የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
160 : 7

وَقَطَّعْنٰهُمُ اثْنَتَیْ عَشْرَةَ اَسْبَاطًا اُمَمًا ؕ— وَاَوْحَیْنَاۤ اِلٰی مُوْسٰۤی اِذِ اسْتَسْقٰىهُ قَوْمُهٗۤ اَنِ اضْرِبْ بِّعَصَاكَ الْحَجَرَ ۚ— فَانْۢبَجَسَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَیْنًا ؕ— قَدْ عَلِمَ كُلُّ اُنَاسٍ مَّشْرَبَهُمْ ؕ— وَظَلَّلْنَا عَلَیْهِمُ الْغَمَامَ وَاَنْزَلْنَا عَلَیْهِمُ الْمَنَّ وَالسَّلْوٰی ؕ— كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ ؕ— وَمَا ظَلَمُوْنَا وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟

আমি বনী ইছৰাঈলক বাৰটা গোত্ৰত বিভক্ত কৰিছিলো। আৰু মূছাৰ প্ৰতি অহী প্ৰেৰণ কৰিলো যেতিয়া তেওঁৰ সম্প্ৰদায়ে তেওঁৰ ওচৰত পানী বিচাৰি আবেদন কৰিলে। হে মূছা! তোমাৰ লাঠিৰে এই শিলডোখৰক আঘাত কৰা। এতেকে তেওঁ শিলত আঘাত কৰিলে আৰু তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা পানী নিজৰা প্ৰবাহিত হ'ল, তথা প্ৰত্যেক গোত্ৰই নিজ নিজ নিজৰা চমজি ললে, কিয়নো তাৰ পৰা আন কোনো গোত্ৰই পানী পান কৰিব নোৱাৰে। আমি সিহঁতৰ ওপৰত মেঘৰ ছাঁ কৰি দিছিলো, সিহঁতৰ গতিৰ লগত মেঘেও গতি কৰিছিল আৰু সিহঁতে থিয় দিলে মেঘেও থমকি ৰৈছিল। আৰু আমি আমাৰ অনুগ্ৰহ সিহঁতৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যেনে- মৌৰ দৰে মিঠা পানীয় আৰু সু-সোৱাদ বিশিষ্ট কোয়েল চৰাইৰ দৰে সৰু চৰাই। আমি সিহঁতক কৈছিলোঃ আমি প্ৰদান কৰা পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা। সিহঁতৰ অবাধ্যতা তথা অকৃতজ্ঞতাৰ পিছতো আমি সিহঁতৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা নাছিলো। কিন্তু সিহঁতে অবাধ্যতা কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰি আছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجحود والكفران سبب في الحرمان من النعم.
অহংকাৰ তথা অকৃতজ্ঞতা হৈছে অনুগ্ৰহৰ পৰা বঞ্চিতৰ কাৰণ। info

• من أسباب حلول العقاب ونزول العذاب التحايل على الشرع؛ لأنه ظلم وتجاوز لحدود الله.
শাস্তি অহাৰ কাৰণসমূহৰ অন্যতম এটা কাৰণ হৈছে চৰীয়তি বিধানত বাহানা কৰা। কিয়নো এয়া হৈছে অন্যায় আৰু আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰ উলংঘন। info