የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
49 : 8

اِذْ یَقُوْلُ الْمُنٰفِقُوْنَ وَالَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ غَرَّ هٰۤؤُلَآءِ دِیْنُهُمْ ؕ— وَمَنْ یَّتَوَكَّلْ عَلَی اللّٰهِ فَاِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟

তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া মুনাফিক তথা দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তিসকলে কৈ আছিল যে, এই মুছলিমসকলক সিহঁতৰ ধৰ্মই সংখ্যালঘু তথা অস্ত্ৰ পাতি কম থকাৰ পিছতো সংখ্যাগৰিষ্ঠ তথা সসস্ত্ৰ বাহিনীৰ লগত বিজয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰৱঞ্চনা কৰিছে। এনেকু মন্তব্যকাৰী ব্যক্তিসকলে আচলতে এই কথা নাজানে যে, যি ব্যক্তিয়ে এক আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু তেওঁৰ সহায়ৰ প্ৰতিশ্ৰুতিক সত্য বুলি স্বীকাৰ কৰিব, তেন্তে আল্লাহে নিশ্চয় তাক সহায় কৰিব, আল্লাহে কেতিয়াও তাক অসহায় অৱস্থাত নেৰিব, যদিও সি অকলশৰীয়া হয়। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• البَطَر مرض خطير ينْخَرُ في تكوين شخصية الإنسان، ويُعَجِّل في تدمير كيان صاحبه.
নিয়ামত পাই অহংকাৰ কৰা এটা ডাঙৰ ব্যাধি, যিটোৱে মানুহৰ ব্যক্তিত্ব নিৰ্মাণত বাধা প্ৰদান কৰে তথা মানুহক অতিসোনকালে ধ্বংস কৰাত সহায় কৰে। info

• الصبر يعين على تحمل الشدائد والمصاعب، وللصبر منفعة إلهية، وهي إعانة الله لمن صبر امتثالًا لأمره، وهذا مشاهد في تصرفات الحياة.
ধৈৰ্যই মানুহক কঠিন পৰিস্থিতি তথা বিপদৰ মুকাবিলা কৰাত সহায় কৰে। ধৈৰ্য ধাৰণত ঐশী উপকাৰ আছে। এতেকে যিয়ে আল্লাহৰ আদেশ পালন কৰি ধৈৰ্য ধাৰণ কৰে, তেওঁ আল্লাহৰ ফালৰ পৰা সহায়প্ৰাপ্ত। মানুহৰ জীৱনত এয়া প্ৰায় পৰিলক্ষিত হোৱা দেখা যায়। info

• التنازع والاختلاف من أسباب انقسام الأمة، وإنذار بالهزيمة والتراجع، وذهاب القوة والنصر والدولة.
পৰস্পৰ বিবাদ আৰু মতানৈক্যৰ ফলত উম্মত বহুধাবিভক্ত হয়, ফলত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়, ইয়াৰ ফলত শক্তি, সহায় আৰু শাসন নাইকীয়া হৈ যায়। info

• الإيمان يوجب لصاحبه الإقدام على الأمور الهائلة التي لا يُقْدِم عليها الجيوش العظام.
ঈমানে মুমিনৰ দ্বাৰাই এনেকুৱা এনেকুৱা অলৌকিকতা প্ৰদৰ্শন কৰায়, যিটো ডাঙৰ ডাঙৰ সৈন্যবাহিনীৰ দ্বাৰাও সম্ভৱ নহয়। info