የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን

আল-মায়িদাহ

external-link copy
1 : 5

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَوْفُوْا بِالْعُقُوْدِ ؕ۬— اُحِلَّتْ لَكُمْ بَهِیْمَةُ الْاَنْعَامِ اِلَّا مَا یُتْلٰی عَلَیْكُمْ غَیْرَ مُحِلِّی الصَّیْدِ وَاَنْتُمْ حُرُمٌ ؕ— اِنَّ اللّٰهَ یَحْكُمُ مَا یُرِیْدُ ۟

হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ (আৰু চুক্তিসমূহ) পূৰণ কৰা। যিবোৰ (জন্তুৰ কথা) তোমালোকৰ ওচৰত পাঠ কৰা হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাবিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে। info
التفاسير: