የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

የገፅ ቁጥር:close

external-link copy
41 : 70

عَلٰۤی اَنْ نُّبَدِّلَ خَیْرًا مِّنْهُمْ ۙ— وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ۟

কথা হল, সিহঁতক ধংস কৰি সিহঁতৰ পৰিৱৰ্তে এনেকুৱা মানুহক আনিব যিসকলে আল্লাহৰ আনুগত্য কৰিব। আৰু যেতিয়া ইচ্ছা কৰিম ধংস কৰি দিম আৰু ইহঁতৰ পৰিৱৰ্তে অন্য লোকক আনিম। এই বিষয়ে আমি অক্ষম নহয়। info
التفاسير:

external-link copy
42 : 70

فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ۟ۙ

গতিকে হে ৰাছুল, আপুনি সিহঁতক এৰি দিয়ক, সিহঁতে ক্বিয়ামতলৈকে অসত্য আৰু পথভ্ৰষ্টতাত লিপ্ত হৈ থাকক আৰু সাংসাৰিক জীৱনত খেলি থাকক। যাৰ প্ৰতিশ্ৰুতি সিহঁতক কোৰআনত দিয়া হৈছিল। info
التفاسير:

external-link copy
43 : 70

یَوْمَ یَخْرُجُوْنَ مِنَ الْاَجْدَاثِ سِرَاعًا كَاَنَّهُمْ اِلٰی نُصُبٍ یُّوْفِضُوْنَ ۟ۙ

যিদিনাখন সিহঁতে কবৰৰ পৰা এনেদৰে তীব্ৰ গতিত দৌৰি ওলাব যেন পৰস্পৰে দৌৰ প্ৰতিযোগীতা কৰি আছে। info
التفاسير:

external-link copy
44 : 70

خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ— ذٰلِكَ الْیَوْمُ الَّذِیْ كَانُوْا یُوْعَدُوْنَ ۟۠

সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব। লজ্জাই সিহঁতক আৱৰি ধৰিব। এইটো সেই দিন যাৰ কথা সিহঁতক পৃথিৱীত দিয়া হৈছিল আৰু সিহঁতে তাৰ প্ৰতি অলপো ধ্যান দিয়া নাছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطر الغفلة عن الآخرة.
পৰকাল সম্পৰ্কে অৱহেলাৰ ক্ষতি। info

• عبادة الله وتقواه سبب لغفران الذنوب.
আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ। info

• الاستمرار في الدعوة وتنويع أساليبها حق واجب على الدعاة.
আল্লাহৰ ফালে আহ্বানকাৰী সকলৰ বাবে জৰুৰী যে, নিজৰ কামৰ ধাৰাবাহিকতা বজাই ৰখা আৰু তাৰ বাবে বেলেগ বেলেগ কৌশল অৱলম্বন কৰা। info