የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
10 : 62

فَاِذَا قُضِیَتِ الصَّلٰوةُ فَانْتَشِرُوْا فِی الْاَرْضِ وَابْتَغُوْا مِنْ فَضْلِ اللّٰهِ وَاذْكُرُوا اللّٰهَ كَثِیْرًا لَّعَلَّكُمْ تُفْلِحُوْنَ ۟

তাৰ পিছত যেতিয়া তোমালোকে জুমআৰ ছালাত আদায় কৰি লোৱা, তেতিয়া তোমালোকে হালাল জীৱিকাৰ অনুসন্ধানত আৰু নিজৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে পৃথিৱীত প্ৰসাৰিত হোৱা। আৰু হালাল উপাৰ্জন তথা বৈধ লাভৰ জৰিয়তে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা। জীৱিকা উপাৰ্জনৰ সময়তো আল্লাহক বেছি বেছি স্মৰণ কৰিবা। লগতে ধ্যান ৰাখিবা জীৱিকাৰ অনুসন্ধানে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী কৰিব নোৱাৰে। যাতে তোমালোকে সেই বস্তু লাভ কৰিবলৈ সফল হ'ব পাৰা যিটো তোমালোকে ভাল পোৱা আৰু সেই বস্তুৰ পৰা মুক্তি পাব পাৰা যিটোক তোমালোকে ভয় কৰা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب السعي إلى الجمعة بعد النداء وحرمة ما سواه من الدنيا إلا لعذر.
আজানৰ পিছত জুমআৰ ছালাতৰ বাবে ওলাই যোৱা বাঞ্চনীয়। কোনো উচিত কাৰণ নোহোৱাকৈ আজানৰ পিছত অইন কোনো কাম কৰা হাৰাম। info

• تخصيص سورة للمنافقين فيه تنبيه على خطورتهم وخفاء أمرهم.
মুনাফিক সম্পৰ্কে এটি পৰিপূৰ্ণ ছুৰা অৱতীৰ্ণ হোৱাটো এই কথা প্ৰমাণ কৰে যে, সিহঁতৰ অনিষ্টতাৰ পৰা সাৱধান থকা উচিত, লগতে সিহঁতৰ বিষয়টো গোপনীয়। info

• العبرة بصلاح الباطن لا بجمال الظاهر ولا حسن المنطق.
ইছলামৰ উদ্দেশ্য হৈছে অন্তৰাত্মাক সংশোধন কৰা। বাহ্যিক সৌন্দৰ্য চৰ্চা তথা আকৰ্ষণীয় কথাৰে মোহিত কৰা নহয়। info