የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
6 : 66

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا قُوْۤا اَنْفُسَكُمْ وَاَهْلِیْكُمْ نَارًا وَّقُوْدُهَا النَّاسُ وَالْحِجَارَةُ عَلَیْهَا مَلٰٓىِٕكَةٌ غِلَاظٌ شِدَادٌ لَّا یَعْصُوْنَ اللّٰهَ مَاۤ اَمَرَهُمْ وَیَفْعَلُوْنَ مَا یُؤْمَرُوْنَ ۟

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! নিজকে তথা নিজৰ পৰিয়ালক সেই ভয়াৱহ অগ্নিৰ পৰা বচোৱাৰ প্ৰস্তুতি লোৱা, যিটোক মানুহ আৰু শিলৰ জৰিয়তে উত্তপ্ত কৰা হ'ব। এই অগ্নিৰ বাবে এনেকুৱা ফিৰিস্তা নিযুক্ত থাকিব, যিসকল ইয়াত প্ৰৱেশকাৰীসকলৰ বাবে নিষ্ঠুৰ আৰু ৰূঢ় স্বভাৱৰ হ'ব। আল্লাহে যেতিয়া তেওঁলোকক কোনো আদেশ কৰিব, তেওঁলোকে সেই আদেশ কেতিয়াও অমান্য নকৰে। আৰু কোনো ধৰণৰ পলম নকৰাকৈ সেই আদেশ পালন কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية الكَفَّارة عن اليمين.
শপত ভঙ্গৰ কাফফাৰা দিয়াৰ প্ৰমাণ। info

• بيان منزلة النبي صلى الله عليه وسلم عند ربه ودفاعه عنه.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদা আৰু আল্লাহৰ ফালৰ পৰা তেখেতক ৰক্ষা কৰাৰ বৰ্ণনা। info

• من كرم المصطفى صلى الله عليه وسلم مع زوجاته أنه كان لا يستقصي في العتاب فكان يعرض عن بعض الأخطاء إبقاءً للمودة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ স্ত্ৰীসকলৰ প্ৰত্যেক ভুলৰ বাবে ভৰ্ৎসনা কৰা নাছিল, বৰং কিছুমান ভুলক আওকাণ কৰিছিল, যাতে পৰস্পৰ প্ৰেম ভাৱ অব্যাহত থাকে। info

• مسؤولية المؤمن عن نفسه وعن أهله.
মুমিন ব্যক্তি তেওঁৰ নিজৰ আৰু পৰিয়ালৰ দায়িত্বশীল। info