاء فيها حقٌّ لا ريب فيه.
কিয়ামত তথা প্ৰতিদান দিৱস অনুষ্ঠিত হোৱাটো খাটাং, ইয়াত কোনো ধৰণৰ সন্দেহ নাই। info

external-link copy
1 : 69

اَلْحَآقَّةُ ۟ۙ

আল্লাহ তাআলাই পুনৰুত্থানৰ সময়ৰ কথা উল্লেখ কৰিছে, যিটো সকলোৱে অতিক্ৰম কৰিব লাগিব। info
التفاسير:

external-link copy
2 : 69

مَا الْحَآقَّةُ ۟ۚ

আকৌ এই প্ৰশ্নৰ মাধ্যমেৰে পুনৰুত্থানৰ গুৰুত্ব বৃদ্ধি কৰিছে যে, সেই অৱশ্যম্ভাৱী ঘটনাটো কি? info
التفاسير:

external-link copy
3 : 69

وَمَاۤ اَدْرٰىكَ مَا الْحَآقَّةُ ۟ؕ

আৰু কিহে আপোনাক জনাব যে সেই অৱশ্যাম্ভাৱী ঘটনাটো কি? info
التفاسير:

external-link copy
4 : 69

كَذَّبَتْ ثَمُوْدُ وَعَادٌ بِالْقَارِعَةِ ۟

ছলেহ আলাইহিছ ছালামৰ সম্প্ৰদায় ছামুদ আৰু হুদ আলাইহিছ ছালামৰ সম্প্ৰদায় আদ জাতিয়ে ক্বিয়ামতক অস্বীকাৰ কৰিছিল, যি ক্বিয়ামতৰ ভয়-ভীতিয়ে মানুহক কপাই তুলিব। info
التفاسير:

external-link copy
5 : 69

فَاَمَّا ثَمُوْدُ فَاُهْلِكُوْا بِالطَّاغِیَةِ ۟

সেয়ে ছামুদ সম্প্ৰদায়ক আল্লাহে অতি তীব্ৰ আৰু ভয়ানক শব্দৰ জৰিয়তে ধংস কৰি দিছে। info
التفاسير:

external-link copy
6 : 69

وَاَمَّا عَادٌ فَاُهْلِكُوْا بِرِیْحٍ صَرْصَرٍ عَاتِیَةٍ ۟ۙ

আৰু আদ সম্প্ৰদায়ক আল্লাহে ধ্বংস কৰিছে অতি ঠাণ্ডা প্ৰবল ধুমুহাৰ দ্বাৰা। info
التفاسير:

external-link copy
7 : 69

سَخَّرَهَا عَلَیْهِمْ سَبْعَ لَیَالٍ وَّثَمٰنِیَةَ اَیَّامٍ ۙ— حُسُوْمًا فَتَرَی الْقَوْمَ فِیْهَا صَرْعٰی ۙ— كَاَنَّهُمْ اَعْجَازُ نَخْلٍ خَاوِیَةٍ ۟ۚ

আল্লহে ইয়াক সাত ৰাতি আৰু আঠ দিনৰ বাবে প্ৰেৰিত কৰিছিল। যিয়ে সিহঁতক ধংস কৰিছিল। ফলত আপুনি দেখিবলৈ পালেহেঁতেন যে সিহঁত ধংসৰ পিছত মাটিৰ ওপৰত নিজ এলাকাত এনেকৈ পৰি আছে যেনিবা মাটিৰ ওপৰত জৰাজীৰ্ণ খেজুৰ গছৰ কাণ্ডহে। info
التفاسير:

external-link copy
8 : 69

فَهَلْ تَرٰی لَهُمْ مِّنْ بَاقِیَةٍ ۟

সেয়েহে এই শাস্তিৰ পিছত সিহঁতৰ মাজৰ কাৰোবাক আপুনি দেখিবলৈ পাইছেনে? info
التفاسير:
Bu səhifədə olan ayələrdən faydalar:
• الصبر خلق محمود لازم للدعاة وغيرهم.
ধৈৰ্য এক প্ৰশংসনীয় বৈশিষ্ট্য। যিটো দাঈ তথা আল্লাহৰ ফালে আহ্বানকাৰী আৰু অন্য ব্যক্তি সলকৰ বাবে আৱেশ্যক। info

• التوبة تَجُبُّ ما قبلها وهي من أسباب اصطفاء الله للعبد وجعله من عباده الصالحين.
তাওবাই পূৰ্বৰ পাপসমূহ মচি দিয়ে। আৰু তাওবাৰ কাৰণে আল্লাহে বান্দাক মনোনীত কৰে আৰু তাক নিজৰ সৎ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰে। info

• تنوّع ما يرسله الله على الكفار والعصاة من عذاب دلالة على كمال قدرته وكمال عدله.
কাফিৰ আৰু অবাধ্যকাৰীসকলৰ প্ৰতি ভিন ভিন ধৰণৰ শাস্তি প্ৰেৰণ কৰাটো এই কথা প্ৰমাণিত কৰে যে আল্লাহ তাআলা অতি সামৰ্থবান আৰু ন্যায়প্ৰিয়। info

external-link copy
9 : 69

وَجَآءَ فِرْعَوْنُ وَمَنْ قَبْلَهٗ وَالْمُؤْتَفِكٰتُ بِالْخَاطِئَةِ ۟ۚ

ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসী অৰ্থাৎ লুত আলাইহিছ ছালামৰ সম্প্ৰদায়ৰ লোকে শ্বিৰ্ক আৰু অবাধ্যতাত লিপ্ত হৈছিল। info
التفاسير:

external-link copy
10 : 69

فَعَصَوْا رَسُوْلَ رَبِّهِمْ فَاَخَذَهُمْ اَخْذَةً رَّابِیَةً ۟

আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই নিজ ৰাছুলৰ লগত অবাধ্য আচৰণ কৰিছিল আৰু তেওঁক অস্বীকাৰ কৰিছিল। ফলত আল্লহে সিহঁতক তাতকৈ অধিক কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিছিল, যাৰ দ্বাৰা সিহঁতক ধ্বংস কৰা হৈছে। info
التفاسير:

external-link copy
11 : 69

اِنَّا لَمَّا طَغَا الْمَآءُ حَمَلْنٰكُمْ فِی الْجَارِیَةِ ۟ۙ

যেতিয়া পানী বিপদৰ সীমা চেৰাই গৈছিল তেতিয়া আমি তোমালোকৰ পূৰ্বপুৰুষ সকলক সেই নাৱত আৰোহণ কৰাইছিলো যিটো নূহ আলাইহিছ ছালামে আমাৰ আদেশমৰ্মে তৈয়াৰ কৰিছিল। info
التفاسير:

external-link copy
12 : 69

لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَّتَعِیَهَاۤ اُذُنٌ وَّاعِیَةٌ ۟

যাতে আমি নাও আৰু ইয়াৰ কাহিনীক এক শিক্ষাৰ সামগ্ৰী হিচাপে চিহ্নিত কৰি দিও যে, কাফিৰবিলাকৰ ধংস আৰু মুমিনসকলক মুক্তিৰ প্ৰমাণ হিচাপে দেখাব পৰা যায় আৰু ইয়াক এনেকুৱা কাণে যাতে মনত ৰাখিব পাৰে যিয়ে শুনা মাত্ৰকে মনত ৰাখে। info
التفاسير:

external-link copy
13 : 69

فَاِذَا نُفِخَ فِی الصُّوْرِ نَفْخَةٌ وَّاحِدَةٌ ۟ۙ

তাৰ পিছত যেতিয়া শিঙাত ফুঁ দিয়া কাৰ্যত নিযুক্ত ফিৰিস্তাই শিঙাত এটা ফুঁ মাৰিব। অৰ্থাৎ এইটো হব দ্বিতীয় ফুঁ। info
التفاسير:

external-link copy
14 : 69

وَّحُمِلَتِ الْاَرْضُ وَالْجِبَالُ فَدُكَّتَا دَكَّةً وَّاحِدَةً ۟ۙ

আৰু পৃথিৱী তথা পাহাৰসমূহক উঠাই নিয়া হব আৰু মাত্ৰ এটা আঘাত কৰা হব, ফলত পৃথিৱী তথা তাৰ ওপৰত থকা পাহাৰসমূহ চূৰ্ণ- বিচূৰ্ণ হৈ যাব। info
التفاسير:

external-link copy
15 : 69

فَیَوْمَىِٕذٍ وَّقَعَتِ الْوَاقِعَةُ ۟ۙ

যিদিনাখন এইবোৰ হব সিদিনাই ক্বিয়ামত সংঘটিত হ’ব। info
التفاسير:

external-link copy
16 : 69

وَانْشَقَّتِ السَّمَآءُ فَهِیَ یَوْمَىِٕذٍ وَّاهِیَةٌ ۟ۙ

আৰু সিদিনাখন আকাশ বিদীৰ্ণ হব যাতে তাৰ ফাটেৰে ফিৰিস্তাসকল অৱতীৰ্ণ হব পাৰে। সিদিনাখন ই দূৰ্বল হৈ যাব, যদিও ই আছিল অতি মজবুত। info
التفاسير:

external-link copy
17 : 69

وَّالْمَلَكُ عَلٰۤی اَرْجَآىِٕهَا ؕ— وَیَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ یَوْمَىِٕذٍ ثَمٰنِیَةٌ ۟ؕ

সিদিনাখন ফিৰিস্তাসকলে আকাশৰ বিভিন্ন প্ৰান্তত আৰু চোকে কোণে থাকিব। আৰু সেই ভীষণ দিনত আঠজন নিকটৱৰ্তী ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰি থাকিব। info
التفاسير:

external-link copy
18 : 69

یَوْمَىِٕذٍ تُعْرَضُوْنَ لَا تَخْفٰی مِنْكُمْ خَافِیَةٌ ۟

সিদিনাখন তোমালোকক (হে মানৱ) আল্লাহৰ সন্মুখত উপস্থিত কৰা হ’ব। তোমালোকৰ কোনো কথাই আল্লাহৰ পৰা গোপন হৈ নাথাকিব। বৰং আল্লাহে তোমালোকৰ সকলো কথাই জানে। info
التفاسير:

external-link copy
19 : 69

فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ فَیَقُوْلُ هَآؤُمُ اقْرَءُوْا كِتٰبِیَهْ ۟ۚ

তাৰ পিছত সেই ব্যক্তি, যাক তাৰ কৰ্মপত্ৰ তাৰ সোঁ হাতত দিয়া হব তেওঁ আনন্দ আৰু সন্তুষ্ট হৈ কবঃ লোৱা, মোৰ কৰ্মপত্ৰ পঢ়ি চোৱা। info
التفاسير:

external-link copy
20 : 69

اِنِّیْ ظَنَنْتُ اَنِّیْ مُلٰقٍ حِسَابِیَهْ ۟ۚ

মই পৃথিৱীত জানিছিলো আৰু বিশ্বাস কৰিছিলো যে মোক পুনৰ জীৱিত কৰা হ’ব আৰু নিজৰ কৰ্মৰ প্ৰতিফল বা পৰিণাম পাব লাগিব। info
التفاسير:

external-link copy
21 : 69

فَهُوَ فِیْ عِیْشَةٍ رَّاضِیَةٍ ۟ۙ

এতেকে তেওঁ উত্ফুল্লিত আৰু আনন্দময় জীৱনত থাকিব। কিয়নো তেওঁ প্ৰত্যেক ফালে চিৰস্থায়ী অনুগ্ৰহ দেখিবলৈ পাব। info
التفاسير:

external-link copy
22 : 69

فِیْ جَنَّةٍ عَالِیَةٍ ۟ۙ

এনেকুৱা জান্নাতত থাকিব যিটো মৰ্যদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত। info
التفاسير:

external-link copy
23 : 69

قُطُوْفُهَا دَانِیَةٌ ۟

তাৰ ফল-মূলবোৰ ভক্ষণকাৰীৰ অতি ওচৰত থাকিব। info
التفاسير:

external-link copy
24 : 69

كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَاۤ اَسْلَفْتُمْ فِی الْاَیَّامِ الْخَالِیَةِ ۟

সিহঁতক সন্মান স্বৰূপ কোৱা হ’বঃ এইবোৰ খোৱা আৰু পান কৰা। যাৰ ভিতৰত কোনো কষ্ট নাই। সেই সত্কৰ্মৰ বিনিময়ত যিবোৰ তোমালোকে বিগত দিনত কৰি আহিছা। info
التفاسير:

external-link copy
25 : 69

وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِشِمَالِهٖ ۙ۬— فَیَقُوْلُ یٰلَیْتَنِیْ لَمْ اُوْتَ كِتٰبِیَهْ ۟ۚ

আৰু সেই ব্যক্তি যাক তাৰ কৰ্মপত্ৰ বাওঁ হাতত দিয়া হব তেওঁ অতি লজ্জিত হৈ কবঃ হায়. যদি মোক মোৰ আমলনামা দিয়া নহলহেঁতেন! কিয়নো তাৰ ভিতৰত ইমান পাপ কৰ্ম আছে যিবোৰ মোক শাস্তিৰ অধিকাৰী প্ৰমাণিত কৰে। info
التفاسير:

external-link copy
26 : 69

وَلَمْ اَدْرِ مَا حِسَابِیَهْ ۟ۚ

আৰু হায়! যদি মই নাজানিলোহেঁতেন যে মোৰ হিচাপ কি হ’ব? info
التفاسير:

external-link copy
27 : 69

یٰلَیْتَهَا كَانَتِ الْقَاضِیَةَ ۟ۚ

হায়! সেই মৃত্যু যিটো এবাৰ মোলৈ আহিছিল সেইটোৱে যদি এনেকুৱা হলেহেঁতেন যে তাৰ পিছত কেতিয়াও উত্থাপন কৰা নহলেহেঁতেন। info
التفاسير:

external-link copy
28 : 69

مَاۤ اَغْنٰی عَنِّیْ مَالِیَهْ ۟ۚ

মোৰ ধন- সম্পদে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। info
التفاسير:

external-link copy
29 : 69

هَلَكَ عَنِّیْ سُلْطٰنِیَهْ ۟ۚ

মোৰ প্ৰমাণ তথা সেই শক্তি আৰু সন্মান, মোৰ পৰা বিলুপ্ত হৈ গল যাৰ প্ৰতি মই নিৰ্ভৰ কৰিছিলো। info
التفاسير:

external-link copy
30 : 69

خُذُوْهُ فَغُلُّوْهُ ۟ۙ

আৰু কোৱা হ’বঃ (হে ফিৰিস্থাসকল) তাক ধৰা, তাৰ হাত ডিঙিৰ সৈতে বান্ধি দিয়া। info
التفاسير:

external-link copy
31 : 69

ثُمَّ الْجَحِیْمَ صَلُّوْهُ ۟ۙ

তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা, যাতে ইয়াৰ উত্তাপ ভোগ কৰিব পাৰে। info
التفاسير:

external-link copy
32 : 69

ثُمَّ فِیْ سِلْسِلَةٍ ذَرْعُهَا سَبْعُوْنَ ذِرَاعًا فَاسْلُكُوْهُ ۟ؕ

তাৰ পিছত তাক এনেকুৱা শিকলিৰে বান্ধি থোৱা, যাৰ দৈৰ্ঘ সত্তৰ হাত। info
التفاسير:

external-link copy
33 : 69

اِنَّهٗ كَانَ لَا یُؤْمِنُ بِاللّٰهِ الْعَظِیْمِ ۟ۙ

নিশ্চিয় সি মহান আল্লাহৰ প্ৰতি ঈমান আনা নাছিল। info
التفاسير:

external-link copy
34 : 69

وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ؕ

মিছকিনসকলক খাদ্য খোওৱাবলৈ অন্য মানুহক উত্সাহিত কৰা নাছিল। info
التفاسير:

external-link copy
35 : 69

فَلَیْسَ لَهُ الْیَوْمَ هٰهُنَا حَمِیْمٌ ۟ۙ

এতেকে ক্বিয়ামতৰ দিনা তেওঁৰ কোনো নিকটৱৰ্তী নাথাকিব, যিয়ে তাক শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব। info
التفاسير:
Bu səhifədə olan ayələrdən faydalar:
• المِنَّة التي على الوالد مِنَّة على الولد تستوجب الشكر.
পিতাৰ প্ৰতি উপকাৰ কৰিলে সন্তানৰ প্ৰতিও উপকাৰ হয় যাৰ কৃতজ্ঞতা পালন কৰা তাৰ প্ৰতি আৱশ্যক। info

• إطعام الفقير والحض عليه من أسباب الوقاية من عذاب النار.
ফকিৰ- মিছকিনক খাদ্য খোৱোওৱা আৰু তাৰ প্ৰতি মানুহক উত্সাহিত কৰা আল্লাহৰ শাস্তিৰ পৰা ৰেহাই পোৱাৰ উপায়। info

• شدة عذاب يوم القيامة تستوجب التوقي منه بالإيمان والعمل الصالح.
ক্বিয়ামতৰ দিনাৰ শাস্তিৰ কঠোৰতাই প্ৰমাণিত কৰে যে, তাৰ পৰা বাচিবলৈ ঈমান আৰু সত্কৰ্ম কৰা উচিত info

external-link copy
36 : 69

وَّلَا طَعَامٌ اِلَّا مِنْ غِسْلِیْنٍ ۟ۙ

আৰু তাৰ খাদ্যৰ বাবে জাহান্নামীসকলৰ শৰীৰৰ পৰা ওলোৱা পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব। info
التفاسير:

external-link copy
37 : 69

لَّا یَاْكُلُهٗۤ اِلَّا الْخَاطِـُٔوْنَ ۟۠

এইটো হৈছে পাপী আৰু অপৰাধীবিলাকৰ খাদ্য। info
التفاسير:

external-link copy
38 : 69

فَلَاۤ اُقْسِمُ بِمَا تُبْصِرُوْنَ ۟ۙ

আল্লাহ তাআলাই সেইবোৰ বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখি আছা। info
التفاسير:

external-link copy
39 : 69

وَمَا لَا تُبْصِرُوْنَ ۟ۙ

আৰু সেই বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখা নোপোৱা। info
التفاسير:

external-link copy
40 : 69

اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۚۙ

নিশ্চয় কোৰআন আল্লাহৰ বাণী। যিটো মানুহৰ আগত তেওঁৰ সন্মানিত ৰাছুলে পঢ়ি শুনাইছে। info
التفاسير:

external-link copy
41 : 69

وَّمَا هُوَ بِقَوْلِ شَاعِرٍ ؕ— قَلِیْلًا مَّا تُؤْمِنُوْنَ ۟ۙ

আৰু এয়া কোনো কবিৰ কথা নহয়। কিয়নো এয়া কোনো কবিতাৰ ৰূপত নহয়। তোমালোকে খুবেই কম ঈমান পোষণ কৰা। info
التفاسير:

external-link copy
42 : 69

وَلَا بِقَوْلِ كَاهِنٍ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ

আৰু এয়া কোনো গণকৰ কথাও নহয়। কিয়নো গণকৰ কথা এই কোনআনৰ পৰা পৰিপূৰ্ণ ভিন্ন। তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। info
التفاسير:

external-link copy
43 : 69

تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟

বৰং এয়া সকলো সৃষ্টিৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা গ্ৰন্থ। info
التفاسير:

external-link copy
44 : 69

وَلَوْ تَقَوَّلَ عَلَیْنَا بَعْضَ الْاَقَاوِیْلِ ۟ۙ

যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ নামত কোনো মনেসজা কথা কলেহঁতেন যিটো মই কোৱা নাই। info
التفاسير:

external-link copy
45 : 69

لَاَخَذْنَا مِنْهُ بِالْیَمِیْنِ ۟ۙ

তেন্তে আমি তাৰ পৰা প্ৰতিশোধ ললোহেঁতেন। আৰু তেখেতৰ সোঁ হাত নিজ শক্তি আৰু সামৰ্থৰ সৈতে ধৰিলোহেঁতেন। info
التفاسير:

external-link copy
46 : 69

ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِیْنَ ۟ؗۖ

তাৰ পিছত তেখেতৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহঁতেন। যিটো তেখেতৰ অন্তৰৰ লগত সংযোগ। info
التفاسير:

external-link copy
47 : 69

فَمَا مِنْكُمْ مِّنْ اَحَدٍ عَنْهُ حٰجِزِیْنَ ۟

এতেকে তোমালোকৰ মাজত কোনো ৰক্ষাকাৰী নাই, যিয়ে তেওঁক আমাৰ পৰা ৰক্ষা কৰিব। গতিকে তোমালোকৰ কাৰণে তেখেতে মোৰ প্ৰতি কোনো মনেসজা কথা ৰচনা কৰিব সেয়া অসম্ভৱ। info
التفاسير:

external-link copy
48 : 69

وَاِنَّهٗ لَتَذْكِرَةٌ لِّلْمُتَّقِیْنَ ۟

নিশ্চয় এই কোৰআন সেই সকলৰ বাবে শিক্ষা আৰু উপদেশ, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে। info
التفاسير:

external-link copy
49 : 69

وَاِنَّا لَنَعْلَمُ اَنَّ مِنْكُمْ مُّكَذِّبِیْنَ ۟

আৰু আমি নিশ্চয় জানো যে. তোমালোকৰ মাজৰ কিছুমানে এই কোৰআন অস্বীকাৰ কৰে। info
التفاسير:

external-link copy
50 : 69

وَاِنَّهٗ لَحَسْرَةٌ عَلَی الْكٰفِرِیْنَ ۟

নিশ্চিতৰূপে কোৰআন অস্বীকাৰ কৰাটো ক্বিয়ামতৰ দিনা ডাঙৰ অনুশোচনাৰ কাৰণ হ’ব। info
التفاسير:

external-link copy
51 : 69

وَاِنَّهٗ لَحَقُّ الْیَقِیْنِ ۟

আৰু কোৰআন পৰিপূৰ্ণ সুনিশ্চিত সত্য। যিটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ গ্ৰন্থ হোৱাত কোনো সন্দেহ আৰু সংশয় নাই। info
التفاسير:

external-link copy
52 : 69

فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠

এতেকে হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰি সেইবোৰ বিষয় নাকচ কৰক যিবোৰ তেওঁৰ সন্মানৰ পৰিপন্থী। আৰু আপোনাৰ প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰক। info
التفاسير:
Bu səhifədə olan ayələrdən faydalar:
• تنزيه القرآن عن الشعر والكهانة.
কোৰআন কোনো কবিতা নহয় আৰু কাহানীও নহয়। info

• خطر التَّقَوُّل على الله والافتراء عليه سبحانه.
আল্লাহৰ নামত কোনো মনেসজা কথা ৰচনা কৰা আৰু তাৰ প্ৰতি আৰোপ কৰাৰ ভয়াৱহতা। info

• الصبر الجميل الذي يحتسب فيه الأجر من الله ولا يُشكى لغيره.
উত্তম ধৈৰ্য হৈছে যাৰ ভিতৰত আল্লাহৰ পৰা পৰিণামৰ আশা কৰা হয় আৰু তেওঁৰ বাহিৰে কাৰো ওচৰত কোনো আবেদন নকৰা। info