የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
83 : 6

وَتِلْكَ حُجَّتُنَاۤ اٰتَیْنٰهَاۤ اِبْرٰهِیْمَ عَلٰی قَوْمِهٖ ؕ— نَرْفَعُ دَرَجٰتٍ مَّنْ نَّشَآءُ ؕ— اِنَّ رَبَّكَ حَكِیْمٌ عَلِیْمٌ ۟

যি প্ৰমাণৰ দ্বাৰা ইব্ৰাহীমে তেওঁৰ সম্প্ৰদায়ক পৰাজিত কৰিছিল আনকি সিহঁতৰ ওচৰত কোনো প্ৰমাণেই নাছিল, সেই প্ৰমাণটো হৈছে আল্লাহৰ এই বাণীঃ (নিৰাপত্তাৰ ক্ষেত্ৰত কোনোটো দল অধিক সবল)। যিটো আমি তেওঁক তেওঁৰ সম্প্ৰদায়ৰ লগত তৰ্ক কৰাৰ বাবে প্ৰদান কৰিছিলো। পৃথিৱী আৰু আখিৰাতত আমি আমাৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰো উচ্চ মৰ্যদা প্ৰদান কৰো। হে ৰাছুল! আপোনাৰ প্ৰতিপালক সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান তথা বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من فضائل التوحيد أنه يضمن الأمن للعبد، خاصة في الآخرة حين يفزع الناس.
তাওহীদৰ এটা অন্যতম বৈশিষ্ট্য এই যে, তাওহীদে মানুহক নিৰাপত্তাৰ গেৰান্টী দিয়ে, বিশেষকৈ আখিৰাতত, যেতিয়া সকলোৱে ভীত-সন্ত্ৰস্ত হৈ থাকিব। info

• تُقَرِّر الآيات أن جميع من سبق من الأنبياء إنما بَلَّغوا دعوتهم بتوفيق الله تعالى لا بقدرتهم.
এই আয়াতসমূহৰ দ্বাৰা প্ৰমাণিত হয় যে, পূৰ্বৱৰ্তী নবী সকলে তেওঁলোকৰ দাৱাত কেৱল আল্লাহৰ তাওফীকতহে পৌঁচাবলৈ সক্ষম হৈছিল, নিজৰ সামৰ্থত নহয়। info

• الأنبياء يشتركون جميعًا في الدعوة إلى توحيد الله تعالى مع اختلاف بينهم في تفاصيل التشريع.
নবীসকলৰ চৰীয়তৰ পদ্ধতি যদিও বেলেগ বেলেগ আছিল কিন্তু তেওঁলোক সকলোৱে এক আল্লাহৰ তাওহীদৰ পিনেই মানুহক আহ্বান কৰিছিল। info

• الاقتداء بالأنبياء سنة محمودة، وخاصة في أصول التوحيد.
নবীসকলৰ অনুসৰণ এক প্ৰশংসনীয় বৈশিষ্ট্য, বিশেষকৈ তাওহীদৰ মৌলিক বিষয়বোৰত। info