የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን

external-link copy
246 : 2

اَلَمْ تَرَ اِلَی الْمَلَاِ مِنْ بَنِیْۤ اِسْرَآءِیْلَ مِنْ بَعْدِ مُوْسٰی ۘ— اِذْ قَالُوْا لِنَبِیٍّ لَّهُمُ ابْعَثْ لَنَا مَلِكًا نُّقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ ؕ— قَالَ هَلْ عَسَیْتُمْ اِنْ كُتِبَ عَلَیْكُمُ الْقِتَالُ اَلَّا تُقَاتِلُوْا ؕ— قَالُوْا وَمَا لَنَاۤ اَلَّا نُقَاتِلَ فِیْ سَبِیْلِ اللّٰهِ وَقَدْ اُخْرِجْنَا مِنْ دِیَارِنَا وَاَبْنَآىِٕنَا ؕ— فَلَمَّا كُتِبَ عَلَیْهِمُ الْقِتَالُ تَوَلَّوْا اِلَّا قَلِیْلًا مِّنْهُمْ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ۟

তুমি মুছাৰ পৰৱৰ্তী ইছৰাঈল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, ‘আমাৰ বাবে এজন ৰজা নিযুক্ত কৰি দিয়ক যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰোঁ’, তেওঁ ক’লে, ‘এনেকুৱা নহয়তো যে, তোমালোকক যুদ্ধৰ বিধান দিয়া হ’লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা’? সিহঁতে ক’লে, ‘আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান-সন্ততিৰ পৰা বহিষ্কৃত হৈছোঁ, তেতিয়াহ’লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম’? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে; আৰু আল্লাহে যালিমসকলৰ বিষয়ে ভালকৈয়ে অৱগত। info
التفاسير: