የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আন-নাবা'

ከመዕራፉ ዓላማዎች:
بيان أدلة القدرة على البعث والتخويف من العاقبة.
পুনৰুত্থান সম্পৰ্কীয় ক্ষমতাৰ দলিলসমূহৰ বৰ্ণনা, আৰু শেষ পৰিণামকলৈ ভীতি প্ৰদৰ্শন কৰা হৈছে। info

external-link copy
1 : 78

عَمَّ یَتَسَآءَلُوْنَ ۟ۚ

আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামক পঠোৱাৰ পিছতো মুশ্বৰিক সকলে পৰস্পৰে কোনটো বস্তুৰ বিষয়ে সোধ-পোচ কৰি আছে। info
التفاسير:

external-link copy
2 : 78

عَنِ النَّبَاِ الْعَظِیْمِ ۟ۙ

সিহঁতে ডাঙৰ খবৰৰ বিষয়ে পৰস্পৰে সুধি আছে আৰু সেয়া হৈছে এই কোৰআন, যিটো তেওঁলোকৰ ৰছুলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। যাৰ ভিতৰত পুনৰ বাৰ জীৱিত কৰি উঠোৱাৰ সংবাদ আছে। info
التفاسير:

external-link copy
3 : 78

الَّذِیْ هُمْ فِیْهِ مُخْتَلِفُوْنَ ۟ؕ

এই কোৰআন নো কি, এই সম্পৰ্কে সিহঁতৰ মাজতেই মতভেদ আছে। কোনোবাই ইয়াক যাদু বুলি কয়, কোনোবাই কবিতা আৰু কোনোবাই বিগত লোকসকলৰ মনে সজা কাহানী বুলি কয়। info
التفاسير:

external-link copy
4 : 78

كَلَّا سَیَعْلَمُوْنَ ۟ۙ

সিহঁতে যিদৰে ভাবিছে ঘটনাটো তেনেকুৱা নহয়। কোৰআনক অস্বীকাৰকাৰী সকলে অচিৰেই অস্বীকাৰ কৰাৰ বেয়া পৰিণাম সম্পৰ্কে অৱগত হব। info
التفاسير:

external-link copy
5 : 78

ثُمَّ كَلَّا سَیَعْلَمُوْنَ ۟

আকৌ সিহঁতৰ আগত ইয়াৰ পুষ্টি হৈ যাব। info
التفاسير:

external-link copy
6 : 78

اَلَمْ نَجْعَلِ الْاَرْضَ مِهٰدًا ۟ۙ

আমি পৃথিৱীখনক সিহঁতৰ বাবে বিছনা বনোৱা নাইনে? যাতে সিহঁতে ইয়াৰ ওপৰত থাকিব পাৰে। info
التفاسير:

external-link copy
7 : 78

وَّالْجِبَالَ اَوْتَادًا ۟ۙ

আৰু পৃথিৱীৰ ওপৰত পাহাৰবোৰক গজল স্বৰূপ বনাইছোঁ যিবোৰে পৃথিৱীখনক লৰচৰৰ পৰা বিৰত ৰাখিব পাৰে। info
التفاسير:

external-link copy
8 : 78

وَّخَلَقْنٰكُمْ اَزْوَاجًا ۟ۙ

আৰু আমি তোমালোকক পুৰুষ আৰু মহিলাৰূপে সৃষ্টি কৰিছোঁ। info
التفاسير:

external-link copy
9 : 78

وَّجَعَلْنَا نَوْمَكُمْ سُبَاتًا ۟ۙ

আৰু আমি তোমালোকৰ টোপনিক তোমালোকৰ ক্লান্তিৰ পৰা পৃথক হোৱাৰ মাধ্যম বনাইছো, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা। info
التفاسير:

external-link copy
10 : 78

وَّجَعَلْنَا الَّیْلَ لِبَاسًا ۟ۙ

আৰু আমি ৰাতিক তোমালোকৰ বাবে আৱৰণ স্বৰূপে বনাইছোঁ, যাৰ অন্ধকাৰে তোমালোকক এনেদৰে আৱৰি ৰাখে যিদৰে তোমালোকে তোমালোকৰ লজ্জাস্থানক কাপোৰেৰে আৱৰি ৰাখা। info
التفاسير:

external-link copy
11 : 78

وَّجَعَلْنَا النَّهَارَ مَعَاشًا ۟ۚ

আৰু দিনক উপাৰ্জন আৰু জীৱিকা সন্ধানৰ ক্ষেত্ৰ বনাইছো। info
التفاسير:

external-link copy
12 : 78

وَبَنَیْنَا فَوْقَكُمْ سَبْعًا شِدَادًا ۟ۙ

আৰু তোমালোকৰ ওপৰত সাতটা মজবুত আকাশ বনাইছোঁ। info
التفاسير:

external-link copy
13 : 78

وَّجَعَلْنَا سِرَاجًا وَّهَّاجًا ۟ۙ

আৰু সূৰ্যক তীব্ৰ প্ৰজ্বলন আৰু পোহৰ দিয়া প্ৰদীপ বনাইছোঁ। info
التفاسير:

external-link copy
14 : 78

وَّاَنْزَلْنَا مِنَ الْمُعْصِرٰتِ مَآءً ثَجَّاجًا ۟ۙ

মেঘৰ পৰা ধাৰাষাৰ বৰষুণ বৰ্ষণ কৰিছোঁ। info
التفاسير:

external-link copy
15 : 78

لِّنُخْرِجَ بِهٖ حَبًّا وَّنَبَاتًا ۟ۙ

যাতে তাৰ পৰা বিভিন্ন প্ৰকাৰৰ অন্ন আৰু নানা প্ৰকাৰৰ বনস্পতি উদ্ভিদ গজাব পাৰোঁ। info
التفاسير:

external-link copy
16 : 78

وَّجَنّٰتٍ اَلْفَافًا ۟ؕ

আৰু একে প্ৰকাৰৰ গছেৰে ঘন বাগান বনাইছোঁ। info
التفاسير:

external-link copy
17 : 78

اِنَّ یَوْمَ الْفَصْلِ كَانَ مِیْقَاتًا ۟ۙ

নিশ্চয় মাখলোকৰ (সৃষ্টিসকলৰ) মাজত বিচাৰৰ এটা সময় নিৰ্ধাৰিত আছে, সেয়া ইফাল-সিফাল নহয়। info
التفاسير:

external-link copy
18 : 78

یَّوْمَ یُنْفَخُ فِی الصُّوْرِ فَتَاْتُوْنَ اَفْوَاجًا ۟ۙ

যিদিনাখন ফিৰিস্তাই দ্বিতীয় বাৰ শিঙাত ফু দিব তেতিয়া তোমালোকে দলে দলে আহিবা। info
التفاسير:

external-link copy
19 : 78

وَّفُتِحَتِ السَّمَآءُ فَكَانَتْ اَبْوَابًا ۟ۙ

আৰু আকাশ খুলি দিয়া হ'ব, তেতিয়া ই উন্মুক্ত দুৱাৰৰ দৰে খোল খাব।
info
التفاسير:

external-link copy
20 : 78

وَّسُیِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا ۟ؕ

আৰু পাহাৰবোৰক গতি দিয়া হব তেতিয়া সেইবোৰ উৰন্ত ধূলি-কণা হৈ মৰীচিকাৰ দৰে দেখা যাব। info
التفاسير:

external-link copy
21 : 78

اِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا ۟ۙ

নিশ্চয় জাহান্নাম খাপ পাতি অপেক্ষা কৰি আছে। info
التفاسير:

external-link copy
22 : 78

لِّلطَّاغِیْنَ مَاٰبًا ۟ۙ

যালিমসকলৰ ওভতি যোৱাৰ ঠাই, যত সিহঁতে ওভতি যাব লাগিব। info
التفاسير:

external-link copy
23 : 78

لّٰبِثِیْنَ فِیْهَاۤ اَحْقَابًا ۟ۚ

তাৰ ভিতৰত ইমান দীৰ্ঘকাল লৈকে থাকিব যাৰ কোনো অন্ত নাই। info
التفاسير:

external-link copy
24 : 78

لَا یَذُوْقُوْنَ فِیْهَا بَرْدًا وَّلَا شَرَابًا ۟ۙ

যাৰ ভিতৰত জাহান্নামৰ জুই ঠাণ্ডা কৰিব পৰা বতাহ নাপাব আৰু স্বাদযুক্ত কোনো পানীও সেৱন কৰিবলৈ নাপাব। info
التفاسير:

external-link copy
25 : 78

اِلَّا حَمِیْمًا وَّغَسَّاقًا ۟ۙ

অতি উত্তপ্ত গৰম পানী আৰু জাহান্নামী সকলৰ শৰীৰৰ পৰা বৈ যোৱা পুঁজৰ বাহিৰে একোৱে নাথাকিব। info
التفاسير:

external-link copy
26 : 78

جَزَآءً وِّفَاقًا ۟ؕ

এয়া সিহঁতৰ সেই কুফুৰী ( অস্বীকাৰ) আৰু পথভ্ৰষ্টৰ অনূৰূপ পৰিণাম যাৰ ওপৰত সিহঁতে পৃথিৱীত জীৱন-যাপন কৰিছিল। info
التفاسير:

external-link copy
27 : 78

اِنَّهُمْ كَانُوْا لَا یَرْجُوْنَ حِسَابًا ۟ۙ

নিশ্চয় তেওঁলোকে আল্লাহে হিচাপ লোৱাৰ প্ৰতি ভয় কৰা নাছিল। কিয়নো তেওঁলোকে পুনৰ উত্থানৰ প্ৰতি বিশ্বাস কৰা নাছিল। যদি পুনৰ জীৱনৰ প্ৰতি ভয় থাকিলেহেঁতেন তেন্তে তেওঁলোকে আল্লাহৰ প্ৰতি ইমান আনিলেহেঁতেন আৰু সৎ কৰ্ম কৰিলেহেঁতেন। info
التفاسير:

external-link copy
28 : 78

وَّكَذَّبُوْا بِاٰیٰتِنَا كِذَّابًا ۟ؕ

আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা নিদৰ্শনবোৰ অস্বীকাৰ কৰিছিল। info
التفاسير:

external-link copy
29 : 78

وَكُلَّ شَیْءٍ اَحْصَیْنٰهُ كِتٰبًا ۟ۙ

আৰু আমি তেওঁলোকৰ সকলো কৰ্ম সঠিকৰূপে হিচাপ কৰি ৰাখিছো আৰু সেয়া তেওঁলোকৰ আমল নামাত লিখা আছে। info
التفاسير:

external-link copy
30 : 78

فَذُوْقُوْا فَلَنْ نَّزِیْدَكُمْ اِلَّا عَذَابًا ۟۠

গতিকে হে অপৰাধীসকল! এই চিৰ শাস্তি উপভোগ কৰি থাকা আৰু আমি তোমালোকৰ শাস্তি বৃদ্ধি কৰিয়ে থাকিম। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إحكام الله للخلق دلالة على قدرته على إعادته.
সৃষ্টিৰ বাবে আল্লাহৰ মজবুত পদ্ধতিয়ে প্ৰমাণ কৰে যে, আল্লাহ তাআলা তেওঁলোকক পুনৰ জীৱিত কৰাৰ ক্ষমতা ৰাখে। info

• الطغيان سبب دخول النار.
অপৰাধে মানুহক জাহান্নামলৈ লৈ যায়। info

• مضاعفة العذاب على الكفار.
কাফিৰ সকলৰ শাস্তি কেই গুণলৈ বৃদ্ধি কৰি দিয়া হব। info

external-link copy
31 : 78

اِنَّ لِلْمُتَّقِیْنَ مَفَازًا ۟ۙ

নিশ্চয় যি সকলে তেওঁলোকৰ পালন কৰ্তাৰ আদেশ পালন কৰি আৰু নিষেধাজ্ঞাৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰে তেওঁলোকৰ বাবে এনেকুৱা সফলদায়ক স্থান আছে যত তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰিব পাৰিব, সেয়া হৈছে জান্নাত। info
التفاسير:

external-link copy
32 : 78

حَدَآىِٕقَ وَاَعْنَابًا ۟ۙ

বাগান আৰু আঙুৰ আছে। info
التفاسير:

external-link copy
33 : 78

وَّكَوَاعِبَ اَتْرَابًا ۟ۙ

আৰু সম বয়সীয়া নৱ-যুৱতীসকল। info
التفاسير:

external-link copy
34 : 78

وَّكَاْسًا دِهَاقًا ۟ؕ

আৰু মদ ভৰা গিলাছ। info
التفاسير:

external-link copy
35 : 78

لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا كِذّٰبًا ۟ۚۖ

তেওঁলোকে জান্নাতত কোনো অনাৰ্থক আৰু মিছা কথা নুশুনিব লগতে কোনেও কাকো মিছা কথা নকব। info
التفاسير:

external-link copy
36 : 78

جَزَآءً مِّنْ رَّبِّكَ عَطَآءً حِسَابًا ۟ۙ

যিয়ে আকাশ আৰু পৃথিৱী তথা এই দুয়োৰ মাজত অৱস্থিত সকলো বস্তুৰ পালনকৰ্তা তেওঁ ইহকাল আৰু পৰকাল দুয়ো স্থানতে কৰুণাময়। পৃথিৱী আৰু আকাশৰ সকলোৱে আল্লাহৰ অনুমতি অবিহনে একুৱে কৰিব নোৱাৰিব। info
التفاسير:

external-link copy
37 : 78

رَّبِّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا الرَّحْمٰنِ لَا یَمْلِكُوْنَ مِنْهُ خِطَابًا ۟ۚ

তেৱেঁই আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, তেওঁ পৃথিৱী আৰু আখিৰাতত পৰম কৰুণাময়, পৃথিৱী আৰু আকাশত থকা কোনেও তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব নোৱাৰিব। info
التفاسير:

external-link copy
38 : 78

یَوْمَ یَقُوْمُ الرُّوْحُ وَالْمَلٰٓىِٕكَةُ صَفًّا ۙۗؕ— لَّا یَتَكَلَّمُوْنَ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَقَالَ صَوَابًا ۟

যিদিনাখন জিব্ৰাইল আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হব, সিদিনাখন আল্লাহ তাআলা যাক চুপাৰিশৰ কাৰণে অনুমতি দিব তাৰ বাহিৰে কোনেও চুপাৰিশৰ কাৰণে মুখ খুলিব নোৱাৰিব। আৰু তেওঁলোকে সঠিক কথাই কব যেনে, কলিমা তৌহিদ আদি। info
التفاسير:

external-link copy
39 : 78

ذٰلِكَ الْیَوْمُ الْحَقُّ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ مَاٰبًا ۟

তোমালোকৰ আগত যি দিনৰ কথা বৰ্ণনা কৰা হৈছে সেয়া সেই দিন যাৰ অৱস্থিতিত কোনো সন্দেহ নাই। গতিকে যিয়ে সেই দিনত আল্লাহৰ শাস্তিৰ পৰা মুক্তি পাব বিচাৰে সি যেন আল্লাহক সন্তুষ্ট কৰা সত্কৰ্মৰ পথ বিচাৰি লয়। info
التفاسير:

external-link copy
40 : 78

اِنَّاۤ اَنْذَرْنٰكُمْ عَذَابًا قَرِیْبًا ۖۚ۬— یَّوْمَ یَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ یَدٰهُ وَیَقُوْلُ الْكٰفِرُ یٰلَیْتَنِیْ كُنْتُ تُرٰبًا ۟۠

(হে মানৱ) আমি তোমালোকক এনেকুৱা শাস্তিৰ পৰা সাৱধান কৰি দিছো যিটো অতি নিকটৱৰ্তী। যিদিনাখন মানুহে পৃথিৱীত কৰা কৰ্মবোৰ দেখা পাব আৰু কাফিৰে শাস্তিৰ পৰা মুক্তি পোৱাৰ কামনা কৰি কব – মই যদি জীৱ-জন্তুৰ দৰে মাটি হৈ গলোহেঁতেন! এই কথা সেই সময়ত কব যেতিয়া ক্বিয়ামতৰ দিনা জীৱ-জন্তুক কোৱা হবঃ তোমালোকে মাটি হৈ যোৱা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التقوى سبب دخول الجنة.
তাক্বৱা বা আল্লাহ ভীতি হৈছে জান্নাত প্ৰাপ্তিৰ অন্যতম কাৰণ। info

• تذكر أهوال القيامة دافع للعمل الصالح.
ক্বিয়ামতৰ ভয়াৱহ দৃশ্যবোৰৰ স্মৰণে সৎ কৰ্ম কৰাত প্ৰেৰণা যোগায়। info

• قبض روح الكافر بشدّة وعنف، وقبض روح المؤمن برفق ولين.
কাফিৰ সকলৰ প্ৰাণ কঠোৰ ভাৱে আৰু মুমিন সকলৰ প্ৰাণ সহজ ভাৱে কবজ কৰা হয়। info