የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
5 : 61

وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ لِمَ تُؤْذُوْنَنِیْ وَقَدْ تَّعْلَمُوْنَ اَنِّیْ رَسُوْلُ اللّٰهِ اِلَیْكُمْ ؕ— فَلَمَّا زَاغُوْۤا اَزَاغَ اللّٰهُ قُلُوْبَهُمْ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟

আৰু হে ৰাছুল! আপুনি সেই সময়ক স্মৰণ কৰক, যেতিয়া মূছা আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে মোৰ আদেশ উলংঘা কৰি মোক কষ্ট দিয়া কিয়, অথচ তোমালোকে জানা যে, মই তোমালোকৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল? এতেকে যেতিয়া সিহঁতে সেই সত্যৰ পৰা আঁতৰি গল, যিটো মুছা আলাইহিছ ছালামে সিহঁতৰ ওচৰলৈ আনিছিল। তেতিয়া আল্লাহে সিহঁতৰ অন্তৰক সত্য আৰু ইছলামৰ প্ৰতি অটুট থাকিবলৈ তাওফীক প্ৰাপ্তিৰ পৰা দূৰ কৰি দিলে। (এতেকে জানি থোৱা) আল্লাহে সেইসকল লোকক সত্যৰ তাওফীক নিদিয়ে, যিসকলে তেওঁৰ আনুগত্যৰ পৰা আঁতৰি যায়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية مبايعة ولي الأمر على السمع والطاعة والتقوى.
শাসকসকলৰ হাতত, তেওঁলোকৰ কথা শুনা, মানা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰাৰ প্ৰতিজ্ঞা কৰা বা বাইআত কৰা বৈধ। info

• وجوب الصدق في الأفعال ومطابقتها للأقوال.
কৰ্মত সত্যতা থকা অৰ্থাৎ কথাৰ লগত কামৰ মিল থকাটো জৰুৰী। info

• بيَّن الله للعبد طريق الخير والشر، فإذا اختار العبد الزيغ والضلال ولم يتب فإن الله يعاقبه بزيادة زيغه وضلاله.
আল্লাহে বান্দাসকলৰ বাবে ভাল-বেয়া উভয় পথ বৰ্ণনা কৰি দিছে। এতেকে এতিয়া যদি বান্দাই নিজৰ বাবে পথভ্ৰষ্টতাক বাচি লয় আৰু তাওবা নকৰে তেন্তে আল্লাহে শাস্তিস্বৰূপে তাৰ পথভ্ৰষ্টতা তথা বক্ৰতা আৰু বৃদ্ধি কৰি দিয়ে। info