የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
133 : 6

وَرَبُّكَ الْغَنِیُّ ذُو الرَّحْمَةِ ؕ— اِنْ یَّشَاْ یُذْهِبْكُمْ وَیَسْتَخْلِفْ مِنْ بَعْدِكُمْ مَّا یَشَآءُ كَمَاۤ اَنْشَاَكُمْ مِّنْ ذُرِّیَّةِ قَوْمٍ اٰخَرِیْنَ ۟ؕ

হে ৰাছুল! আপোনাৰ প্ৰতিপালক বান্দাসকলৰ পৰা অমুখাপেক্ষী, সিহঁতৰ পৰা তেওঁৰ একোৱেই পাবলগীয়া নাই, সিহঁতৰ ইবাদতৰো প্ৰয়োজন নাই আৰু সিহঁতৰ অস্বীকাৰেও তেওঁক একো ক্ষতি কৰিব নোৱাৰে। তেওঁ অমুখাপেক্ষী হোৱাৰ পিছতো তেওঁ সিহঁতৰ প্ৰতি দয়াশীল। হে অবাধ্য আৰু পাপিষ্ঠ বান্দাসকল! যদি তেওঁ তোমালোকক বিনাশ কৰিব বিচাৰে তেন্তে শাস্তি প্ৰেৰণ কৰি তোমালোকক নিৰ্মূল কৰিব পাৰে আৰু তোমালোকক ধ্বংস কৰাৰ পিছত, নিজ ইচ্ছানুসাৰে এনেকুৱা লোকক সৃষ্টি কৰিব পাৰে যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰিব আৰু তেওঁৰ আনুগত্য কৰিব। ঠিক সেইদৰেই যিদৰে তোমালোকক তোমালোকৰ পূৰ্বৱৰ্তী বংশৰ পৰা সৃষ্টি কৰিছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تفاوت مراتب الخلق في أعمال المعاصي والطاعات يوجب تفاوت مراتبهم في درجات العقاب والثواب.
যিদৰে গুনাহ আৰু নেকীৰ ক্ষেত্ৰত মানুহৰ বেলেগ বেলেগ শ্ৰেণী থাকে, ঠিক সেইদৰে শাস্তি আৰু ছোৱাবৰ ক্ষেত্ৰতো বেলেগ বেলেগ শ্ৰেণী হ'ব। info

• اتباع الشيطان موجب لانحراف الفطرة حتى تصل لاستحسان القبيح مثل قتل الأولاد ومساواة أصنامهم بالله سبحانه وتعالى.
চয়তানৰ অনুসৰণৰ ফলত মানুহৰ স্বভাৱ বিকৃত হয়। অৱশেষত বেয়া বস্তুও তাৰ দৃষ্টিত ভাল দেখা পোৱা যায়, যেনে সন্তান হত্যা কৰা আৰু মূৰ্তিবিলাকক আল্লাহৰ সমকক্ষ স্থিৰ কৰা। info