የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
21 : 57

سَابِقُوْۤا اِلٰی مَغْفِرَةٍ مِّنْ رَّبِّكُمْ وَجَنَّةٍ عَرْضُهَا كَعَرْضِ السَّمَآءِ وَالْاَرْضِ ۙ— اُعِدَّتْ لِلَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَرُسُلِهٖ ؕ— ذٰلِكَ فَضْلُ اللّٰهِ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟

তোমালোকে সেইসমূহ নেক আমলৰ ফালে ধাৱিত হোৱা, যাৰ দ্বাৰা তোমালোকে নিজৰ গুনাহৰ ক্ষমা লাভ কৰিবলৈ সক্ষম হ’বা। তথা তাওবাসহ অন্যান্য নৈকট্য বিষয়াদিৰ প্ৰতি অগ্ৰসৰ হোৱা। যাতে এইবোৰৰ মাধ্যমত সেই জান্নাত লাভ কৰিবলৈ সক্ষম হোৱা, যাৰ প্ৰশস্ততা হৈছে আকাশ আৰু পৃথিৱীৰ সমান। এই জান্নাত আল্লাহে সেইসকল লোকৰ বাবে প্ৰস্তুত কৰিছে, যিসকলে তেওঁৰ ওপৰত আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনিছে। এতেকে এই প্ৰতিদান হৈছে আল্লাহৰ অনুগ্ৰহ মাত্র। তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক সেয়া দান কৰে। মহান আল্লাহ তেওঁৰ মু’মিন বান্দাসকলৰ প্ৰতি মহা অনুগ্ৰহশীল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الزهد في الدنيا وما فيها من شهوات، والترغيب في الآخرة وما فيها من نعيم دائم يُعينان على سلوك الصراط المستقيم.
পৃথিৱী আৰু ইয়াৰ মাজত থকা প্ৰলোভনীয় বস্তুৰ পৰা বিৰাগী হৈ আখিৰাত আৰু তাত থকা স্থায়ী নিআমতৰ প্ৰতি অনুৰাগী হ’লে সৰল পথ অনুসৰণত সহায়ক হয়। info

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য। info

• من فوائد الإيمان بالقدر عدم الحزن على ما فات من حظوظ الدنيا.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাৰ অন্যতম এটা উপকাৰ হৈছে এই যে, পাৰ্থিৱ জীৱনৰ কোনো সুবিধা লাভ কৰিব নোৱাৰিলে চিন্তাই গা কৰি নলয়। info

• البخل والأمر به خصلتان ذميمتان لا يتصف بهما المؤمن.
কৃপণালী কৰা আৰু এই বিষয়ে মানুহক নির্দেশ প্ৰদান কৰা, দুয়োটাই নিন্দনীয় স্বভাৱ। এই দুয়োটা স্বভাৱ কেতিয়াও মুমিনৰ হ’ব নোৱাৰে। info