وَلَا تَنْكِحُوا الْمُشْرِكٰتِ حَتّٰی یُؤْمِنَّ ؕ— وَلَاَمَةٌ مُّؤْمِنَةٌ خَیْرٌ مِّنْ مُّشْرِكَةٍ وَّلَوْ اَعْجَبَتْكُمْ ۚ— وَلَا تُنْكِحُوا الْمُشْرِكِیْنَ حَتّٰی یُؤْمِنُوْا ؕ— وَلَعَبْدٌ مُّؤْمِنٌ خَیْرٌ مِّنْ مُّشْرِكٍ وَّلَوْ اَعْجَبَكُمْ ؕ— اُولٰٓىِٕكَ یَدْعُوْنَ اِلَی النَّارِ ۖۚ— وَاللّٰهُ یَدْعُوْۤا اِلَی الْجَنَّةِ وَالْمَغْفِرَةِ بِاِذْنِهٖ ۚ— وَیُبَیِّنُ اٰیٰتِهٖ لِلنَّاسِ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟۠
হে মুমিনসকল! মুশ্বৰিকা নাৰীৰ লগত বিবাহ পাশত আৱদ্ধ নহবা, যেতিয়ালৈকে সিহঁতে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিব আৰু ইছলামত প্ৰৱেশ নকৰিব। নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰীণী এজনী দাসী, এজনী মূৰ্তি পূজা কৰা স্বাধীন নাৰীতকৈ উত্তম। যদিও তাইৰ সৌন্দৰ্য আৰু সম্পদে তোমালোকক আকৰ্ষিত নকৰক কিয়। এইদৰে মুছলিম নাৰীক মুশ্বৰিকসকলৰ লগত বিবাহ নিদিবা। আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা এজন দাস, এজন স্বাধীন মুশ্বৰিকতকৈ উত্তম। যদিও তোমালোকে তাক পছন্দ নকৰা কিয়। শ্বিৰ্কত লিপ্ত এইসকল পুৰুষ মহিলাই সিহঁতৰ কথা আৰু কৰ্মৰ দ্বাৰা জাহান্নামত লৈ যোৱা কৰ্মৰ পিনে আহ্বান কৰে। অথচ আল্লাহে সত্কৰ্মৰ পিনে আহ্বান কৰে, যিটো তেওঁৰ অনুমতি আৰু অনুগ্ৰহত জান্নাতত প্ৰৱেশৰ আৰু গুনাহৰ পৰা ক্ষমাৰ কাৰণ হয়। আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে সিহঁতে ইয়াৰ অৰ্থৰ পৰা শিক্ষা লৈ তাৰ ওপৰত আমল কৰে।
التفاسير: