የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን

external-link copy
251 : 2

فَهَزَمُوْهُمْ بِاِذْنِ اللّٰهِ ۙ۫— وَقَتَلَ دَاوٗدُ جَالُوْتَ وَاٰتٰىهُ اللّٰهُ الْمُلْكَ وَالْحِكْمَةَ وَعَلَّمَهٗ مِمَّا یَشَآءُ ؕ— وَلَوْلَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَّفَسَدَتِ الْاَرْضُ وَلٰكِنَّ اللّٰهَ ذُوْ فَضْلٍ عَلَی الْعٰلَمِیْنَ ۟

এতেকে তেওঁলোকে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে। আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল। info
التفاسير: