የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
43 : 9

عَفَا اللّٰهُ عَنْكَ ۚ— لِمَ اَذِنْتَ لَهُمْ حَتّٰی یَتَبَیَّنَ لَكَ الَّذِیْنَ صَدَقُوْا وَتَعْلَمَ الْكٰذِبِیْنَ ۟

হে নবী! আপুনি সিহঁতক জিহাদৰ পৰা পিছুৱাই থকাৰ যি অনুমতি প্ৰদান কৰিছিল, সেই নিৰ্ণয়ক আল্লাহে ক্ষমা কৰক, আপুনি কিয় সিহঁতক অনুমতি প্ৰদান কৰিছিল? অথচ এইটো স্পষ্টই হোৱা নাছিল যে, কাৰ আবেদন গ্ৰহণযোগ্য আৰু কাৰ গ্ৰহণযোগ্য নহয়। তেতিয়াহে আপুনি অগ্ৰহণযোগ্য আবেদন নাকচ কৰি, গ্ৰহণযোগ্য আবেদনকাৰীসকলক অনুমতি দিব পাৰিলেহেঁতেন। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب الجهاد بالنفس والمال كلما دعت الحاجة.
প্ৰয়োজন হ'লে জান মালৰ সৈতে জিহাদ কৰা অপৰিহাৰ্য। info

• الأيمان الكاذبة توجب الهلاك.
মিছা শপত, বিনাশৰ কাৰণ। info

• وجوب الاحتراز من العجلة، ووجوب التثبت والتأني، وترك الاغترار بظواهر الأمور، والمبالغة في التفحص والتريث.
খৰখেদাৰ পৰা বিৰত থকা, স্থিৰতা আৰু অটল থকা, প্ৰকাশ্য বিষয়ৰ প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰা লগতে যিকোনো বিষয়ে উত্তমভাৱে পৰীক্ষা নিৰীক্ষা কৰা অনিবাৰ্য। info

• من عناية الله بالمؤمنين تثبيطه المنافقين ومنعهم من الخروج مع عباده المؤمنين، رحمة بالمؤمنين ولطفًا من أن يداخلهم من لا ينفعهم بل يضرهم.
এয়া মুমিন বান্দাসকলৰ ওপৰত আল্লাহৰ অনুগ্ৰহ যে, তেওঁ মুনাফিকসকলক ভাৰাক্ৰান্ত কৰিছে আৰু সিহঁতক তেওঁৰ মুমিন বান্দাসকলৰ লগত ওলাবলৈ দিয়া নাই, যাতে তেওঁলোকৰ লগত এনেকুৱা লোক চামিল হ'ব নোৱাৰে, যিসকলৰ উপস্থিতিয়ে উপকাৰৰ পৰিবৰ্তে অপকাৰহে সাধন কৰিব। info