የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
7 : 65

لِیُنْفِقْ ذُوْ سَعَةٍ مِّنْ سَعَتِهٖ ؕ— وَمَنْ قُدِرَ عَلَیْهِ رِزْقُهٗ فَلْیُنْفِقْ مِمَّاۤ اٰتٰىهُ اللّٰهُ ؕ— لَا یُكَلِّفُ اللّٰهُ نَفْسًا اِلَّا مَاۤ اٰتٰىهَا ؕ— سَیَجْعَلُ اللّٰهُ بَعْدَ عُسْرٍ یُّسْرًا ۟۠

আল্লাহে যাক সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰিছে, সি নিজৰ সামৰ্থ অনুযায়ী তাৰ তালাক দিয়া স্ত্ৰী আৰু সন্তানৰ ওপৰত ব্যয় কৰা উচিত। আৰু যাক সম্পদৰ ক্ষেত্ৰত সংকীৰ্ণতা প্ৰদান কৰিছে সিও নিজৰ সামৰ্থ অনুযায়ী তাৰ পৰা ব্যয় কৰা উচিত। আল্লাহে কাকো তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। সাধ্যতকৈ অধিক ভাৰ কেতিয়াও অৰ্পন নকৰে। যিটো সি নোৱাৰিব সেইটোও প্ৰদান নকৰে। অনতিপলমে আল্লাহে তাক সংকীৰ্ণতাৰ পিছত প্ৰশস্ততা আৰু প্ৰাচুৰ্যতা প্ৰদান কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عدم وجوب الإرضاع على الحامل إذا طلقت.
গৰ্ভৱতী মহিলাক তালাক প্ৰদান কৰিলে, তাইৰ বাবে শিশুক দুগ্ধ পান কৰোৱা বাধ্যতামূলক নহয়। info

• التكليف لا يكون إلا بالمستطاع.
দায়িত্ব কেৱল সেইটোৱে দিব পৰা যায়, যিটো কৰাৰ ক্ষমতা তাৰ আছে। info

• الإيمان بقدرة الله وإحاطة علمه بكل شيء سبب للرضا وسكينة القلب.
আল্লাহৰ পূৰ্ণক্ষমতা আৰু তেওঁৰ অসীম জ্ঞানৰ প্ৰতি ঈমান পোষণে মানুহক সন্তুষ্টি আৰু আন্তৰিক প্ৰশান্তি প্ৰদান কৰে। info