የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን

የገፅ ቁጥር:close

external-link copy
50 : 17

قُلْ كُوْنُوْا حِجَارَةً اَوْ حَدِیْدًا ۟ۙ

কোৱা, ‘যদি তোমালোকে শিল বা লো হৈ যোৱা, info
التفاسير:

external-link copy
51 : 17

اَوْ خَلْقًا مِّمَّا یَكْبُرُ فِیْ صُدُوْرِكُمْ ۚ— فَسَیَقُوْلُوْنَ مَنْ یُّعِیْدُنَا ؕ— قُلِ الَّذِیْ فَطَرَكُمْ اَوَّلَ مَرَّةٍ ۚ— فَسَیُنْغِضُوْنَ اِلَیْكَ رُءُوْسَهُمْ وَیَقُوْلُوْنَ مَتٰی هُوَ ؕ— قُلْ عَسٰۤی اَنْ یَّكُوْنَ قَرِیْبًا ۟

‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভবা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱতঃ সেয়া অতি শীঘ্ৰেই হ’ব’। info
التفاسير:

external-link copy
52 : 17

یَوْمَ یَدْعُوْكُمْ فَتَسْتَجِیْبُوْنَ بِحَمْدِهٖ وَتَظُنُّوْنَ اِنْ لَّبِثْتُمْ اِلَّا قَلِیْلًا ۟۠

যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা, লগতে তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময়হে অৱস্থান কৰিছিলা। info
التفاسير:

external-link copy
53 : 17

وَقُلْ لِّعِبَادِیْ یَقُوْلُوا الَّتِیْ هِیَ اَحْسَنُ ؕ— اِنَّ الشَّیْطٰنَ یَنْزَغُ بَیْنَهُمْ ؕ— اِنَّ الشَّیْطٰنَ كَانَ لِلْاِنْسَانِ عَدُوًّا مُّبِیْنًا ۟

আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয়, যিটো উত্তম। নিশ্চয় চয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু। info
التفاسير:

external-link copy
54 : 17

رَبُّكُمْ اَعْلَمُ بِكُمْ ؕ— اِنْ یَّشَاْ یَرْحَمْكُمْ اَوْ اِنْ یَّشَاْ یُعَذِّبْكُمْ ؕ— وَمَاۤ اَرْسَلْنٰكَ عَلَیْهِمْ وَكِیْلًا ۟

তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে, অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তিও দিব পাৰে, (আৰু হে নবী!) আমি তোমাক সিহঁতৰ ওপৰত কৰ্মবিধায়ক কৰি পঠোৱা নাই। info
التفاسير:

external-link copy
55 : 17

وَرَبُّكَ اَعْلَمُ بِمَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَلَقَدْ فَضَّلْنَا بَعْضَ النَّبِیّٖنَ عَلٰی بَعْضٍ وَّاٰتَیْنَا دَاوٗدَ زَبُوْرًا ۟

আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। নিশ্চয় আমি নবীসকলৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছোঁ আৰু দাউদক প্ৰদান কৰিছিলোঁ ঝাবূৰ। info
التفاسير:

external-link copy
56 : 17

قُلِ ادْعُوا الَّذِیْنَ زَعَمْتُمْ مِّنْ دُوْنِهٖ فَلَا یَمْلِكُوْنَ كَشْفَ الضُّرِّ عَنْكُمْ وَلَا تَحْوِیْلًا ۟

কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’। info
التفاسير:

external-link copy
57 : 17

اُولٰٓىِٕكَ الَّذِیْنَ یَدْعُوْنَ یَبْتَغُوْنَ اِلٰی رَبِّهِمُ الْوَسِیْلَةَ اَیُّهُمْ اَقْرَبُ وَیَرْجُوْنَ رَحْمَتَهٗ وَیَخَافُوْنَ عَذَابَهٗ ؕ— اِنَّ عَذَابَ رَبِّكَ كَانَ مَحْذُوْرًا ۟

সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ। info
التفاسير:

external-link copy
58 : 17

وَاِنْ مِّنْ قَرْیَةٍ اِلَّا نَحْنُ مُهْلِكُوْهَا قَبْلَ یَوْمِ الْقِیٰمَةِ اَوْ مُعَذِّبُوْهَا عَذَابًا شَدِیْدًا ؕ— كَانَ ذٰلِكَ فِی الْكِتٰبِ مَسْطُوْرًا ۟

আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি নিবিহিম; এয়াতো কিতাবত লিপিবদ্ধ আছে। info
التفاسير: