የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
124 : 6

وَاِذَا جَآءَتْهُمْ اٰیَةٌ قَالُوْا لَنْ نُّؤْمِنَ حَتّٰی نُؤْتٰی مِثْلَ مَاۤ اُوْتِیَ رُسُلُ اللّٰهِ ؔۘؕ— اَللّٰهُ اَعْلَمُ حَیْثُ یَجْعَلُ رِسَالَتَهٗ ؕ— سَیُصِیْبُ الَّذِیْنَ اَجْرَمُوْا صَغَارٌ عِنْدَ اللّٰهِ وَعَذَابٌ شَدِیْدٌۢ بِمَا كَانُوْا یَمْكُرُوْنَ ۟

যেতিয়া কাফিৰসকলৰ নেতাৰ ওচৰত আল্লাহৰ দ্বাৰা নবীৰ ওপৰত অৱতীৰ্ণ কোনো নিদৰ্শন আহে, তেতিয়া সিহঁতে কয়ঃ আমি কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰো, যেতিয়া লৈকে আমাকো নবীসকলৰ দৰে ৰিছালত তথা নবুওৱত প্ৰদান কৰা নহ'ব। আল্লাহে সিহঁতৰ এই কথাৰ প্ৰত্যুত্তৰ প্ৰদান কৰি কৈছে যে, তেৱেঁই ভালদৰে জানে কোন ৰিছালত পোৱাৰ যোগ্য আৰু কোনে এই দায়িত্ব পালন কৰিব পাৰিব, সেই ব্যক্তিকেই তেওঁ নুবুওৱত আৰু ৰিছালত প্ৰদান কৰে। নিশ্চয় এইসকল পাপিষ্ঠই অহংকাৰবশতঃ সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে লগতে অপমান তথা চক্ৰান্ত কৰাৰ কাৰণে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الأصل في الأشياء والأطعمة الإباحة، وأنه إذا لم يرد الشرع بتحريم شيء منها فإنه باق على الإباحة.
খাদ্য দ্ৰৱ্য আৰু সাধাৰণ বস্তুবোৰ মূলতে হৈছে হালাল। যেতিয়া লৈকে চৰীয়তে কোনো বস্তুক হাৰাম বুলি চিহ্নিত নকৰে, তেতিয়া লৈকে সেইটো হালাল বুলিয়ে গণ্য হ'ব। info

• كل من تكلم في الدين بما لا يعلمه، أو دعا الناس إلى شيء لا يعلم أنه حق أو باطل، فهو معتدٍ ظالم لنفسه وللناس، وكذلك كل من أفتى وليس هو بكفء للإفتاء.
প্ৰত্যেক সেই ব্যক্তি, যিয়ে দ্বীন সম্পৰ্কে তথ্য নোহোৱাকৈ কথা কয় অথবা মানুহক এনেকুৱা বিষয়ৰ প্ৰতি আহ্বান কৰে যি বিষয়ে সি নাজানে যে, সেইটো সত্য নে অসত্য, তেনেকুৱা ব্যক্তি সীমালংঘনকাৰী তথা নিজৰ ওপৰত আৰু আনৰ ওপৰত অন্যায়কাৰী। এইটোৱে প্ৰত্যেক সেই ব্যক্তিৰ অৱস্থা, যিয়ে ফতোৱা দিয়ে কিন্তু সি ফতোৱা দিয়াৰ যোগ্য নহয়। info

• منفعة المؤمن ليست مقتصرة على نفسه، بل مُتَعدِّية لغيره من الناس.
মুমিনৰ স্বাৰ্থকতা কেৱল নিজৰ ওপৰতে সীমিত নহয়, বৰং নিজৰ লগতে আনৰ বাবেও। info